৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হাত

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৯ জুন, ২০২২
২ মিনিট পঠন • ১৯৪৪ বাৰ পঢ়া হৈছে

পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে

 আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল

এদিন হাতখন নোহোৱা হ'ল

একো উৱাদিহ নাই...

আৰু এদিন টি. ভি.-ত দেখি আচৰিত

পানীত থকা হাতখন দেখোন পাৰত

পাথৰ দলিয়াই আছে আইনাৰ ঘৰবোৰলৈ

কি অব্যৰ্থ নিচান...

ৰাতি ৰাতি ট্ৰাকবোৰ যায়

আন্ধাৰ বুকু চিৰাচিৰ কৰি উটি আহে

চিকচিকীয়া তীক্ষ্ণ কিৰিলি...

কিৰিলিৰ পম খেদি   

শত্ৰুক হানিবলৈ হাতখনে যত কৌশল শিকিছিল

সকলো প্ৰয়োগ কৰিছে হাবিখনত....

চাৰিওফালে শলখ, পলাশ, তিতাচঁপাৰ তেজ...

তেতিয়াও জী থকা

ন-গাভৰু পলাশ এজোপাক দেখি মই হেৰুৱাই পেলালোঁ ভৰিৰ তলৰ মাটি...

যেতিয়াই ভোমোৰাটো উৰি যায় তেতিয়াই তাই

যোনীয়েদি সুমুয়াই দিয়ে এডাল বিহলতা

তাই শেষজোপা গছ হ'ব বিচাৰে

ঠিকনা :

দগাঁও নলনি খাত

ডাক : গৰখীয়া দ"ল

যোৰহাট - ৭৮৫০১৫

ভ্ৰাম্যভাষ - ৯৩৬৫৪৫৭৭৫১

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)