৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আঘোণৰ বাটেৰে শীত আহে

লেখকঃ ববী বৰ্ণালী গগৈ • প্ৰকাশিতঃ ৩০ জানুৱাৰী, ২০২২
২ মিনিট পঠন • ৩১০৮ বাৰ পঢ়া হৈছে

উকি মাৰি পাৰ হৈ গ'ল ভাটিমুৱা ৰে'লখন 
বতাহত ৰৈ গ'ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত 
বতাহজাক গধুৰ, শীত নামিছে

সেমেকা আবেলিৰ কান্ধত 
জিৰিক্‌ জিৰিক্‌ মাতেৰে 
গৈ থাকে সোণালী আঘোণ।

তই আহিবি নেকি নৰানিৰ মাজেৰে বাট কাটি?
আকৌ এবাৰ চেঁচু খান্দি বিচাৰিম আমাৰ ল'ৰালি!
আমি বোটলা লেছেৰিত লিখা আছে ফৰিঙৰ সাধু।

ৰহিলাৰ কথা পাতি নমাই আনিম সন্ধিয়াৰ তৰা।
মনত আছে—
ৰহিলাৰ ওঁঠত ফৰিং আৰু চকুত যাদু?
সেইজনী ৰহিলাৰ এতিয়া
দুজনী ছোৱালী; তাইৰ সেঁওতাটো পোন বাট এটা 
যেন সেইবাটেৰে ৰেঘা টানি 
আঘোণৰ পথাৰত সূৰুয নামে।
জাননে, এতিয়াও তাইৰ হাতত ৰূপালী জোনে নাচে।

মই চাই থাকোঁ 

চাই থাকোঁ শুকুলা আবিৰ সনা 
গাঁওখনলৈ কেনেকৈ জাৰ নামে।

আঘোণৰ বাটেৰে শীত আহে 
লাহে লাহে 

কেতিয়াবা পথাৰৰ সীমা গৰকি 
ভাহি আহে নৰা পেঁপাৰ মাত।
মোৰ বুকুতো বাজে বাগৰুম্বা 

তই কেতিয়া আহিবি?
শীত আহিলেই উদং হয় পূজাৰ বেদী।
শীত আহিলেই খীণাই যায় কপাহী নদী।
শীত আহিলেই জাক পাতি উৰে আলহী পখী।

আজি, আলসুৱা ৰ'দৰ কোলাত বহি 
গাঁওখনে কথা পাতিছে,
দেখিছোঁ, দূৰণিত আঘোণৰ কুঁৱলিয়ে
তোৰ গাঁৱৰ সেউজীয়া ঢাকিছে।

সঁচাকৈয়ে শীত নামিছে।
শীত নামিছে বুকুত।
ময়ো হৈ যাওঁ নেকি এটি অচিন পখী!
গুচি যাওঁ নেকি তোৰ চহৰলে'

শীত নমাবলৈ বুলি  

ঠিকনা :
নীপক', বকুলনি
ব
লেখকৰ পৰিচয়

ববী বৰ্ণালী গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)