৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ৫৪৭ বাৰ পঢ়া হৈছে

 জয়ন্ত দত্ত

 

নিউজ চ্ছেনেলবোৰৰ দৰে

খবৰ কাকতবোৰৰ দৰে

ল’ৰাটো একে ফুটতে উঠিল

তুলিকাত তেজ আৰু জুইৰ ৰং সানি ৰৈ থাকে

শ্ৰদ্ধাঞ্জলিত শোভা বঢ়াবলৈ বাট চাই থকা ফুলবোৰৰ দৰে

 

বিনামূলীয়া চাউলত নিগনিৰ গোন্ধ মিহলি হৈ আহিল

খদমদম গাঁৱৰ এফাল

“দে'তা দে'তা. এই গোন্ধাটোক কি ৰঙেৰে আঁকো ?”

গোন্ধটোৰ বাৰু কি ৰং ?

উৱাদিহ পোৱা নাই। আমি আকিঞ্চনৰ ওপৰত

 

“পূৰা পূৰা বতানিৰ ওপৰেদি হিতাধিকাৰীৰ পো

বুকুত জল্‌জল্-পট্‌পট্ বিহমেটেকাৰ নীলা ফুল”

ল’ৰাৰ এখন পুৰণি ছবি

 

পুৱাবেলা জলপানৰ বাটি লৈ খবৰ পঢ়া অভ্যাস পুৰণি

ছাই হৈ যোৱা ফুল এপাহৰ খবৰত মজি থাকোঁতেই চেনি জোখতকৈ বাঢ়ি যায় 

কছৰৎ কৰি কেল'ৰি কমাওঁ

 

তাহানিলৈকে আনৰ সৈতে সমান আছিল চোতাল, পদূলি

এদিন আমাৰ হাত দীঘল হ’ল

 

বৰষুণ নাহিবি চোতালতকৈ দ আমাৰ ভেটি

 

ঠিকনা :

দ গাঁও নলনি খাত

ডাক :  গৰখীয়া দ’ল

যোৰহাট- ১৫

ফোন : ৯৩৬৫৪৫৭৭৫১

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)