৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভাৰতীয় সেনা (Indian Army)-ত কেনেকৈ যোগদান কৰিব পাৰি?

লেখকঃ ভাৰতীয় সেনাত কেনেকৈ যোগদান কৰিব পাৰি? • প্ৰকাশিতঃ ১৬ জানুৱাৰী, ২০২১
১২ মিনিট পঠন • ১৮১০ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই

ভাৰতীয় সেনা (Indian Army)-ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে। এটা  ব্যৱস্থা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)-এ পৰিচালনা কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা ‘সংযুক্ত প্ৰতিৰক্ষা সেৱাৰ পৰীক্ষা’ (Combined Defence Services Examination)। এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। অবিবাহিত প্ৰাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। Indian Military Academy (IMA)-ত ভৰ্তিৰ বাবে প্ৰাৰ্থীৰ বয়স ১৯ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে আৰু  Officers’ Training Academy-ত ভৰ্তিৰ বাবে প্ৰাৰ্থীৰ বয়স ১৯ বছৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগে। Indian Military Academy আৰু Officers’ Training Academy-ত ভৰ্তিৰ বাবে প্ৰাৰ্থীজন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। স্নাতক চূড়ান্ত পৰীক্ষা দিয়াসকলেও আৱে‍দন কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে SSB (Service Selection Board) সাক্ষাৎকাৰ দিব লাগে। Medically fit আৰু CDS মেধাৰ তালিকাত নাম থকাসকলে Indian Military Academy-ত ১৮ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে Permanent Commission Officer-ৰ বাবে আৰু Officers’ Training Academy-ত ১১ মাহৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে Short Service Commission Officer-ৰ বাবে। অবিবাহিত মহিলা প্ৰাৰ্থীয়ে কেৱল Short Service Commission Officer হ’ব পাৰে। ইয়াৰ সময় ১০বছৰ আৰু চৰ্তসাপেক্ষে ১৪ বছৰৰ বাবে হ’ব পাৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগে পৰিচালনা কৰা আন এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা হ’ল— ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা (National Defence Academy & Naval Academy Examination)। এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। অবিবাহিত  পুৰুষ প্ৰাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে আৰু প্ৰাৰ্থীৰ বয়স ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰৰ ভিতৰত হ’ব লাগে। পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থী যিকোনো শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগে বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিয়াসকলেও আৱেদন কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে ৫ দিনীয়া SSB (Service Selection Board) সাক্ষাৎকাৰ দিব লাগে। Medically fit আৰু NDA মেধা তালিকাত নাম থকাসকলক  প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰে আৰু প্ৰশিক্ষণৰ পাছত চাকৰিত যোগদান কৰিব পাৰে।  National Defence Academy-ত ৩ বছৰৰ আৰু Indian Military Academy-ত ১ বছৰৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে।

কেন্দ্ৰীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল— https://www.upsconline.nic.in।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যোগেদি যোগদান কৰাৰ বাহিৰেও সামৰিক বাহিনীত যোগদান কৰিব পৰা ব্যৱস্থাবোৰ হ’ল—

University Entry Scheme (UES): Engineering স্নাতকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে কাৰিকৰী শাখাৰ বাবে আৱেদন কৰিব পাৰে। এই পৰীক্ষাত অবিবাহিত  পুৰুষ প্ৰাৰ্থীহে অৱতীৰ্ণ হ’ব পাৰে আৰু প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে। যোগ্য প্ৰাৰ্থীক Campus Interview-ৰ যোগেদি বাছনি কৰে আৰু SSB  সাক্ষাৎকাৰ আৰু Medically fit হ’লে এবছৰ আৰু Indian Military Academy-ত প্ৰশিক্ষণৰ অন্তত Permanent Commission Officer পদত নিযুক্তি দিয়ে।

Technical Graduate Course (TGC): Engineering-ৰ বিভিন্ন বিভাগৰ স্নাতক অবিবাহিত  পুৰুষ প্ৰাৰ্থীসকলে Permanent Commission-ৰ বাবে আৱেদন কৰিব পাৰে। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হ’লে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে  আৰু পাছত নিযুক্তি দিয়ে।

Short Service Commission (Technical) পুৰুষ: Short Service Commission-ৰ কাৰিকৰী শাখাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে পাৰে। SSB সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হ’লে ৪৯ সপ্তাহ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব।

10+2 Technical Entry Scheme (TES) : দ্বাদশ শ্ৰেণীত ন্যূনন্তম ৭০ শতাংশ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত গড় হিচাপত পাব লাগিব। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হ’লে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব আৰু তাৰ পাছত ৩ বছৰীয়া Engineering-ৰ ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। তাৰ পাছত এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব আৰু শেষত বিভাগত যোগদান কৰিব পাৰিব।

Short Service Commission (Women): কাৰিকৰী (Technical) আৰু অ-কাৰিকৰী (Non-Technical)-ৰ পদত নিযুক্তিৰ বাবে SSB  সাক্ষাৎকাৰ আৰু Medical Test কৰা হয়।

