৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ'দে বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ৩১ জানুৱাৰী, ২০২৬
১১ মিনিট পঠন • ১৮৭০ বাৰ পঢ়া হৈছে

 লোকনাথ গোস্বামী 

মন দাপোণত-১৬

(১)

নামৰূপলৈ বুলি গাঁৱৰ ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু সামগ্ৰী ভৰাই চাইকেলতে তুলি লৈ অকলে অকলে টাউনৰ সেই জুপুৰীটোলৈ আহিলো৷  জুপৰীটো তেতিয়া মোৰ Transit Campৰ দৰে আছিল৷ চাইকেলখন থৈ ৰিক্সা এখনত উঠি টাউনৰ মাজ ভাগতে থকা ভোমোৰাগুৰি বাছ চিণ্ডিকেটলৈ আহিলো৷ গাঁৱৰ ঘৰখনৰ পৰা ওলাই আহোঁতে মনটো শোকে খুন্দা মাৰি ধৰিছিল৷ মাই সজল দুচকুৰে চাই থকাৰ কৰুণ দৃশ্যটো আজিও মনৰ পৰা মচ যোৱা নাই৷ মাৰ কাষতে ৰৈ নবৌৱেও একান্তমনে চাই মোক বিদায় দিছিল৷ দাদাহঁত কামে কামে গৈছিল কাৰণে মোক বিদায় দিবলৈ কাষত কোনো নাছিল সেই সময়খিনিত৷ তেতিয়া তেজপুৰ টাউনৰ মাজমজিয়াতে থকা ভোমোৰাগুৰি বাছ চিণ্ডিকেটৰ পৰা ভোমোৰাগুৰি ঘাটলৈ বাছ চলে৷ পুৰণি মডেলৰ বাছৰ চেহেৰাই বেলেগ আছিল তেতিয়া৷  বাছ বিলাকৰ ’আপাৰ’(Upper), লৱাৰ’(Lower) ক্লাছ থাকে৷ ভাড়াৰো তেনেকৈ তাৰতম্য থাকে৷  ড্ৰাইভাৰৰ দুৱাৰখনৰ একাষত ৰবৰৰ বেলুনৰ দৰে হৰ্ণটো থাকে৷ হাতেৰে টিপি টিপি বজাব লাগে৷  হেণ্ডিমেনে হেণ্ডেল মাৰিলেহে বাছখনৰ ইঞ্জিন ষ্টাৰ্ট হয়৷

এটা সময়ত ভোমোৰাগুৰি ঘাট পালোগৈ৷ শিলঘাট অভিমুখী ফেৰী সাজু কৰি ৰখা দেখিলোঁ৷ বাছৰ পৰা হ’ল্ড’ল আৰু বাকচ লৈ ফেৰীত উঠিলোঁগৈ৷ ভোমোৰাগুৰিৰ পৰা শিলঘাটলৈ একাধিকবাৰ যাত্ৰা কৰাৰ অভ্যাস আছিল৷ এবাৰ ১৯৬২ৰ চীন-ভাৰতৰ সীমা সংঘাতৰ সময়ত আৰু এবাৰ নৰেনদাক অসম চিকিৎসা মহাবিদ্যাললৈ চিকিৎসাৰ বাবে নিওঁতে৷ ফেৰীত অকলে বহি আহোঁতে মনলৈ বিভিন্ন চিন্তাবিলাক আহিছিল৷ নতুন ঠাই, নতুন চাকৰি, কেনেকুৱাবা লাগে৷ এৰি অহা গাঁওখন, ঘৰখন, তাতোকৈ তেজপুৰ টাউনত সাজিবলৈ লোৱা নতুন আধৰুৱা ঘৰটোৰ কথা বৰকৈ মনৰ আগত ভাঁহি আছিল৷ এটা সময়ত ফেৰী চলিবলৈ ধৰিলে৷ দুঘণ্টামানৰ অন্তত শিলঘাটত ফেৰী লাগিলগৈ৷  দেখিলো ফেৰীখন ঘাটত লাগিবলৈ নৌ পাওঁতেই যাত্ৰীসকলে ফেৰীৰ পৰা জাঁপ মাৰি বাছৰফালে দৌৰিবলৈ ধৰিছে৷ ময়ো হ’ল্ড’ল আৰু বাকচটো লৈ যিমান পাৰো ৰঙা বাছখনৰ ফালে কোবা-কুবিকৈ গ’লো৷ যোৰহাট অভিমুখী বাছ হয়নে নহয় সুধি ল’লো৷ হয় বুলি কোৱাত হ’ল্ড’লটো পিছফালে দি বাকচটো লৈ পিছফালৰ ছিট এটাত বহিলোঁগৈ৷

