হেমন্ত ডেকা
কবি ধীমান বৰ্মনৰ
‘হাকুটি সম্ৰাট’ (২০২৫)ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা সীমিত৷ সৰ্বমুঠ ৩৯ টা কবিতা সন্নিৱিষ্ট
হৈছে এই সংকলনটিত৷ এক স্বকীয় কাব্যভাষা আৰু কৌণিক তত্ৰাচ প্ৰসাৰিত দৃষ্টিভংগী তেওঁৰ
কবিতাৰ অন্যতম বিশেষত্ব বুলি আমাৰ ধাৰণা৷ বুদ্ধিদীপ্ততাৰে ভাবৰ উন্মোচন আৰু সূক্ষ্ম
শ্লেষেৰে নিজৰ অনুভূতি / বক্তব্যক তুলি ধৰাত ধীমান অতি সিদ্ধহস্ত৷ কেতিয়াবা কেতিয়াবা
বিদ্ৰুপ আৰু বহু সময়ত আত্মমগ্নতাৰে কবিতাৰ বিষয়বস্তুক পাঠকৰ সমুখত তুলি ধৰিছে তেওঁ৷
কবিতা কেৱল ধীমানৰ বাবে আৱেগিক প্ৰকাশেই নহয় অনেক সময়ত কাহিনী কথনৰ অভীপ্সাত তেওঁৰ
কবিতাৰ এটি অতি গুৰুত্বপূৰ্ণ দিশ বুলিব পাৰি৷
‘হাকুটি সম্ৰাট’ৰ প্ৰথম ভাগৰ কবিতাত
ঘাইকৈ বিশ্বায়ন, কুটিল ৰাজনীতি, মধ্যবিত্তীয় সীমবদ্ধতা আৰু পংগু জীৱনবোধৰ প্ৰতি এক
শ্লেষাত্মক ভংগীমা সুলভ৷ ‘তৃতীয় বিশ্বৰ কবিতা’ শীৰ্ষক প্ৰথমটো কবিতাত
কৈছে – “মই কথক নহয় পাঠক/ মই এখনি জিভাহে/ যদিও মই এখনি জিভা/ মূলতঃ মই এটি আলি/ তৃতীয়
বিশ্বৰ জীনতাৰ৷” ৰাজনৈতিক গণ্ডীত আবদ্ধ শ্ৰেণীচেতনাই কবিক নিজৰ অৱস্থিতিৰ সম্পৰ্কে
সচেতন কৰি তুলিছে৷ গণতন্ত্ৰৰ নাগৰিক বুলি চিনাকি দিলেও আওপকীয়াকৈ আমি এতিয়া পুঁজিতন্ত্ৰৰ
পদানত, সেই কথাত কবিৰ কোনো দ্বিধা নাই৷ কিন্তু নিজৰ এই স্থিতিৰ প্ৰতি এক বিদ্ৰুপাত্মক
দৃষ্টি প্ৰকাশ পাইছে তেওঁৰ দ্বিতীয়টো কবিতা ‘কেপিটেলিষ্ট গাৰ্লফ্ৰেণ্ড’ত – “আমি দেখিছোঁ
মাথোঁ / আমাৰেই তেজৰ বোলৰ দলিচাত / আমাৰ বেয়া দিনৰ বোলৰ/তেওঁৰ কিচকিচিয়া জোতা/ তেওঁৰ
প্ৰতিটো বেত্ৰাঘাতত/ তেওঁক দিছো ধন্যবাদ / আৰু কৈছো/ আৰু এটা / মহাশয়া; আৰু এটা৷ “এইখিনিতে
ধীমানৰ শব্দচয়নৰ এটি দিশ মনকৰিবলগীয়া৷ ‘চিকচিকিয়া’ৰ পৰিৱৰ্তে জোতাৰ
বোল ‘কিচকিচিয়া’ বুলিহে কৈছে৷ শোষণ আৰু নিপীড়ন কথা গাঢ়তৰ কৰি তোলাত এনে প্ৰকৃতিৰ শব্দ
নিৰ্বাচনে ধীমানৰ প্ৰায় সংখ্যক কবিতাতে ওৰা পাতিছে৷ তেওঁৰ আন এটি কবিতা ‘চৰায়ে ফুলে
পাতে’ত সাম্প্ৰতিক জীৱন সম্পৰ্কে কৈছে- “ময়ো এজন মানুহ / অলপ আগতে এজন মানুহে
/ যাৰ পিঠিত কৰি গৈছে চুৰিকাঘাত/ মোৰ ঘৰ ভঙা হৈছে/ মোহাৰি পেলোৱা হৈছে/ পদূলিমুখৰ ফুল৷” উচ্ছেদিত-নিপীড়িত
মানুহৰ যন্ত্ৰণাবোধেৰে কবিতাটি তেনেই সিক্ত৷
ধীমান বৰ্মনৰ কবিতাত
আবেগৰ প্ৰকাশ আৰু নৈৰ্ব্যক্তিকতাৰে বিষয়ক পৰ্যৱেক্ষণ কৰিব পৰা সক্ষমতাও মনকৰিবলগীয়া
বিশেষত্ব৷ যেনে চাওক – “তাৰ পাছত কথকে ভুকিলে/ জলাতংকৰ বীজ হৈ শব্দবোৰে বিচাৰি ফুৰিলে
