৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শতৰু

লেখকঃ নীলাভ সৌৰভ • প্ৰকাশিতঃ ২৬ এপ্ৰিল, ২০২১
৩ মিনিট পঠন • ৩৬৮২ বাৰ পঢ়া হৈছে
নীলাভ সৌৰভ 
 
পূৱা ঘুমটি ভঙা বেলি চৰাই
আৰু আবেলি হাঁহিৰ ঘৰ
 
তাৰ মাজত বাঘে খোৱা ৰ’দৰ ক্ৰিকেট পিট্‌ছ
ঘণ্টাই ঘণ্টাই ৰান
 
এসেৰ চাউলৰ দৰ কিমান
 
ৰান আউটৰ ভয় এটা দিনৌ
পেটৰ অসুখলৈ চৌদাখাৰ আৰু টোপনিলৈ চুলাই
 
আমাৰ ইয়াতো মানুহ মৰে ‘কবি ফুকন’
সৌ গাঁৱত মোৰ ঘৰ
এখনেই নহয় মাথোঁ মোৰ গাঁও প্ৰতিখন
 
ককাই ধৰ্মকথাত কৈছিল
‘‘শতৰু নিজৰ ভিতৰতে থাকে
নিজৰ শতৰুক নিজে মাৰিব লাগে’’
 
চিনিছোঁ ময়ো৷ মাৰি পেলাব নোৱাৰি
হাঁহিৰ পুতলা কোলাত লৈ বাট চাই আছে মাকে
 
তেওঁ জানিছিল আমাৰ সৈতে চয়তান হাৰে
বাহিৰে ভিতৰে
ঘামতো শীততো
তাৰ পাছতো পাপে নুচুবলৈ আমাক ককা আছিল সজাগ
 
অলেখ কাহিনী আছে প্ৰতিসেৰ চাউলত
শতৰুৱে নুবুজে কাহিনী আৰু পৰিশ্ৰম
পাঠকৰো সময় কম
 
দিনটোক তিনিভাগ কৰি শতৰুৱে চাই থাকে
মোৰ ডিঙি-বাট
সেই বাটত নেৰোঁ যদি সুষম দ্ৰব্য
মোক হত্যা কৰিব মোৰ শতৰুৱে
 
পাবলৈ কাম নাই
পইচাৰ দাম নাই
 
আঠিয়া কল এটা খাবলৈও জেপে নুকুলায়
ৰজাৰ কৰ-কাটল দি কৰা এমোনা বজাৰ
তিনিসাঁজত সামৰি কলমতিয়াই পুনৰ
 
অলপতো বুজিব লাগিছিল
কালিৰ বজাৰখিনি আছিল কিমান হাহাকাৰৰ
 
আজি উশাহটো ঘূৰি অহা নাই
জানি-শুনিও শতৰু পাচনতন্ত্ৰই ওপৰমূৱাকৈ চাই আছে
জীৱনৰ সীমান্ত-কণ্ঠৰ বাটলৈ
 
পিত পানী উজায় বঁতিয়ায়
হালধীয়া সেউজীয়া
 
পেটতে পুহি আছোঁ শতৰু
ফুটা থকা কলহত পানী ঢালি
 
চকৰি চলি আছে
 
ঠিকনা :
দীঘলীআটি, ৰহা, নগাঁও
৭৮২১০৩
ভ্ৰাম্যভাষ: ৯৪৩৫০০৩৮২৪
শ্ৰব্য ৰূপ
ন
লেখকৰ পৰিচয়

নীলাভ সৌৰভ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)