৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বানানৰ পদ্য

লেখকঃ অনসূয়া বৰঠাকুৰ • প্ৰকাশিতঃ ১৬ জুলাই, ২০২২
২ মিনিট পঠন • ২২৮৪ বাৰ পঢ়া হৈছে

অনসূয়া বৰঠাকুৰ


ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি

          বানানৰ কিছু কথা,

 ভুলকৈ লিখা বানানে যে কিমান

          লগাব পাৰে লেঠা।

সেইবাবে ভাষাটো শিকোঁতে

       শুদ্ধকৈ শিকিবা বানান,

পাঠ্যপুথিৰ লগতে কাকতো চাবা,

      কিতাপো পঢ়িবা নানান।

‘ভুল’ মানে অশুদ্ধ, দোষ, ত্ৰুটি

    মোহিত হোৱাক কয় ‘ভোল’,

‘মূল’ মানে আদি, আৰম্ভণি

     গুৰুত্ব বুজাক বোলে ‘মোল’।

 ‘জুল’ হৈছে শক্তিৰ একক,

     আঞ্জাখনক কয় জোল,

‘উল’ মানে চুৱেটাৰ গোঁঠা সূতা

     কবি আৰু কচুটো -‘ওল’।

‘চুৰ’ মানে হৈছে চুৰি কৰা কাৰ্য,

       চুৰ কৰাজন হ’ব ‘চোৰ’,

‘মূৰ’ মানে শিৰ, বস্তুৰ ওপৰভাগ

      নিজৰটোক কয় ‘মোৰ’।

‘গুৰ’ হৈছে পগোৱা কুঁহিয়াৰৰ ৰস,

     ভৰিৰে কৰা আঘাত-’গোৰ’,

‘ঘূৰ’ মানে ওভতা, পাক লোৱা

      তীব্ৰ বুজালে হ’ব ‘ঘোৰ’।

‘জুৰ’ মানে হৈছে চেঁচা, শীতল

    বল বা শক্তিক কয় ‘জোৰ’,

‘উৰ’ মানে শূন্যত চলি ফুৰা

   ‍ শেষ বা অন্তক বোলে ‘ওৰ’।

উচ্চাৰণৰ বাবেই ভুল হয় জানা

       এনেকুৱা বানানবোৰ,

সেয়ে শুদ্ধ উচ্চাৰণত গুৰুত্ব দিবা,

       ব্যকৰণতো দিবা জোৰ।

আজিলৈ ইমানতে সামৰিছোঁ দেই

        বাকীখিনি ক’ম পাছত,

তোমালোকে কিন্তু সোঁৱৰাই দিবা

      যদি পাহৰোঁ কথাৰ লাচত॥

 

       ঠিকনা :

       জ’ৰথাং, দক্ষিণ ছিকিম

 


অ
লেখকৰ পৰিচয়

অনসূয়া বৰঠাকুৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)