৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভুলতে তোমাৰ ঠিকনা নিদিবা

লেখকঃ সুশান্ত বৰা • প্ৰকাশিতঃ ২৪ মে’, ২০২২
২ মিনিট পঠন • ২৯৪৮ বাৰ পঢ়া হৈছে

 সুশান্ত বৰা 

ভুলতে তোমাৰ ঠিকনা নিদিবা 

ভুল হ’বলৈ ভুলে বাট পালে 

হোৱাৰ ভুলক ভুল বুলি নক’বা ৷

ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ খাই সপোনৰ নেগুৰ হেৰুওৱা মই দেখিছোঁ, 

মই দেখিছোঁ সুৰময়ী কথকী উদ্ভিদ 

ধান পকাৰ বা লাগি ৰক্তক্ষৰণ হৈ হৈ ৰক্তহীনতাত ডুবি মৰি যোৱা ৷ 

ভুলতে তোমাৰ ঠিকনা নিদিবা, 

দিয়াৰ দৰে বিচৰাৰো নিয়ম থাকে ঠিকনাৰ, 

কেনেকৈ বিচাৰিলে কোনবোৰ গ্ৰাহকক ঠিকনা দিয়া যাব তাৰ উচিত গণনা তুমি পাৰিব লাগিব, 

যিদৰে বেং সফল বাৰিষা ৷

সম্পৰ্কৰ তীব্ৰতাতকৈ সান্নিধ্যৰ উম বেছি, 

প্ৰামাণিত সূৰ্য্য, অশীতিপৰ আদিম পিতৃ ৷

জিলিকি জিলিকি হাঁহে  

সুনীল সমুদ্ৰৰ মাছ, 

জোনজনী মাক ৰাতিবোৰ মমতা ৷ 

ভুলতে তোমাৰ ঠিকনা নিদিবা 

মাটিৰ গোন্ধ পালে অতল তলিতো সাৰ পাই মাটি-কলিজা, 

মাটিতকৈ আছে কি কবিতা কোৱা ৷ 

ইয়াৰ পৰা আগলৈ যাওঁ বুলিয়ে যাবলৈ 

আছেনে অৰণ্য, 

কথনা ফুলাৰ বিহ্বল আত্মিক নিশা, 

ওখ এটা পৰ্বত অসহজ 

যাৰ বুকুৰ তৰপত জাকাৰাণ্ডাৰ কবিতামালা ? 

ভুলতে তোমাৰ ঠিকনা নিদিবা ৷ 

ঠিকনা: 

যোৰহাট 

ভ্ৰাম্যভাষ : ৯১০১৫৩৬১০৯

স
লেখকৰ পৰিচয়

সুশান্ত বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)