৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কাউৰী কথা

লেখকঃ প্ৰাঞ্জল হাজৰিকা • প্ৰকাশিতঃ ২৩ মাৰ্চ, ২০২২
২ মিনিট পঠন • ৪৩৩৪ বাৰ পঢ়া হৈছে

মাত আৰু সৌন্দৰ্যৰ কথা  এৰি

এষাৰেই কথা ক‌ওঁ

ই এটা মূৰ্খ চৰাই ।

হঠাতে কি হ'ল নাজানো

এজাক পোহৰে খেদি ফুৰা বাবেই

ৰাতিটো সিদিনা পলাই ফুৰিছিল

আৰু পলাই গৈ

দেখিলে এজোপা গছ

য'ত কাউৰীবোৰ শুই আছিল

আৰু মুহূৰ্ততে ৰাতিটো ক'লা হ'ব খুজিলে

শুই থকা কাউৰীবোৰৰ মাজত এতিয়া ৰাতিটো ক'লাতকৈও ক'লা এটা কেটোৰক'লা কাউৰী হ'ল ।

লঘোণে-ভোকে ৰাতিটো পাৰ কৰি উঠি আন্ধাৰজাক ভাগৰিছে

খীণাইছেও সামান্য

চকুৰ তলছোৱা সামান্য ক'লা পৰিছে ।

দৃশ্যটো এজন বাটৰুৱাৰ চকুত পৰোঁ কি নপৰো‍ঁতেই 

ওচৰৰ গছজোপাত হুলস্থুলখন

ইমানবোৰ কাউৰী ।

লগে লগেই 

চুবুৰীটোত পোহাৰীচুপতি

হেৰৌ নিজৰ পোৱালিজাককো নমননে

চকুৰে নিচিনিলি বুলিয়েই

গোন্ধ ল'বলৈ

নিজৰ নাকটোকো নোহোৱা কৰিব লাগেনে...!

প
লেখকৰ পৰিচয়

প্ৰাঞ্জল হাজৰিকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)