৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গৃহবন্দী

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ১৭ জুলাই, ২০২১
২ মিনিট পঠন • ২০০৮ বাৰ পঢ়া হৈছে

জয়ন্ত দত্ত

সদায় সদায় নিজতকৈও ক’লা দিন একোটা ফুকাই ফুকাই আপোন-ঘাতী হ’বলৈ বিচৰা

ৰাতি এটাৰ সতে একেলগে দেদাউৰিয়াইছিলোঁ

হঠাৎ শেষ হৈ থাকিল বাট

অতলত ছিটিকি পৰিল সৰুসুৰা আটাইকেইটা জীউ..

 

মই গণিবলৈ ধৰিলোঁ মোৰ গৃহবন্দিত্বৰ দিন

ঘনেপতি মাপিছোঁ উশাহত সুগন্ধ ...

 

চাৰিওফালে আঁটি আঁটি জপনা বান্ধি থোৱাৰ পাছতো কেনেকৈ সোমাল নাকী ছিঙা গেঁৰা

ৰখীয়ামখাই চাধা চপৰিয়াই চপৰিয়াই

ফটৰ ফটৰ ভাঙৰ ফটকা ফুটাই থাকোঁতেই সকলো শেষ...

 

দলিয়াই দিয়া চাদৰখন

বিলাসী গাড়ী বতাহত উৰি উৰি

সাবটি ধৰিলেগৈ বুঢ়া গছজোপাক

মেখেলাখন পতাকা হৈ ঢেকঢেকাই থাকিল

নিয়নৰ খুটাত...

 

পৰ্দাৰ পুণ্যত্মাসকল

কাকতৰ কলাকাৰসকল

তাইক এতিয়া জীয়াই থাকিবলৈ দিয়ক

 

অন্তৰ্বাসত মাৰি থোৱা পিঙেই কৈ আছে

আকিঞ্চনৰ কিমান অতলত তাইৰ ঘৰ

                    

ঠিকনা :

দ গাঁও নলনিখাত

ডাক : গৰখীয়া দ’ল

যোৰহাট ৭৮৫০১৫

ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)