৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা

লেখকঃ উৎপলবৰকটকী • প্ৰকাশিতঃ ১৬ ফেব্ৰুৱাৰী, ২০২৬
২ মিনিট পঠন • ৯৭৪ বাৰ পঢ়া হৈছে

 

উৎপল বৰকটকী

 

জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ 

ছাই নহয়

জ্বলি জ্বলি শেষ নহয় সকলো জুই

সকলো জুইৰ অন্ত নাথাকে

 

পোহৰৰ বাবেও জুই লাগে 

সুখত জ্বলে জুই

শোকত জ্বলে জুই

 

এটা মিছাইল আহি টোপনিত লালকাল হৈ থকা

মোৰ ল’ছালিহালক ৰাতিপুৱাৰ সূৰ্যটো চাবলৈ

সুযোগ নিদিলে

 

মিছাইলৰ জুই ফিৰিঙতি আহি

মোৰ বুকুৰ জুইকুৰা জ্বলাই দিলে

 

তেতিয়াৰে পৰা মোৰ বুকুত জুই জ্বলি আছে

একুৰা

অন্ত হ’ব নোখোজা জুই

ছাই হ’ব নোখোজা জুই 

 

***

ঠিকনা : 

গাঁও- ৰঙামুৰী, ডাক: পাভৈ- ৭৮৪১৭৪ 

জিলা: বিশ্বনাথ (অসম)

ফোন: 81330-10063

ইমেইল: borkatakiutpal@gmail.com

উ
লেখকৰ পৰিচয়

উৎপলবৰকটকী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)