/ অধুনালু্প্ত সমজুৱা জীৱন / আৰু এদিন মিছাৰ মায়ালৈ / তেওঁ চিৰি বগাই নামিল/ সম্ভ্ৰান্ত
বজাৰ এখনৰ পৰা/ ছাণ্টা হৈ য’ত নাচি আছিল / আমাৰ তিনি ৰাতিৰ লঘোনীয়া দেউতা৷” শ্লেষাত্মক ভাষা
আৰু প্ৰকাশ শৈলীৰ এয়া বাঙ্ময় প্ৰকাশ মাথোন৷
মনকৰিবলগীয়া এয়ে
যে, তৃতীয় বিশ্বৰ নিৰ্যাতিত নাগৰিক হৈও ধীমান আশাহত নহয়৷ অনেক কবিৰ দৰে তেওঁৰ কবিতাত
কেৱল নষ্টালজিয়া বা দুখ-বেদনাৰ হা-হুতাশ নাই৷ কবি আশাবাদী, পৰিৱৰ্তন হ’বই৷ সেয়েহে ‘ডায়েৰী
অব মেছাচিষ্ট’ শীৰ্ষক কবিতাত তেওঁ ঘোষণা কৰিছে – “তথাপি তেওঁ আহিব/ ভগনীয়া
জনতাৰ আৰ্ত্তি সামৰি/ তেওঁ আহিব/ দেশহীন নাগৰিকৰ বাবে/ বিচাৰি বিচাৰি এমুঠি ভাগৰ জুৰোৱা
মাটি/ আৰু চকুলোৰে তেওঁৰ পদযুগলৰ ক্লান্তি ধুই দিবলৈকেই / আমি জী থাকিব লাগিব / বান্ধোনৰ
এই বসন্তত৷” কবিৰ এই আশাবাদ আকাশ কুসুম নহয়, জীৰ্ণ-দীনতাৰ দৈনন্দিন অভিজ্ঞতাৰ
পৰা বুটলি অনা সপোনৰ সুৱাগুৰিহে৷
‘হাকুটি সম্ৰাট’ৰ অন্তৰ্গত আন এটি
কবিতা ‘উচৱৰ দিনৰ পদ্য’ত শাসকবৰ্গই জনতাক মোহাচ্ছন্ন কৰি ৰাখিবৰ
বাবে আয়োজন কৰা অলেখ উৎসৱৰ প্ৰতি শ্লেষাত্মক ভাষাৰে কটাক্ষ কৰা হৈছে৷ মধ্যবিত্তীয় বাসনা
আৰু সীমাবদ্ধতাৰ অনুভৱ এই কবিতাটিতো সুলভ৷ কবিতাক কেৱল ৰোমাণ্টিকতাৰে আচ্ছন্ন ভাবৰ
প্ৰকাশৰ মাজত সীমাবদ্ধ ৰখাৰ বাবে কবিৰ আগ্ৰহ নাই৷ দুই-চাৰি কবিতাৰ মাজত কবিৰ ব্যক্তিগত
অনুভূতি বা ৰোমাণ্টিকতাৰ ভাব থাকিলেও ধীমান সমাজৰ প্ৰতিনিয়ত পৰিস্থিতিৰ প্ৰতিও সজাগ৷
সংকলনখনিৰ আৰম্ভনিৰ কবিতাবোৰৰ মাজত সামাজিক সংবেদনশীলতা আৰু ইয়াৰ বিপৰীতে কবিৰ প্ৰতিক্ৰিয়া
মনকৰিবলগীয়া বিষয়৷
আলোচ্য সংকলনখনিৰ
আন কেইটিমান কবিতা – মেছাচিষ্ট, ডাকোৱাল বৰষুণ, স্বপ্নৰ প্ৰেয়সী, নীতা আম্বানী, বজাৰত,
চিলা ভালপোৱা, দেবেন মাষ্টৰ, কবিতাৰ বাবে এটা কবিতা, কল্পনাৰ জলঙাৰে, আন্ধাৰতকৈ আন্ধাৰ
ভাল আদি কবিতাই পাঠকক চুই যাবলৈ সক্ষম৷ স্বকীয় কাব্যভাষা আৰু শব্দচয়ন তথা বয়নশৈলীৰে
কবিতাক আোন কৰি ল’বলৈ সক্ষম হোৱা কবি ধীমানৰ এইলানি কবিতাইও নিঃসন্দেহে পঢ়ুৱৈৰ অনুভূতি
তথা চিন্তা-চেতনাক স্পৰ্শ কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ বিশ্বাস৷ অৱশ্যে দীৰ্ঘ কাব্য
পৰিক্ৰমাত কবিয়ে নিত্য-নতুন কাব্যভাষা আৰু শৈলীৰ সন্ধান কৰাটোও নিশ্চয় স্বস্তিকৰ বিষয়
হ’ব৷ ধীমান বৰ্মনেও আশাকৰোঁ এই দিশত নজৰ ৰাখিব আৰু অনাগত দিনতো ‘হাকুটি সম্ৰাট’ৰ দৰেই সমৃদ্ধ তথা
ভিন্নস্বাদৰ কবিতা আমাক উপহাৰ দিবলৈ সক্ষম হ’ব৷
লেখকৰ ঠিকনা:
সহযোগী অধ্যাপক
বি. এইচ. কলেজ
হাউলী
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)