৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নৱবৰ্ষৰ শুভেচ্ছা

লেখকঃ পংকজ গোবিন্দ মেধি • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৮৬৯ বাৰ পঢ়া হৈছে

পংকজ গোবিন্দ মেধি 

নৱবৰ্ষৰ শুভেচ্ছা
নৱবৰ্ষৰ শুভেচ্ছা
নৱবৰ্ষৰ শুভেচ্ছা


ক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছা
কেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছা


নৱবৰ্ষ মানে ঘড়ীৰ কাঁইটৰ
এক লহমান সময়ৰ ইফাল আৰু সিফাল


নৱবৰ্ষ মানে উলাহ আৰু স্ফূৰ্তি
স্মৃতি আৰু পৰিকল্পনা


কাইলৈৰ পৰা মই চিগাৰেট নাখাওঁ
অথবা অন্যান্য
কাইলৈৰ পৰা মই এজন ভাল মানুহ হ’মেই হ’ম
কাইলৈৰ পৰা মই জঁপিয়াই পাৰ হ’ম
সকলো উন্মাদনা সকলো আসক্তি


নৱবৰ্ষ মানে শপত কাণত ধৰা
মূৰ্তিৰ পদ যুগল স্পৰ্শ কৰা


নৱবৰ্ষ মানে ছাল চেলোৱা ছাগল
গল কটা কুকুৰা
নৱবৰ্ষ মানে পুলিচৰ হুইচেল চেক পইণ্ট জৰিমনা
নৱবৰ্ষ মানে গলাধঃকৰণ কৰি পৃথিৱীখন
নিজৰ কৰাৰ আমেজ


নৱবৰ্ষ মানে মনৰ বিপৰীতে বিৱেকৰ জয়যাত্ৰা
নৱবৰ্ষ মানে পৰাজয়ৰ বিপৰীতে সত্যৰ স্ফুৰণ
নৱবৰ্ষ মানে শ্মশানলৈ জীৱনৰ এখোজ আগ
নৱবৰ্ষ মানে শ্মশানলৈ যোৱাৰ আগতে
সভ্যতাক সৰ্বোচ্চ প্ৰদানৰ প্ৰতিশ্ৰুতি


আপোনাক জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা

প
লেখকৰ পৰিচয়

পংকজ গোবিন্দ মেধি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)