৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ম'বাইল মেনিয়া

লেখকঃ গাৰ্গী ভূঞা • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ৪৪৭৫ বাৰ পঢ়া হৈছে
গাৰ্গী ভূঞা

কিয়নো সাউতকে উঠি
দাঁত জিভা নামাজি
ম'বাইলছটি মেলিলি

বাহিৰলৈ আহ, গছ-বন চা
চাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালি

সেইছটি যেতিয়া দৰকাৰ পৰে তেতিয়াই চাবি
ৰাতিপুৱা জোঁটাই হ'লেও বাতৰি কাকতখন পঢ়িবি
চাবিচোন কিমান ভাল লাগিব
বস্তুবোৰ নিজে আয়ত্ত কৰি

জানো বোপাই! দেশৰ দিন-কাল বেয়া
ম'বাইলেই তহঁতৰ বিদ্যালয় এতিয়া
পিছে কচোন মনত পৰেনে ইস্কুলৰ কথা!

সেই অংক মাষ্টৰৰ ভয়
টিফিন খোৱাৰ জুতি
আৰু সমনীয়াৰ সতে কৰা ৰং-তামাচা...

হেৰৌ শুনিছ!
ধুনুকণেও হেনো চছমা ল'লে
বয়সত তো তোতকৈও সৰু
ইমান বুজালেও যদিহে নুবুজ
তই এটা মস্ত গৰু

আকৌ দঢ়াই কওঁ
ককাৰৰ কথা মনত ৰাখিবি
এইছটা অলপ আঁতৰাই থ'বি

আমাৰ দিন গ'ল
তহঁত বাঢ়ি অহা ল'ৰা
ম'বাইলৰ আসক্তি বৰ বেয়া

বাৰু হ'ব এতিয়া
যাচোন সাউটকে মোৰ চছমাযোৰ আন পৰ্টিক'ৰ মেজৰ পৰা
আৰু তোৰ ম'বাইলতে লগাই দে
এখন অসমীয়া চিনেমা
যুগান্তৰৰ তেজাল পুৱা...

ঠিকনা :
দৰঙ্গীচুক নতুন পাৰা
যোৰহাট-৭৮৫০০১
ভাম্যভাষ : ৯৪৩৫০৯৬৫২২
গ
লেখকৰ পৰিচয়

গাৰ্গী ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)