৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

লাখন খোল নৃত্যনাটিকা

লেখকঃ মালবিকা শৰ্মা • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২০
৩ মিনিট পঠন • ১৬৯৭ বাৰ পঢ়া হৈছে

 মালবিকা শৰ্মা 

কাম্বডিয়াত  থকা  সময়ছোৱাত  বিভিন্ন  প্ৰকাৰৰ  শাস্ত্ৰীয়  তথা  লোকনৃত্য  উপভোগ  কৰাৰ  সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত  মোৰ প্ৰিয় এটি নৃত্য হ’ল লাখন খোল নৃত্য। লাখন খোল    (Lakhon khol) বা খেমেৰ মাল্ক্ড থিয়েটাৰ  ( Khmer masked theatre) কাম্বডিয়াৰ  এক  ঐতিহ্যবাহী  তথা  জনপ্ৰিয়  নৃত্য-নাটিকা। দশম  শতাব্দীৰ  আংকোৰ  যুগত,  ৰজা  জয়বৰ্মন  ভি (Jayavarman V)-ৰ  ৰাজত্বকালত  এই  ৰাজকীয়  নৃত্য-নাটিকাৰ  উৎপন্ন  হোৱা  বুলি  অনুমান  কৰা  হয়। প্ৰথম  অৱস্থাত  ৰাজকীয়  নৃত্য  হিচাপে‍  সন্মানিত হ’লেও পাছলৈ  ৰাজঘৰীয়াৰ  তৎপৰতাত  এই  নৃত্যকলা  ৰাজপ্ৰসাদৰ  সীমিত পৰিসৰৰ  পৰা  জনসাধাৰণৰ  মাজলৈ  বিয়পি  আহে।

লাখন খোল মানে পুৰুষে মুখা পিন্ধি কৰা নৃত্যকলা। মুখা পিন্ধি প্ৰদৰ্শন কৰাএই নৃত্য নাটিকা আংকোৰ যুগৰ পৰা বৰ্তমান সময়লৈকে কাম্বডিয়াৰ এক জনপ্ৰিয় নৃত্যকলা। কাম্বডিয়াৰ নৃত্য-শিল্পৰ ক্ৰমবিকাশত প্ৰকৃতি, সামাজিক শ্ৰেণী আৰু ভাৰতবৰ্ষৰ হিন্দু ধৰ্মই এক বিশেষ অৱদান আগ বঢ়াইছে। এই শ্ৰেণীৰ নৃত্যবোৰত একো একোটা ঘটনা বৰ্ণনা কৰা হয়। ভাৰতবৰ্ষৰ এক প্ৰধানম হাকাব্য ৰামায়ণৰ খেমেৰ অথবা কাম্বডিয়ান সংস্কৰণ ৰিয়েমকেৰ (Reamker)-ৰ কাহিনী আৰু আংকোৰ যুগৰ বিভিন্ন ঘটনাৰাজি এই নৃত্য অভিনয়েৰে‍ প্ৰকাশ কৰা হয়। কেৱল পুৰুষ মানুহে মুখা পিন্ধি কৰা ৰিয়েমকেৰৰ কাহিনীৰ অভিনয়ৰ লগত আমাৰ অসমৰ মুখা ভাওনাৰ সাদৃশ্য আছে।

 ২০১৮ চনৰ ২৯ নৱে‍ম্বৰত, The Phnom Penh post (phnompenhpost.com)-ত প্ৰকাশ  পোৱা মতে কাম্বডিয়াৰ নৃত্য নাট্য ঘৰাণাৰ লাখন খোলক মৰিশাসত (Mauritius) অনুষ্ঠি‍ত হোৱা এখন সন্মিলনত য়ুনে‍স্ক’ (UNESCO)-ৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ঠিকনা: 
ভূৱনেশ্বৰ
ম
লেখকৰ পৰিচয়

মালবিকা শৰ্মা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)