৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আমাৰ চহৰত বাপু

লেখকঃ নীলিমা ঠাকুৰীয়া হক • প্ৰকাশিতঃ ২৯ অক্টোবৰ, ২০২১
২ মিনিট পঠন • ১০৪০ বাৰ পঢ়া হৈছে

নীলিমা ঠাকুৰীয়া হক

কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে

খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে

জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ

বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে

গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি

চালে নামনিৰ চহৰখনলৈ --

নদী আৰু নৰ্দমাই তৰাং হোৱাৰ দুখত কান্দি কান্দি

বাটবোৰকো বুৰাই দিছে

চহৰখন ডুবিব ধৰিছে

আচলতে বহুদিন ধৰি ডুবিয়ে আছে

কুটিল জটিল অশ্লীল পঙ্কিল

অনেক বিশেষণৰ ধলত পলে পলে ডুবি থকাত

অভ্যস্ত হৈ পৰিছে, বৰষুণৰ ধল নিমিত্তহে মাত্ৰ

মানুহবোৰে আজিকালি হাঁওফাঁও নোহোৱাকৈ

উশাহ ল’ব জানে

কলিজা নোহোৱাকৈ লিখিব পাৰে প্ৰেমৰ পদ্য

আৰু কত কি কৰিব পাৰে ! এচামে চোবাই চোবাই

খাই থাকে আন এচামৰ চকু-কাণ-জিভা

বাপুৱে গম পায়, বাপুৱে গম পায়

তেওঁৰ তিনিটা বান্দৰে যে তেওঁকে সিঞাৰি

‘বেয়া চাম’, ‘বেয়া শুনিম’, ’বেয়া ক’ম’ বুলি

চহৰখনত জঁপিয়াই ফুৰিছে

ভালপোৱা কৰুণা মমতাৰ আদিপাঠত

কপিকুলে সৰুপানী চোৱে , সিহঁতৰ ভাষা সাংকেতিক

স্বমেহনত মত্ত বান্দৰবোৰক দেখি মানুহবোৰ

কলা-বোবা-অন্ধ পুতলা মাথোঁ

বাপুৰ চশমাযোৰে হুমুনিয়াহ কাঢ়ে আৰু লাখুটিডাল

লৈ ভোৰভোৰাই নামি আহে টিলাটোৰ পৰা

লাখুটিডালেৰে তেওঁ এফালৰ পৰা ভাঙিবলৈ ধৰে

দেৱালত ওলমি থকা তেওঁৰে ফটোবোৰ …

ন
লেখকৰ পৰিচয়

নীলিমা ঠাকুৰীয়া হক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)