পৰাগজ্যোতি মহন্ত
কিদৰে বুজাওঁ নিজকে
কিমান যে অসহজ এই কথা
অন্তৰাত্মাৰে ভেটাভেটি
ভিতৰৰ ন্যায়াধীশেৰে তুমুল বোধ-বিলাপ
তামস তীৰত সৌৱা
সমুখত এটি পৱিত্ৰ প্ৰেম-পাত্ৰত নয়নত নয়ন থৈ
ক্ৰৌঞ্চযুগল
কি দোষ আছিল মোৰ দৃষ্টিৰ তাত
উপভোগ নে দুৰ্ভোগৰ অভিলাষে
মোৰ দৃষ্টিয়ে লৈছিল সেই বাট
আছিল কি এই স্বগতোক্তিত মোৰ
যি পৌনঃপৌনিক !
মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শ্বাশ্বতী সমাঃ ৷
যৎ ক্ৰৌঞ্চ মিথুনাদেক মবধী কাম মোহিতম্ ৷৷
সেই যন্ত্ৰণাৰ এপিয়লা বিষাদ
পিলো উঠি মই
কিমানবাৰ নিজকে সুধিলোঁ
আছিল মোৰ ভাৱনা কিহৰে সংযুক্ত
ইতিহাসেওতো কৰিলে মোক অমৰ
সোণালী সূতাৰে সী পেলালে মোক,মোৰ ইতস্ততঃ
ভাৱনাক
সেই ব্যাধ কোন আছিল
কোন আছিল সেই ব্যাধ
তীৰৰ যাৰ লক্ষ্য কামাতুৰ ক্ৰৌঞ্চ
ৰোধিব নোৱাৰিলে নিজকে কিয়
কিয় নকৰিলে সমৰ্পণ বিবেকত হাত থৈ
ইন্দ্ৰিয়াসক্ত মনৰ দুৰ্বল প্ৰাচীৰ ভাঙি
আদিতম মহাকবি হোৱাৰ বাসনা
বাল্মীকিৰ আছিল নে নাছিল
সেয়া জানিবলে’ পাতকী যে মই
কথাৰ সাগৰৰ তলি উদং মোৰ
পূণ্য ভাৰতভূমি জন্মান্তৰৰ কাহিনী
ক্ৰৌঞ্চ-ৰামায়ণ ইত্যাদি
মই কেনেকৈ পাওঁ পাৰ
হে,বাল্মীকি কোৱা
ভ্ৰাম্যভাষঃ ৯১০১০৫১৯৬৭
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)