ভাস্কৰ জে নাথ
যেন
জোনটো এখন ক্ৰিম সনা ৰুটীহে!
ভেলেকা দি কামুৰি থাকোঁ আঙুলিৰ কাঁচিজোন নখ
এই কথাবোৰ মোৰ লগত আৰু কাৰ মিলে কোৱা?
এঘটি পানীয়ে ডিঙি নিজৰা অতিক্ৰম কৰোঁতে পেটৰ পুখুৰীত গীত বাজে
এঘুমটি যাম বুলি লওঁতেই চকুৰ পটাত নিমখৰ পাহাৰ এখন খহি পৰে
চাৰিটা দুপৰীয়াৰ ভৰিত চাৰিটা ৰ’দৰ চকা লগাই
নিমখ অনাৰ কথা চলি থাকে
নিমখ আমাৰ পুৰণি চিনাকি
দিনৰ পাতত এজেবা
ৰাতিৰ পাতত এজেবা
খাল যেন চকুত উত্তৰ-আধুনিক চিনেমা এখন চলি থাকে
লেপ্টপৰ জোনাকত তৰাফুল ছিঙি থাকোঁতে
প্ৰিছক্ৰিপ্শ্যন এখন চিলা হৈ উৰে
বেছি দূৰলৈ উৰুৱাবও নোৱাৰোঁ
মাটিত পৰিব দিবও নোৱাৰোঁ।

শ্ৰব্য ৰূপ
ভ
লেখকৰ পৰিচয়
ভাস্কৰ জে নাথ
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)