৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুবাদ কবিতা

লেখকঃ ড°প্ৰশান্ত মিশ্ৰ • প্ৰকাশিতঃ ২১ অক্টোবৰ, ২০২০
৩ মিনিট পঠন • ৮০৫ বাৰ পঢ়া হৈছে
মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert)
অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ

(কবি পৰিচিতি:  ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ ৪ ফেব্ৰুৱাৰি‍ত। ভিক্টৰ য়ুগোৰ পাছতেই অত্যন্ত জনপ্ৰিয় কবি হিচাপে বিবে‍চিত প্ৰেভে’ৰে কুৰি শতিকাৰ ত্ৰিছৰ দশকতেই কাব্যচৰ্চাৰ পাতনি মেলে। অৱশ্যে, ১৯৪৬ চনত প্ৰকাশ পোৱা প্ৰথমখন কাব্যগ্ৰন্থ 'Paroles'-ৰ পাছতহে তেওঁৰ খ্যাতি চাৰিওফালে বিয়পি পৰে। প্ৰেভে’ৰৰ সৰহ সংখ্যক কবিতাটেই পেৰিছ মহানগৰৰ অথবা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱা দেখা যায়। তেওঁ এজন চিত্ৰনাট্যকাৰো আছিল। ১৯৭৭ চনত এই মহান কবিগৰাকীৰ দেহাৱসান ঘটে।

‘গ্ৰীষ্ম’ ( Summer, La Belle Saison) শীৰ্ষক কবিতাটি A S Kline-ৰ মূল ফৰাচীৰ পৰা অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ ‘Selected French Poems from the early to mid 20th Century’-ৰ পৰা লোৱা হৈছে। কবিতাটিত এগৰাকী ষোড়শী গাভৰুৰ  জীৱনৰ কৰুণ গাথা সুন্দৰ ৰূপত অংকিত হৈছে। আনহাতে, ‘প্ৰথম দিন’ (First Day, Premier jour) শীৰ্ষক কবিতাটি Alastair Campbell-ৰ মূল ফৰাচীৰ পৰা অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ ‘Poems of Jacques Prevert’-ৰ পৰা সংগ্ৰহ কৰা হৈছে। উল্লিখিত কবিতাটো জীৱন আৰু মৃত্যুৰ ৰহস্য, আনন্দ আৰু নাটকীয় ধাৰণাৰে সংপৃক্ত।)

১.   গ্ৰীষ্ম 
 
বিভ্ৰান্ত, স্তম্ভিত
একাকী আৰু নিৰন্ন
 
এজনী ষোল বছৰীয়া গাভৰু
স্থি‍ৰ হৈ থিয় দি আছে
 
ফাঁচি বজাৰত
আগষ্টৰ পোন্ধৰ তাৰিখে
 
দুপৰীয়া।  
 
 
২. প্ৰথম দিন  
 
এখনি শুভ্ৰ চাদৰ
জপাৰ ভিতৰত
ৰঙা চাদৰ 
এখনি শেতেলিত
 
এটি শিশু মাতৃগৰ্ভত
মাতৃৰ প্ৰসৱ যন্ত্ৰণা
 
পিতৃ কুটীৰৰ আগচালিত
কুটীৰটো এখনি মহানগৰত
মহানগৰীত নিশা
 
মৃত্যুৱে উচুপি উঠে
আৰু অকালনৰ জীৱনতো।
ঠিকনা : 
অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট-৭৮৫০১৩
ড
লেখকৰ পৰিচয়

ড°প্ৰশান্ত মিশ্ৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)