                             (২)

নামৰূপ যাত্ৰাঃ

নামৰূপলৈ তেতিয়া বিয়লি বেলা মানে এক বজাত এখন নামৰূপী অভিমুখী চৰকাৰী বাছ চলিছিল৷  গতিকে তেজপুৰৰ পৰা জোৰা-তাপলি মাৰি গৈ সেইখন বাছ কোনোপধ্যেই ধৰিবগৈ নোৱাৰি৷  যোৰাহটলৈ গৈ এৰাতি কটাই পিছদিনাহে এক বজাৰ চৰকাৰী বাছখন ধৰিব পাৰি৷ সন্ধিয়া সাতমান বজাত যোৰহাট বাছ-আস্থান পালোগৈ৷ বাছৰ পৰা নামি ৰিক্সা এখন ধৰি চোলাধৰাৰ দিশে গ’লো৷  তেতিয়া হোটেলত থকাৰ অভ্যাস মুঠেও নাছিল৷ চিনাকি মানুহ বিচাৰি উলিওৱাটো এটা গতানুগতিক নিয়মত পৰিণত হৈছিল৷ চোলাধৰাত আমাৰ ভাগিন (বয়সত ডাঙৰ দাদাৰ লগৰ) দেউতিদা (জগন্নাথ গোস্বামী, জলপৰিবহন বিভাগৰ অভাৰচিয়াৰ, বৰ্তমান প্ৰয়াত) আছিল৷  দেউতিদাৰ বৌজনী (ৰাণী বৌ) বৰ সাদৰী মানুহ৷ ৰাণীবৌহঁতৰ ঘৰৰ পদূলিত টালি-টোপোলাসহ মোক দেখি একপ্ৰকাৰ আচৰিতেই হৈছিল৷ তেনেকৈয়ে এবাৰ ডাঙৰদাদা, মানে নৰেনদাক অসুস্থ দেহাৰে লৈ সন্ধিয়া ওলাইছিলোগৈ ৰাণীবৌহঁতৰ ঘৰ৷ তেতিয়াও আচৰিত হৈছিল হঠাতে ৰাতি গৈ ওলাওঁতে৷ এইবাৰো তেওঁলোকে কিবা সোধাৰ আগেয়েই আচল কথাটো ময়ে আগে-ভাগে ক’লো৷   নতুন চাকৰিত যোগ দিবলৈ যোৱা বুলি জানি ভাল পালে৷ দিনটোৰ যাত্ৰাৰ অন্তত একেবাৰে ভাগৰি পৰিছিলো৷ মোৰ চেহেৰা দেখিয়েই বৌয়ে গম পাই গৈছিল৷ মুখ-হাত ধুই লবলৈ ক’লে প্ৰথমে৷  তাৰ পিছত চাহ আনিলে৷ চাহ খাই থাকোতে নতুন চাকৰিৰ কথা সুধিলে৷ অভাৰচিয়াৰ দেউতিদাৰ প্ৰথম প্ৰশ্ন, ‘বিদ্যুৎ পৰিষদত কেমিষ্টৰ কাম কি?’ বুজাই দিলোঁ৷ তাৰ পিছতো ‘তাত গৈ ক’ত থাকিম, দা-দৰ্মহা কিমান’ ইত্যাদি অনেক কথা চলিল৷ ৰাতি খাই-বৈ সোনকালে শুই পৰিলোঁ৷  

