৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভোগবাদী পৃথিৱীত খেয়ালী কবি

লেখকঃ প্ৰাঞ্জল কুমাৰ লাহন • প্ৰকাশিতঃ ২৮ ডিচেম্বৰ, ২০২১
২ মিনিট পঠন • ১৩১২ বাৰ পঢ়া হৈছে
প্ৰাঞ্জল কুমাৰ লাহন

এই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কাম

কবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনে
কবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ ভৰাব পাৰে
পিছে মন-প্ৰাণ ভৰিলেই জানো
এই ভোগৰ পৃথিৱীত কবি সুখেৰে জীব পাৰে!

ভোগৰ পৃথিৱীৰ অনেক উপাদানে আউল লগায় কবিৰ সংসাৰত
পৃথিৱীয়ে শান্তিৰে জীবলৈ নিদিয়ে কবিক

খেয়ালী কবিয়ে নিজা ধৰণে পৃথিৱী এখন সজাই লয়
পিছে খেয়ালী কবিৰ সুখৰ সংসাৰত নিতৌ গ্ৰাস কৰিবলৈ ধৰে ভোগবাদে

পৃথিৱীক ভাল পোৱা কবিয়ে পৃথিৱীৰে বিৰুদ্ধে খং আৰু ক্ষোভত কলম তুলি লয়
পৃথিৱীয়ে কবিক চকুৰ কুটা দাঁতৰ শালৰ দৰে জ্ঞান কৰে

ভোগবাদী পৃথিৱীয়ে বেদখল কৰে
কবিৰ নিজা চিন্তা-চেতনাৰ সঁজাল পৃথিৱী
ভোগবাদী পৃথিৱীয়ে বাৰে-বাৰে
উচ্ছেদ কৰিব খোজে কবিৰ সৰৱ উপস্থিতি

এনেকৈয়ে বহু দ্বন্দ্ব লৈ লৈ কবিয়ে কবিতা লিখে
পিচে কবিৰ সংসাৰেই কবিৰ সেই কবিতা জানো পঢ়ে, বুজে!

কেতিয়াবা ভোগবাদী পৃথিৱীৰ বাবেই হৈ পৰে
কবিৰ নিজা পৃথিৱী ধুঁৱলি কুঁৱলী...

কবিয়ে ধুঁৱলি-কুঁৱলীৰ মাজতো যুঁজি যুঁজি ন-অংগীকাৰেৰে
জীৱন যাপন কৰিব খোজে

যদিও ভোগবাদীৰ পৃথিৱীত সংসাৰ চলাবলৈ

কবিৰ জোলোঙাত কেতিয়াবা নাথাকে ফুটাকড়িও এটি!

প
লেখকৰ পৰিচয়

প্ৰাঞ্জল কুমাৰ লাহন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)