৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জুই ৰঙৰ বেনাৰসী শাড়ী

লেখকঃ মূল (বাংলা): সমীৰ ৰক্ষিত • প্ৰকাশিতঃ ২৭ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ২৫৫৩ বাৰ পঢ়া হৈছে
 মূল : সমীৰ ৰক্ষিত (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ

জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ দেহভংগী৷ হাতত জুই ৰঙৰ বেনাৰসীখন লৈ থিয় হৈয়েই জগতে মিচিক-মাচাককৈ হাঁহিলে; প্ৰকাশ্যে নহয়, মনতে ক’লে, ‘‘তোমাক আজি মই নিজ হাতেৰে সজাই দিম৷’’

জয়াই আপত্তি নকৰিলে৷ শিল্পীয়ে যিদৰে কেনভাছত ৰং-তুলিকা বুলাই প্ৰেমিকাৰ ছবি আঁকে, বাহিৰৰ ৰং আৰু মনৰ ৰং মিহলাই, তেনেকৈয়ে জগতে তাৰ প্ৰেমিকাক শাৰী পিন্ধালে৷

আজি জয়াৰ বিয়া৷ চানাই বাজিছে, ৰজনীগন্ধাৰ সৌৰভত গধুৰ হৈ আহিছে বতাহ৷

দোকানৰ মালিক অভয় পদে গাহৰীৰ দৰে গলধনৰ নোম থিয় কৰি জগতক ধমক দি ক’লে, ‘‘ঐ ল’ৰা, তাত সোমালে তোৰ কাণ্ডজ্ঞান নাথাকে৷ সোনকালে ওলাই আহ৷’’ জগতে কাচৰ প্ৰকাণ্ড বাকচটোৰ ভিতৰৰ পৰাই উত্তৰ দিলে, ‘‘গৈছোঁ৷ ভালকৈ শাৰী পিন্ধাবলৈ সময় লাগে৷’’ জগতে ডামিৰ শাৰী পিন্ধোৱা পৰ্ব শেষ হ’লেও দুই মুহূৰ্তমান থিয় হৈ ৰ’ল৷ পুনৰ মনৰ ভিতৰতে ক’লে, ‘‘জয়া, তেনেহ’লে এতিয়ালৈ মই আহোঁ৷’’ কথাষাৰ কৈয়েই জগতে ৰাস্তাৰ সিপাৰে থকা জয়াহঁতৰ ৰাজপ্ৰসাদৰ দৰে ঘৰটোৰ ফালে চালে৷ জয়াহঁতৰ ঘৰৰ গে’টৰ সমুখত কলপুলি আৰু আমডালি৷ চানাই বাজিছে৷ জয়া আৰু হয়তো কোনোদিন জগতহঁতৰ দোকানলৈ শাৰী কিনিবলৈ নাহিব৷ আহিলেও তাইৰ সেওঁতাত থাকিব সেন্দূৰৰ বোল৷ জয়াই কোনোদিন জানিবও নোৱাৰিব যে, শাৰীৰ দোকানৰ এজন অতি নগণ্য কৰ্মচাৰী জগতে তাইক ভাল পাইছিল৷ সেয়ে বিয়াৰ দিনা তাইক জুইৰঙৰ বেনাৰসীখন নিজ হাতে পিন্ধাই দিছিল৷

***

ম
লেখকৰ পৰিচয়

মূল (বাংলা): সমীৰ ৰক্ষিত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)