NCC (Special Entry Scheme) : স্নাতক ডিগ্ৰীধাৰী আৰু NCC ৰ C- Certificate থকাসকলে Short Service Commission-ৰ বাবে আৱেদন কৰিব পাৰে। প্ৰাৰ্থীৰ বয়স ১৯ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগে। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ৰ যোগেদি বাছনি কৰে।

Judge Advocate General Entry:

আইনৰ স্নাতকত নিম্নতম ৫৫ শতাংশ নম্বৰ লাভ কৰাসকলে আৱেদন কৰিব পাৰে। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগে। যোগ্য প্ৰাৰ্থীয়ে SSB সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হ’ব লাগিব। তাৰ পাছত Short Service Commission-ত নিযুক্তি লাভ কৰিব। যোগ্য প্ৰাৰ্থীয়ে Permanent Commission-ৰ বাবে আৱে‍দন কৰিব পাৰে।

নিয়োগ মেলা (Recruitment Rally): Junior Commissioned Officers আৰু অন্য পদৱীৰ  বাবে নিযুক্তিৰ বাবে নিয়োগ মেলা আয়োজন কৰে।

Soldier (General Duty): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে আৰু প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰৰ ভিতৰত হ’ব লাগে।

Soldier (Technical): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়সহ  দ্বাদশ শ্ৰেণী   উত্তীৰ্ণ হ’ব লাগে  আৰু প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে।

Soldier (Clerk/Store Keeper): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল প্ৰাৰ্থী যিকোনো শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগে আৰু প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে।

Soldier Tradesman: এই পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল— দশম শ্ৰেণী উত্তীৰ্ণ আৰু ITI-ৰ বি‍ভিন্ন বিভিন্ন ট্ৰেডত উত্তীৰ্ণ হ’ব লাগে আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে কিছুমান ট্ৰেডৰ বাবে। এই পদবোৰৰ বাবে প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে।

Soldier Nursing Assistant আৰু Soldier Nursing Assistant (Veterinary): এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু ইংৰাজী বিষয়সহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে আৰু প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে।

Havilder Education: ইয়াত দুটা শাখা আছে। এটা শাখাৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল MA/MSc/MCA ডিগ্ৰীধাৰী বা BA/BSc/BCA/BSc(IT) ডিগ্ৰীধাৰী হ’ব লাগে B.Ed ডিগ্ৰীসহ। আন এটাৰ শাখাৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল  বা BA/BSc/BCA/BSc(IT) ডিগ্ৰীধাৰী হ’ব লাগে B.Ed ডিগ্ৰীসহ। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগে।

Catering JCO (Junior Commissioned Officer): এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা হ’ল প্ৰাৰ্থীসকল যিকোনো শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগে আৰু ‘Hotel Management and Catering Technology’-ত ডিপ্লমা থাকিব লাগে। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগে।

Junior Commissioned Officers আৰু অন্য পদৱীৰ  বাবে নিয়োগ মেলাত ১.৬ কিল’মিটাৰ দৌৰিব লাগে। নথিপত্ৰ পৰীক্ষা, শাৰীৰিক সক্ষমতা পৰীক্ষা, শৰীৰৰ জোখ-মাখ আৰু স্বাৰ্স্থ্য পৰীক্ষাকে‍ আদি কৰি‍ যোগ্য প্ৰাৰ্থীৰ বাবে এটা লিখিত পৰীক্ষা অনুষ্ঠিত হয়। শেষত বাছনি কৰা প্ৰাৰ্থীসকল প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰে। এই পদসমূহত নিযুক্তিৰ বাবে অনলাইন যোগেদি আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল—https://joinindianarmy.nic.in/

ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তি লাভ কৰিবৰ বাবে প্ৰাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰি পুৰণি প্ৰশ্নকাকতসমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব। প্ৰাৰ্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰি  বিভিন্ন পদৱীত নিযুক্তি লভাসকলৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিলেও উপকৃত হ’ব

 ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তিৰ বাবে আয়োজন কৰা লিখিত পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়। সাধাৰণ জ্ঞান দুই প্ৰকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ (Current Affairs)। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয়, ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলো বিষয়ৰ আনুষংগিক প্ৰসংগপুথি অধ্যয়ন কৰিব লাগিব। সাম্প্ৰতিক ঘটনা প্ৰবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে৷ তদুপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো   দৰকাৰ।

প্ৰাৰ্থীসকলে দীঘলীয়া সময়ৰ প্ৰস্তুতিৰ লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তিৰ বাবে আয়োজন কৰা    পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশা কৰিব পাৰি। 

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

সহকাৰী অধ্যাপক,যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

ভ
লেখকৰ পৰিচয়

ভাৰতীয় সেনাত কেনেকৈ যোগদান কৰিব পাৰি?

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)