পিছদিনা দুপৰীয়া ভাতসাজ খাই পুনৰ টালি-টোপোলা লৈ বাছ-আস্থান পালোঁগৈ৷ নামৰূপৰ বাছৰ টিকট এটা কাটি বাছত বহিলোঁগৈ৷ নামৰূপৰ পৰা শিৱসাগৰ, নাজিৰা, শিমলুগুৰি হৈ চলে নামৰূপৰ বাছ৷ সেইদিনা যোৰহাট বাছ-আস্থানৰ পৰা বাছখন ওলাওঁতেই বহু পলম  হৈছিল৷ এক বজাৰ ঠাইত চাৰি বজাত যাত্ৰা আৰম্ভ হ’ল৷ যাত্ৰীসকলে কোৱা শুনিলো, নামৰূপ পাওঁতে নিশা দহ-এঘাৰ মান বাজিব৷ শুনি মোৰ বুকুৰ ঢপ-ঢপনিয়েই উঠিবলৈ ধৰিলে৷ ইমান ৰাতি অচিনাকি ঠাই এখনত বাছৰ পৰা নামি কলৈ যাম,ক’ত থাকিম ডাঙৰ চিন্তা হ’ল৷ তথাপি নতুন যাত্ৰা-পথৰ দুয়োকাষৰ গাঁও-ভূঁই, প্ৰাকৃতিক পৰিৱেশ, বিশাল চাহবাগিচা বিলাক চাই চাই বিভোৰ হৈ গৈ থাকিলো৷ সেয়াও এক অনন্য অভিজ্ঞতা আছিল৷ মাজে মাজে ঘৰখনলৈ, মাৰ মুখখনলৈকো মনত পৰিছিল৷ মনত দুখ দুখ ভাব এটা সোমাই আছিল৷ বহু দূৰলৈকে এনেদৰে বিভোৰ হৈ গৈ থাকোতে কাষত যে আৰু এজন যাত্ৰী বহি গৈছে খেয়ালেই কৰা নাছিলো৷ এটা সময়ত দুয়োজনৰে মাজত কিবা প্ৰকাৰে মাত-বোল আৰম্ভ হ’ল৷ ময়েই তেখেতক প্ৰথমে সুধিলোঁ ক’লৈ যাব বুলি৷ তেখেতে নামৰূপলৈ যাব বুলি ক’লে৷ মই আকৌ সুধিলো নামৰূপৰ কলৈ বুলি৷ তেখেতে নামৰূপ থাৰ্মেললৈ গৈ আছে বুলি ক’লে৷ নামৰূপ থাৰ্মেল বুলি কোৱাৰ লগে লগে মনটো ফৰকাল লাগি গ’ল৷ তেতিয়া মই পৰম উৎসাহেৰে ‘ময়ো নামৰূপ থাৰ্মেললৈ গৈ আছো’ বুলি ক’লো৷ তেওঁৰো মোৰ উদ্দেশ্যৰ কথা জানিবলৈ আগ্ৰহ বাঢ়ি গ’ল৷ মই যেতিয়া নামৰূপ থাৰ্মেলত নতুন কৈ ‘এচিষ্টেণ্ট কেমিষ্ট’ৰ পদত যোগদান কৰিবলৈ গৈ আছোঁ বুলি ক’লো, তেওঁ এইবাৰ হাঃ হাঃ কৈ হাঁহি দি ক’লে- ‘ময়ো থাৰ্মেলত চাকৰি কৰি আছোঁ’ এছিষ্টেণ্ট কেমিষ্ট’ৰ পদত৷’ শুনি মোৰ হাঁহিমেই নে কান্দিম লাগিল৷ মানুহজনৰ হাতখনত খামুচি ধৰিলোঁ, মনত ডাঙৰ সাহস পালোঁ, মুখেৰে ওলাই গ’ল- ‘আমি একেখন নাৱৰে যাত্ৰী’৷ তেখেতৰ নামটো জানিবলৈ বিচৰাত ‘ৰাণা শৰ্মা’ বুলি ক’লে, ঘৰ গুৱাহাটীৰ জু-ৰোডত৷  

কথা পাতি গৈ থাকোঁতে হাতৰ ঘড়ীটোলