৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বচা বকুল

লেখকঃ ৰমানন্দন বৰা • প্ৰকাশিতঃ ২৩ নৱেম্বৰ, ২০২১
৮ মিনিট পঠন • ১৯২৬ বাৰ পঢ়া হৈছে

পাঁচ

 

ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব পাৰে, এখন ট্ৰেক্টৰেA সিমান কৰিব পাৰে৷

এইবাৰ ক’লাই মহাজনে হালোৱা চাৰিটাৰ ঠাইত দুটা বন্দোৱস্ত কৰিলে৷ দ মাটি দুপুৰাত অমনা বাও সিঁচিলে৷ বাকী নপুৰা শালি খেতিৰ মাটিও বহাগৰ ভিতৰতে চহাই শেষ কৰিলে৷ কেনেকৈ? টেক্‌টাৰৰ কৃপাত৷

ট্ৰেক্টাৰৰ কেজুৱেল লগোৱা, ট্ৰেইলাৰ লগোৱা, খোলা আদিবোৰ বেণুৰ একচেটিয়া কাম৷ কিন্তু বেণুৱে লাহে লাহে অনুভৱ কৰিলে দিনটো ট্ৰেক্টাৰখন চলাই থকাটো মুখৰ কথা নহয়৷ গোটেই গাৰ মঙহ কঁপাই থাকে৷ বাউসী আৰু বুকুত বিষ উঠে৷ সেই কাৰণে সি মাজে মাজে ৰজিতক একোপাক চলাই চাবলৈ দিয়ে৷ খেতিটো বেণুৱে অকলে ট্ৰেক্টৰ চলাই তুলিব নোৱাৰিব বুলি সি অনুভৱ কৰিলে৷ গৰুৰ হালেই ভাল৷ গৰুক জিৰণি লাগে৷ মানুহেও জিৰণি পায়৷ শনিবাৰ, মঙ্গলবাৰ, আওবাৰ, আঁউসী, অমাৱস্যা, ষাঠ লগা, শৰণ-গ্ৰহণ আদিত হাল খতি৷ মানে হালোৱাৰ জিৰণি৷ পথাৰৰো জিৰণি৷ পথাৰত থকা পোক-পৰুৱাবোৰে নাঙলৰ ফালে ছিঙি-ভাঙি পেলোৱা ঘৰখন থান-থিত লগাবলৈ সময় অকণো পায়৷ ট্ৰেক্টৰ অহাৰ লগে লগে এই নিয়মবোৰ নেমানিলেও চলে৷ গৰু হ’ল গোঁসাই, চুৱা-নিকাৰ কথা থাকে৷ ট্ৰেক্টৰ হ’ল যন্ত্ৰ, যন্ত্ৰৰ জীৱ নাই৷ গতিকে জিৰণিৰ কথাও নাথাকে, চুৱা-নিকা দূৰৰ কথা৷ কিন্তু যন্ত্ৰৰ কাৰ্যদক্ষতা ৰাইজক দেখুৱাবলৈ যাওঁতে ক’লাই মহাজনে যন্ত্ৰটো চলাই থকা মানুহটোৰ কথা পাহৰিয়ে গৈছে৷

বেণুৱে তথাপি কামক পিছ পেলোৱা নাই৷ নিজৰ দেহালৈ সি আগতেও চোৱা নাছিল, এতিয়াও নাচায়৷ কিন্তু নাচাওঁ বুলি নোচোৱাকৈ, নাভাবোঁ বুলি নাভাবি থাকিব নোৱাৰা কথাটো হ’ল পাহিতা৷ দিনে-ৰাতিয়ে পাহিতাৰ কথাই তাক ব্যাকুল কৰি ৰাখে৷

বেণু-পাহিতাৰ কথাবোৰ এটা সীমাৰ মাজত গোপনে চলি থাকিল৷ বেণু আগতকৈ দৃঢ় হ’ল, পাহিতাও নতুন এটা জীৱনৰ বাবে সাজু হ’ল৷

