৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভালে আছোঁ

লেখকঃ ইলামণি শইকীয়া • প্ৰকাশিতঃ ২৪ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ২১৬৮ বাৰ পঢ়া হৈছে

ইলামণি শইকীয়া

কেনে  আছা বুলি সুধিলেই 

সকলো 'ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়ম

একো ভালে নথকাৰ এক অনৰ্থ প্ৰতীকী মুখা

আঁৰি ল'ব লগা হয় মুখত

পিন্ধাব লগা হয় চকুত

সাগৰৰ সূৰ্যৰ এচপৰা চকু ছাটমৰা চিকমিকনি

দেহলৈ আনি ল’ব লগা হয়

পুৱাৰ ৰঙা চাহকাপৰ পাছৰ

অলপ জীৱন জীওৱাৰ সতেজতা

অকলে বহি কান্দিবলৈ নোপোৱাৰ দুখ এটাই 

অগা-ডেৱা কৰি থকাৰ সময়তো

দুহাত মেলি চপাই ল’ব লগা হয়

স্বজাতি হেৰুওৱা কপৌ এটিৰ এবুকু কুহুমীয়া ধপধপনি৷

আচলতে একো ভালে নথকাৰ পাছতো আপুনি উশাহকণক নিলগাব নোৱাৰে

যেনেকৈ ফাগুন বুলিয়েই আপুনি ধূলিয়ৰি আপোন বাট এৰি 

গুচি যাব নোৱাৰে অকাল বসন্ত নমা অবাটেৰে

সেয়ে 'ভালে আছোঁ’ সদায়

দ্ৰষ্টব্য : আপুনি ভালে থকাটো হ’ব পাৰে আন কাৰোবাৰ ভালে নথকাৰ এটা কাৰণ৷

ই
লেখকৰ পৰিচয়

ইলামণি শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)