৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

লেখকঃ জোনমণি দাস • প্ৰকাশিতঃ ২৫ মে’, ২০২২
১ মিনিট পঠন • ৪১৮৮ বাৰ পঢ়া হৈছে

 

দুপৰীয়াটোৰ ডেউকা গজিলত

মই পানীৰ পোছাকযোৰ খুলি থ'লোঁ

আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ

বসন্তক

 

শিলবোৰ নৈ হৈ বৈ গ'ল

পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গ'ল ৰ'দ

 

মই গানত গা ধোৱা গছবোৰলৈ চালোঁ

আৰু দৃষ্টিক দৃষ্টান্ত দি বুজিলোঁ

গছবোৰে গান গাব নোৱাৰে

অথচ গছে গজাই তুলিব পাৰে

কোনেও নোগোৱা অনেক গান।

 

পানীৰ পোছাকযোৰ মই আকৌ পিন্ধি ল'লোঁ,

ডেউকা গজা দুপৰীয়াটোৱে

মোক দেখুৱাই দিলে

নৈ হৈ বৈ যোৱা

শিলবোৰত

বসন্ত

ৰৈ-ৰমলী…

 

দূৰৈত

ঢলি পৰা আকাশ।

 

 

 

জ
লেখকৰ পৰিচয়

জোনমণি দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)