৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্‌ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২১
৮ মিনিট পঠন • ১০৬৫ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই

আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্ৰিকেট, কাবাডী, কাৰাটে, খো-খো, জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱান ডু, টেনিছ, ডবা, নেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভলীবল, ভাৰোত্তোলন, হেণ্ডবল, হ’কী, সাঁতোৰ, বক্সিং আদি কৰি ভাল পায়। কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নৱম-দশম শ্ৰেণী পালে পঢ়া-শুনা ক্ষতি হ’ব বুলি নিজে অথবা অভিভাৱকৰ বাধাৰ বাবে খেলা-ধূলাবোৰ এৰি দিবলৈ বাধ্য হয়।

আমি ভাবোঁ, ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত প্ৰধান গুৰুত্ব দি খেলা-ধূলাবোৰবোৰ চলাই নিয়া উচিত। কিয়নো খেলা-ধূলাই ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আনহাতে, কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে খেলা-ধূলা কেৰিয়াৰ হ’ব পাৰে। খেলা-ধূলাক কেৰিয়াৰ হিচাপে ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ফিজিকেল এডুকেশ্বন (Physical Education)-ত ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ তথা পি. এইচ. ডি. পাঠ্যক্ৰম অধ্যয়ন  কৰিব পাৰে।

ফিজিকেল এডুকেশ্বনৰ পাঠ্যক্ৰম পঢ়িব পৰা শিক্ষা প্ৰতিষ্ঠান কেইখনমান হ’ল : নেশ্যনেল স্প’ৰ্টছ ইউনিভাৰ্ছিটি, (www.nsu.ac.in), পুনে বিশ্ববিদ্যালয় (http://www.unipunedpe.in), দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন (http://www.lnipe.edu.in), ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন এণ্ড স্প’ৰ্টছ ছায়েন্স (www.igipess.du.ac.in), নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন  (http://www.nsnis.org), মতিলাল নেহৰু স্কুল অৱ স্প’ৰ্টছ (http://mnssrai.com), গুৰু নানকদেৱ বিশ্ববিদ্যালয় (https://online.gndu.ac.in), পাঞ্জাব বিশ্ববিদ্যালয় (http://puchd.ac.in), মাঙ্গালোৰ বিশ্ববিদ্যালয় (www.mangaloreuniversity.ac.in), বেনাৰাচ হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in) আদি।

অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in)-ত ফিজিকেল এডুকেশ্বন (Physical Education)-ৰ দুবছৰীয়া স্নাতক পাঠ্যক্ৰমত আসনৰ সংখ্যা ১০০ খন। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে লক্ষ্মীবাই নেশ্বনেল ইনষ্টিটিউট্ অৱ ফিজিকেল এডুকেশ্বন (http://www.lnipe.edu.in)-ৰ এটা শাখা অসমতো আছে। অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন (http://www.aipeguwahati.in)-ত তিনিবছৰীয়া B. P. E. S. (Bachelor of Physical Education and Sports) আৰু দুবছৰীয়া B. P. Ed. (Bachelor of Physical Education) পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে। শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় (http://www.sasu.ac.in)-ত ফিজিকেল এডুকেশ্বন (Physical Education)-ৰ চাৰ্টিফিকেট, ডিপ্ল’মা আৰু স্নাতক পাঠ্যক্ৰম  অধ্যয়ন  কৰিব পাৰে।

খেলা-ধূলাৰ আনুষংগিক কেৰিয়াৰবোৰ হ’ল- খেলুৱৈ, খেলৰ প্ৰশিক্ষক, প্ৰবক্তা, ফিটনেছ ইনষ্ট্ৰাক্টৰ, ৰেফাৰী, আম্পায়াৰ, অনাতাঁৰ-দূৰদৰ্শনৰ কমেণ্টেটৰ, ক্ৰীড়াৰ সাংবাদিক, ক্ৰীড়াৰ ফ’টো সাংবাদিক আদি ।

দুঃসাহসিক খেল বা এডভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports ) :

দুঃসাহসিক খেল বা এডভেঞ্চাৰ  স্প’ৰ্টচ (Adventure Sports)-ক ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব পাৰে৷ এডভেঞ্চাৰ স্প’ৰ্টচক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে - এয়াৰ স্প’ৰ্টছ্ (Air Sports), লেণ্ড স্প’ৰ্টছ্ ( Land Sports)  আৰু  ৱাটাৰ স্প’ৰ্টছ্ (Water  Sports) ।

