৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সুৱাসত তোমাৰ উপস্থিতি

লেখকঃ ড০নিতালী বি কোঁৱৰ • প্ৰকাশিতঃ ২৯ মাৰ্চ, ২০২৬
১ মিনিট পঠন • ১৭২৯ বাৰ পঢ়া হৈছে

ড০ নিতালী বি কোঁৱৰ

(উৎসৰ্গা : জুবিনগাৰ্গ )

 

তুমি নাই !

তথাপি তোমাৰেই উপস্থিতি,

মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত।

আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে।

সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু,

যেন তোমাৰ স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটো


তাৰে দুপাহ

বৰ  যতনেৰে সজাই থৈছোঁ,

তোমাক যেনেকৈ সজাই থৈছোঁ হৃদয়ৰ সেউজীয়াত


নাহৰৰ মিঠা গোন্ধটো

ঘূৰি ফুৰিছে  মোৰ কোঠাটোত।

আৰু ই যেন

মোৰ নিশ্বাসত মিহলি হৈ

কাণে কাণে কৈ আছে-

তুমি আঁতৰি যোৱা নাই!

তুমি নাই বুলি কোৱা যায়নে?

এই নাহৰ, এই সুৱাস, এই গান, এই স্মৃতি ... 

সকলোতে তুমি !


গোৱানা আকৌ এবাৰ-

“নাহৰ ফুলাৰ বতৰ,

নাহৰ মোৰ মৰমৰ।

ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ, আনিছনে বহাগৰে খবৰ...”

 ***

 


ড
লেখকৰ পৰিচয়

ড০নিতালী বি কোঁৱৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)