৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আলসুৱা পখিলা

লেখকঃ পূৰৱী তালুকদাৰ • প্ৰকাশিতঃ ১৬ জুলাই, ২০২২
২ মিনিট পঠন • ২১৯৬ বাৰ পঢ়া হৈছে

পূৰৱী তালুকদাৰ


 ক’লা বগা হালধীয়া

             ৰং-বিৰঙৰ পখিলা,

ধুনীয়া পাখি দুখনি সেয়া

             সৰু ফুটফুটীয়া ।


উলাহেৰে উৰি আহে

       লাহি পাখি মেলি,

ফুলৰ মৌ চুহি খায়

            ফুলে ফুলে বহি ।

পখিলা ধৰিবলৈ মন

              আমাৰ মইনাহঁতৰ,

সিহঁত কিন্তু উৰি যায়

              পালেগৈ ওচৰ।

তাকে দেখি আইতাকে

       ক'লে অতি মৰমেৰে,

ভাল ল'ৰাই কাহানিও

       কাকো আমনি নকৰে। 

নধৰিবা পখিলাবোৰ

          সিহঁতক উৰিবলৈ দিয়াঁ,

টানকৈ ধৰিলে ছিগিব পাৰে 

          পাখি দুখনি আলসুৱা।

উৰণীয়া প্ৰাণী সিটি

             উৰিয়েই ভাল পায়,

বৰ কষ্ট পাব  যদি

         বান্ধি থয় কোনোবাই।

মইনাহঁত দূৰলৈ গ'ল

       আইতাকৰ কথা বুজি,

এটি দুটিকৈ পখিলা

         পৰিল ফুলবোৰত আহি।

 

ঠিকনা :

বি-১১৫, সন্বি সঙ্কল্পম

নাগোন্দানাহালি

হোৱাইটফেড

বাঙ্গালোৰ, কৰ্নাটক-৫৬০০৬৭

ম’বাইল : ৮৯৫১৮১৯২৬৭

 

 


প
লেখকৰ পৰিচয়

পূৰৱী তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)