এয়াৰ স্প’ৰ্টছবোৰ হ’ল- Base Jumping, Bungee Jumping, Hand gliding, Paragliding, Ski Jumping, Sky Diving, Sky Surfing আদি  ।

লেণ্ড স্প’ৰ্টছবোৰ হ’ল - Adventure Racing, Aggressive Skating ,External Skiing, Forestry Skiing, Land and Ice Yachting, Mountain Biking, Mountain Boarding, Outdoor Climbing, Rock Climbing, Sand Boarding, Skateboarding, Snowboarding, Speed Biking, Trekking আদি ।

ৱাটাৰ স্প’ৰ্টছবোৰ হ’ল -  Barefoot Water Skiing, Canoeing, Cliff diving, Jet Skiing, Kayaking, Powerboat Racing, Scuba Diving, Snorkeling, Speed Sailing, White water Rafting, Wind Surfing আদি ।

এডভেঞ্চাৰ  স্পৰ্টচক  কেৰিয়াৰ হিচাপে গঢ়িব বিচৰা ব্যক্তিসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– সাহসী, শাৰীৰিক আৰু  মানসিক  সৱলতা, পৰিশ্ৰম,  দৃঢ়তা, নিয়মানুৱৰ্তিতা, নেতৃত্ব সুলভ গুণ, দলগত উদ্যম, বিপদৰ সম্ভাৱনা প্ৰতিহত কৰাৰ ক্ষমতা,  যোগাযোগৰ দক্ষতা, বিভিন্ন শ্ৰেণী মানুহৰ কৃষ্টি আৰু পৰম্পৰাৰ সম্পৰ্কে জ্ঞান, প্ৰাথমিক চিকিৎসা সম্পৰ্কে জ্ঞান, কোনো এক নিৰ্দিষ্ট খেলৰ বিস্তৃত কাৰিকৰী জ্ঞান ইত্যাদি৷

এডভেঞ্চাৰ স্প’ৰ্টছ (Adventure Sports )-ৰ চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে। এই পাঠ্যক্ৰমবোৰ পঢ়িব বাবে সাধাৰণে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। যিকোনো শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে অগ্ৰাধিকাৰ পায়।

এডভেঞ্চাৰ  স্প’ৰ্টছ্ (Adventure Sports )-ৰ  বিভিন্ন পাঠ্যক্ৰমত  শিক্ষা তথা প্ৰশিক্ষণ ল’ব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল - অটল বিহাৰী বাজপায়ী ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং এণ্ড এলাইড স্প’ৰ্টছ্ (https://abvimas.org), জৱাহৰ ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং এণ্ড ৱিণ্টাৰ স্প’ৰ্টছ্, (http://www.jawaharinstitutepahalgam.com), নেশ্যনেল ইনষ্টিটিউট  অৱ  ৱাটাৰস্প’ৰ্টছ্, গোৱা  (www.niws.nic.in), নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং (www.nimindia.net), হিমালয়ান মাউণ্টেনিয়াৰিং  ইনষ্টিটিউট,  দাৰ্জিলিং  ( http://hmidarjeeling.com), ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্কিইং এণ্ড মাউণ্টেনিয়াৰিং (http://www.iismgulmarg.in) আদি৷  এই শিক্ষানুষ্ঠানবোৰত এডভেঞ্চাৰ  স্প’ৰ্টছৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানবোৰৰ ৱেবচাইট চাব পাৰে।

শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন সংগঠনত নিযুক্তি লাভৰ সুবিধা আছে। যেনে – ক্ৰীড়া- বিষয়ক ক্লাৱ, বিনোদন কেন্দ্ৰ, ভ্ৰমণ এজেঞ্চি, হ’লিডে ৰিজ’ৰ্ট আদি। ইয়াৰ উপৰি নিজাবৱীয়াকৈ ক্ৰীড়া বিষয়ক ক্লাৱ খুলি স্ব-নিয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – Adventure Camp Counsellor, Adventure Sports Athlete, Adventure Sports Instructor, Adventure Sports Photographer, Adventure Tour Guide, Adventure Tourism Facilitator, Extreme Sports Specialist, Summer Camp Counsellor, Trekking and Mountain Guide, Water and Aero Sports Specialist, Wildlife and Travel Photographer আদি ।

ঠিকনা :

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি. দ্ৰ. : কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন নম্বৰ ৯৪৩৫১৮৮৬৩০-ত যোগাযোগ কৰিব পাৰে।

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)