শাওন মহীয়া৷ টিখাং খাং ৰ’দ৷ এজাৰণি ঘাটৰ গাতে লাগি থকা মাটি কেইডৰা আগতীয়াকৈ ৰুই ল’লে মহাজনৰ সমস্যা এটা কমি আহে৷ দূৰণিবটীয়া মাটি৷ বাকী মাটিবোৰ একে ঠাইতে৷ ক’বলৈ গ’লে আনৰ মাটি নগচকাকৈয়ে যাব পাৰি৷ কিন্তু এজাৰণিৰ মাটি কেইডৰালৈ পুৱা পোহৰ নৌহওঁতেই হাল নিব লাগে৷ এইবাৰ ট্ৰেক্টৰখন আছে যেতিয়া এটা সুবিধা হ’ব৷ সেইবুলি সদায় সদায় কেজুৱেল চকা লগাই অনা নিয়া কৰিবলৈ অসুবিধা হ’ব৷ বেণুৱেই কথাটো মহাজনক ক’লে৷ মহাজনে দুখন তিৰ্‌পাল বজাৰৰ পৰা অনাই তম্বু সজাৰ ব্যৱস্থা কৰিলে৷ ভগা টিনপাত এছলাৰে ট্ৰেক্টৰখন ঢাকি ৰাখিবলৈ সুবিধা এটা কৰিলে৷ এসপ্তাহৰ আগতে ট্ৰেক্টৰখন টায়াৰ চকাৰে ভোগদৈৰ এজাৰণি ঘাটৰ পথাৰ পোৱালেগৈ৷ ট্ৰেইলৰত তম্বু তৰিবৰ বাবে লগা বস্তু কেইপদমান, কেইদিনমানৰ বাবে বাচন-বৰ্তনো লৈ গ’ল৷ খেতি শেষ নোহোৱালৈকে বেণু তম্বুৰ আবাসী হ’ল৷

আজি ৰ’দ বৰ টান৷ বেণুৱে ট্ৰেক্টৰেৰে হাল বাই আছে৷ পাহিতাই অকলশৰীয়াকৈ নিজৰ পথাৰত ভূঁই ৰুই আছে৷ ক’লাই শইকীয়া, ভালীৰাম শইকীয়াৰ মাটিৰ পট্টা এতিয়াও একেখন৷ পাহিতাহঁতৰ পথাৰত কালি বোকা দিছিল৷ ছজনী ৰোৱনীয়ে শেষ কৰিব নোৱাৰিলে৷ দুডৰা বাকী থাকিল৷ দেউতাকে পাহিতাক ক’লে, ‘তয়ে ৰুই পেলাগৈ, দুডৰাহে৷ লগত কমলক লৈ যা৷’ চেমনীয়া ভায়েক কমলক লগত লৈ পাহিতাই দিনটোৰ আগভাগতে বাকী থকা বোকা দুডৰা শেষ কৰিব পাৰিব৷

পথাৰ পাই বেণুক হাল বাই থকা দেখি পাহিতাৰ মনটো নাচি উঠিল৷ বেণুৱে ট্ৰেক্টৰ লৈ আহিছে বুলি তাই জানে৷ তাক লগ পাব বুলি তাই আশা কৰিয়েই আহিছিল৷ বোকালৈ নমাৰ আগতে কোমল চাউলৰ জলপানৰ টোপোলাটো বেণুৰ তম্বুতে ভালদৰে থৈ গ’ল৷ কমলে লগত বৰশীডাল আনিবলৈ পাহৰা নাছিল৷ সি ভোগদৈত বৰশী বাবলৈ গ’ল৷

পাহিতা পথাৰলৈ অহা দেখি বেণুৱে ট্ৰেক্টৰখন ৰখাই তাইৰ ওচৰ পালেহি৷ তাই দিয়া তামোলখন মুখত ভৰাই ক’লে, ‘সোনকালে শেষ কৰ৷ ৰ’দ বৰ বেছি৷ জাপিটো পিন্ধি ল৷’

প্ৰখৰ ৰ’দক শান্ত কৰাৰ নিজা পৰিকল্পনা থাকে প্ৰকৃতিৰ৷ শাওণ মাহ৷ ৰ’দে বোলে মাটিক মই ভাল পাওঁ, বৰষুণে বোলে মইহে বেছি ভাল পাওঁ৷

নীলা আকাশত লাহে লাহে ডাৱৰ উঠি আহিল৷ বতৰৰ গুৰিটো ক’লা কৰি আহিলে৷ ৰ’দ ঢিমাই আহিল৷ পশ্চিমৰ পৰা এছাটি চেঁচা বতাহে সিঁহতক চুই গ’ল৷ বেণুৰ এডৰা পথাৰৰ দুটা আওচ বাকী আছে৷ পাহিতাৰ এডৰা পথাৰৰ এটা চুক ৰুবলৈ আছে৷

বুঢ়া মেঘে গিৰিং গিৰিং কৰি আহিল৷ কাতিৰামৰ চুকৰ ফালে গা চাদৰ এখনে সেউজীয়া গছ-বনবোৰ ঢাকি অনা দেখি পাহিতাৰ হাতখন খৰকৈ চলিবলৈ ধৰিলে৷ বৰষুণজাক পৰাৰ আগতে ৰুই শেষ কৰিব পাৰিমনে?

