৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিলচাঙৰ বিহুফুল

লেখকঃ বংশী বৰা • প্ৰকাশিতঃ ৩০ মাৰ্চ, ২০২২
২ মিনিট পঠন • ৪৩১৪ বাৰ পঢ়া হৈছে

 

এতিয়া সোণাৰুৰ গাভিনী চৰ্যা

শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ

হাজাৰ নাহৰৰ চাকিৰ শৰাই

ৰঙা সাগৰ শিমলুৰ চেলেং বাট

স্বৰ্ণ চম্পা। দীঘলীয়া তাঁতশাল

 

আমাৰ জীয়াসুঁতিত ধল। উত্ৰাৱল প্ৰৱাহ

নদী হৈ নদীত উটি আহে শিল-বালি

বালিৰ গভীৰতা। বিশালতা।

শিলচাং, কাম চৰাইৰ ঠোট। শিলৰ ৰঙাগৰ্ভ

 

জ্বলে বিহুসূৰ্য শিলচাঙৰ দুবৰিত

গোমচেং গালহেন

 

শিলচাং বুৰঞ্জীৰ সৰীসৃপ

জ্বলি আছে বিহু ফুলৰ কুলি মাত

 

কিমান ভীষণ মাটিৰ গোন্ধ

প্ৰতিমা বৰুৱা পাণ্ডে ৰাগি

পাহাৰৰ কুৰুঙেদি সৰকি আহে

বসন্ত সুৰীয়া প্ৰপাত

পলসুৱা গন্ধপুষ্পিত মাটি।

কপৌফুলৰ কুকুহা উৰে হালধিপতীয়া নাচত

মেখেলাত বহাগী কঠীয়াৰ কণ

নখৰ খোচত শাওণৰ ৰোৱাতলী

 

বাঁহী পেঁপা বাজে

বাজে বাঁহী পেঁপা

সুতুলিত উতলা যৌৱন

প্ৰতিশ্ৰুত

 

ওখ টিঙত বৰষুণৰ গুম্‌গুমনি

ঢোলৰ পথাৰ ফটা চেও

আমৰ কুঁহিপাত সৰে

পাভ মাছৰ উজনি উজান

 

ধুমুহা ধুমুহা আৰু ধুমুহা

কঁকালৰ পাক ঘূৰণি৷ ইমান লাৱণি

কঁকালছিগা খেল৷ পছোৱা ভাঁজ

প্ৰেমৰ প্ৰথম পুৱা

 

শিল নাচনী

শিল ঢুলীয়া

শিলত কটা সুৱদী বনঘোষা

‘লুইতৰ …এ … বালি বগে ঢকী ঢকী …’

বৈ আহে কাব্যময়ী চানেকি৷ শিলে শিলে

 

মইনাহঁতৰ উমংগী কুৰুলি

ৰূপহী বিহুৱতীৰ উৰুলি

ৰাজকুমাৰ আহিছে

ৰাজকুমাৰ আহিছে

অলং দলং কৰিছে

অলং দলং৷ অলং দলং কৰিছে

 

শুৱনি শিলচাং

শিলচাং ফুলনি

অলং দলং কৰিছে

ফেটী কপৌ খেলিছে

 

শিলচাং কঁপিছে

ব
লেখকৰ পৰিচয়

বংশী বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)