৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি

লেখকঃ বৰ্ণালী বড়া • প্ৰকাশিতঃ ২৭ জুলাই, ২০২২
২ মিনিট পঠন • ২১২৬ বাৰ পঢ়া হৈছে

 (গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি)

 বৰ্ণালী বড়া

ছিগি যোৱা চেতাৰৰ তাঁৰ

বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা

ৰেপি ৰেপি ৰাতিৰ নিৰ্লিপ্তি

সেই সুৰ নে সুৰহীনতাত জী উঠে শেষ ভাবনা

নিদ্ৰামগ্ন চকুৰ ভাষাত হেৰায় অনিদ্ৰাৰ পৃথিৱী

সাঁচি ৰখা অতবোৰ সাধু তোমাৰ বাবেই আছিল

কি আছিল কি আছিল আৰু

অৱচেতন শূন্যতা আৰু শায়িত মুদ্ৰাৰ একাকিত্ব

ক’ৰবাত একেইনে

সমগ্ৰ ৰিক্ততা সামৰি একেইনে এজাক পখিলা

ভাৱলেশহীন দুচকু

কোনখিনিত বিচ্ছিন্ন বাস্তৱ আৰু ভ্ৰমৰ সূত্ৰ

আৰু প্ৰেম?

বুকুৰ এঠাইত সকলো আওকাণ কৰি আমি জানো সাজি থকা নাই ইচ্ছাৰ বালিঘৰ

যাতনাৰ জোৱাৰ তুলি বাৰে বাৰে আছাৰি থকা ঢৌ-ধ্বনি

বাৰে বাৰে মচি পেলোৱা পানী-মায়া

ঢৌ পানী

পানী ঢৌ

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি...

আশ্ৰয়ৰ নে সংশয়ৰ সহস্ৰ ফণাই ছিনি ধৰা এই নিৰ্জন বেলা

নিভৃতিত অযৌন চেতনাৰ হিচহিচনি

মোৰ সমগ্ৰ সত্তাক মেৰিয়াই যি চাই থাকে চাই থাকে সেই কথকক

বুকুৰ শূন্যতাৰে যি শব্দ সাজে

কল্পকথাৰ আঁৰৰ এখন নিদ্ৰাহীন পৃথিৱীৰ

ঠিকনা :

সেউজপুৰ, জয়ানগৰ

দুলীয়াজান - ৭৮৬ ৬০২

ডিব্ৰুগড়, অসম

ভ্ৰাম্যভাষ - ৯৯৫৪৬ ৮৪৭৮৭

ব
লেখকৰ পৰিচয়

বৰ্ণালী বড়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)