৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চক্ৰশিলা ১

লেখকঃ পংকজ গোবিন্দ মেধি‍ • প্ৰকাশিতঃ ২৯ জুন, ২০২১
২ মিনিট পঠন • ১০৭৮ বাৰ পঢ়া হৈছে

পংকজ গোবিন্দ মেধি 

ভুকি থকা কুকুৰবোৰ নিমাত হৈছিল মানে

খাদ্যৰ সন্ধানত চিকাৰী শ্বাপদবোৰে

গাঁৱৰ

ঠেক

অঁকোৱা-পকোৱা

নিমাখিত ৰাস্তাবোৰত তহল দিছিল

ৰাতিপুৱা সেই ৰাস্তাৰে জুই আৰু নিমখ বিচাৰি

গঞাই অহা-যোৱা কৰা

আজি কেইবা শ বছৰ হ’ল

ঘনঘোৰ নিশা

থুঁতৰিদঢ়ীয়াজনে বীৰদৰ্পে পহৰা দিছে নি‍সৰ্গক

শাল পাত তিয়াই টোপ টোপ নিয়ৰ সৰিছে

ৰিমঝি‍ম বৰষুণৰ দৰে

নিশাচৰ চৰাইৰ সুহুৰিবোৰ ঠেঁটুৱৈ লগা জাৰত কঁপিছে

কোনে এটা পঁজাৰ পৰা ওলোৱা কাহ বেমাৰীৰ ডিঙিৰ ঘৰ্ঘৰণি শুনি

চিকাৰী শ্বাপদৰ খোজ স্তিমিত হৈছিল

এক লহমা সময়

গৰুৰ ডিঙিৰ টিলিঙা অজান আশংকাত কঁপি উঠিছিল

কোঁচ-মোচ খাই থকা ছাগলীবোৰ আৰু কোঁচ খাই গৈছিল

লাহে লাহে কুঁৱলিবোৰ ঘন হৈ আহিছিল

পোৱালি দিয়াৰ পাছত খিৰোৱা প্ৰথম কৰিয়া গাখীৰৰ

ধোঁৱাৰ দৰে

থুঁতৰিদঢ়ীয়াজন আছিল নৈৰ্ব্যক্তিক

কি ৰাতি কি দিন কি পোহৰ কি আন্ধাৰ

চক্ৰৰ দৰে শিলাখণ্ডৰ গছ আৰু গছনিবোৰে

আকাশক আলিংগন কৰক

ৰাতিপুৱাৰ আগতে নৈশ শ্বাপদ আঁতৰি যাওক

চোঙৰ পোৱালিৰ ওচৰত

আৰু তেনেকৈয়ে বৰ্তি থাকক যুগান্তৰৰ প্ৰৱাহ

প
লেখকৰ পৰিচয়

পংকজ গোবিন্দ মেধি‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)