৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আমাক ঈশ্বৰ লাগেনে নালাগে!

লেখকঃ ৰৌচন আলি • প্ৰকাশিতঃ ১১ ফেব্ৰুৱাৰী, ২০২৬
২ মিনিট পঠন • ২৪৫৫ বাৰ পঢ়া হৈছে

ৰৌচন আলি 

ভগা দলঙত ওলমি থকা 

কংক্ৰীটৰ দৰেই

ঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহ

ঈশ্বৰৰ ঘৰত ঈশ্বৰ নাই

ঈশ্বৰৰ য'ত ঘৰ নাই

তাতেই নিশ্চল হৈ পৰি আছে ঈশ্বৰ 

এদিন আমিয়েই আমাৰ উত্তৰসুৰীক সুধিছিলোঁ- 

আমাক ঈশ্বৰ লাগেনে নালাগে !

সিহঁতে ক'লে-

গছবোৰ যেতিয়া 

কিতাপ হ'ব

বতাহজাক কলম

আৰু

আকাশত উৰি-ফুৰা চৰাইবোৰ আখৰ হ'ব

তেতিয়া হেনো পৃথিৱীৰ

প্ৰতিজন মানুহেই হ'ব ঈশ্বৰ! 

ইয়াত এখন নদীৰ মৃত্যু হ'ল

মৃত্যু হ'ল এখন গাঁৱৰ

গাঁও আৰু নদীৰ কংকাল বিচাৰি 

য'তে-ত'তে

সন্ধানহীন হৈছে 

ঈশ্বৰ সন্ধানী মানুহ.. 

শিশুৰ মুখত প্ৰথম ভাত গৰাহ দিওঁতে

ঈশ্বৰ হেনো নীলা হয়

মৃতদেহৰ মুখত জুই একুৰা দিওঁতে

ঈশ্বৰ হেনো হয় 

উত্তপ্ত ৰঙা

ৰঙা আৰু নীলাৰ

তফাৎ বিচাৰি 

মানুহবোৰ

আহি আছে

অথবা

গৈ

আছে 

ঈশ্বৰৰ সন্ধানত 

এখন ঈশ্বৰহীন পৃথিৱীলৈ ।

মানুহবোৰ দিগভ্ৰান্ত পথিকৰ দৰেই 

ৰৈ আছে 

বৰ্ণ-বৈষম্যহীন এজন ঈশ্বৰৰ সন্ধানত

ঈশ্বৰ ক'ত..! 

উপাসনা গৃহত নে

পদপথত... 

চৌদিশে বাদ-বিবাদৰ 

উন্মাদ চকৰী ঘূৰিছে

ঈশ্বৰক লৈ টনা-আঁজোৰা চলিছে 

কোনোফালে জ্বলিছে 

কোনোফালে মৰিছে মানুহ 

সেয়ে 

আমাৰেই উত্তৰসুৰীক সুধিছোঁ-

আমাক ঈশ্বৰ লাগেনে নালাগে !

***

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২, শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

ৰ
লেখকৰ পৰিচয়

ৰৌচন আলি

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)