নোৱাৰিলে, হুৰ হুৰাই বৰষুণ জাক আহিল৷ ট্ৰেক্টৰ পথাৰতে বন্ধ কৰি বেণু পাহিতাৰ ওচৰ পালেহি৷ ‘ব’ল ব’ল, পাছত ৰুবি৷’ কিন্তু বৰষুণজাক পিছ নপৰিল৷ দুয়োটাকে তিয়াই থৈ গ’ল৷ বতাহে পাহিতাৰ জাপিটো থিৰে থাকিবলৈ দিয়া নাই৷ বেণুৱে তাইৰ হাতত ধৰি পথাৰৰ বোকা ফালি তম্বুৰ ফালে পোনালে৷ ‘কমল, কমলক চোৱাঁ৷’ পাহিতাৰ কথাত বেণুৱে মথাউৰিত উঠি ইফালে-সিফালে চাই দেখিলে কমলে অকণমানহঁতৰ টঙী ঘৰত উঠিছেগৈ৷

দুয়ো আহি তম্বুৰ ভিতৰত সোমাল৷ দীঘলীয়া তম্বুটোৰ আগ ভাগতে দুটুকুৰা কাঠৰ ওপৰত দুয়োটা বহিল মুখামুখিকৈ৷ জৰ্‌জৰাই বৰষুণ পৰিছে৷ পানীৰ ছিটিকণিয়ে সিহঁতক তিয়াইছেহি৷

‘জাপিটোৰে মুখখন ঢাকি দিয়াঁ৷’ - পাহিতাই বেণুক ক’লে৷

‘আন্ধাৰ হয় বা৷’

‘এতিয়ানো কি পোহৰ৷ আকাশখনেই আন্ধাৰ৷’

বেণুৱে পাহিতাৰ জাপিটো দি তম্বুটোৰ দুৱাৰ মুখেদি সোমাই অহা ছিটিকণি বন্ধ কৰিবলৈ যত্ন কৰিলে৷

মনৰ মানুহজনীক এনেকৈ অকলশৰীয়াকৈ, আচুতীয়া আৱদ্ধ ঠাইত পাই বেণুৰ গাত কিবা শিহৰণ জাগি উঠিল৷

‘এতিয়া কি কৰিম বুলি ভাৱিছা?’

‘নিজাকে কিবা এটা কৰিব লাগিব৷’

‘কেতিয়া কৰিবা? কি কৰিবা? ইমান বছৰে গা মাৰি কাম কৰিছা৷ পইছা সাঁচিব পাৰিছা নে নাই? দৰমহা দিয়েনে মহাজনে? মই জানো, তোমাক মই ভালকৈ বুজি পাওঁ৷ তুমিহে তোমাক নুবুজাঁ৷’

‘কি কৰিবি? মানুহ ঘৰৰ মৰমৰ কাৰণে একো ক’ব নোৱাৰোঁ৷’

‘কি মৰম? তোমাৰ পৰা কাম আদায় লৈছে৷ তোমাক মাটি-বাৰী কিবা দিবনে? তোমাৰ ঘৰখন পতাৰ কথা কোনোবা দিনে ভাবিছেনে?’

পাহিতা আৱেগিক হৈ উঠিল৷ দুয়ো নীৰৱে ৰ’ল৷ বাহিৰত জৰ্‌জৰীয়া বৰষুণৰ শব্দ৷ কি ক’ব বেণুৱে ভাৱি নাপালে৷ পাহিতাৰ কথাবোৰ সঁচা৷ সি এটা ভ্ৰমৰ মাজত সোমাই আছিল৷ সি কণা আছিল৷ পাহিতাই তাৰ চকু মুকলি কৰিছে৷ তাই তাৰ কাৰণে ইমান চিন্তা কৰে৷ তাইক সাবটি ধৰি মৰম কৰিবলৈ মন গ’ল৷

হঠাৎ আকাশখন ফাটি যোৱাৰ দৰে গাজনি৷ উচপ খাই পাহিতা বেণুৰ কাষ পালেগৈ৷ বতাহৰ ৰু-ৰুৱনি শব্দ৷ সি তাইক সাবটি ধৰিলে৷ তাৰ সৰ্বশৰীত এটা অনামী কঁপনি উঠিল৷ পাহিতাও ঠিৰেৰে থাকিব নোৱাৰিলে৷ বুকুৱে বুকুৱে ঠেকা খালে৷ ওঁঠে ওঁঠ বিচাৰি ল’লে৷ ভোগদৈত ঢৌ ফুটিছে৷ বতাহে তাৰ কেঁচা গোন্ধ এটা বোৱাই আনিছে৷ শাওনৰ পথাৰত বৰষুণৰ ৰমণ৷ কেঁচা মাটিৰ গোন্ধত দুটা আদিম নৰ-নাৰী এক হৈ পৰিল৷ বৰষুণীয়া আকাশখনৰ দৰে পাহিতাৰ ক’লা চুলিটাৰিয়ে জপটিয়াই ধৰিলে বেণুক৷ এক কঠিনতাই আনি দিয়া আমেজত চকু মুদি দিলে পাহিতাই৷

(আগলৈ)

ৰ
লেখকৰ পৰিচয়

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)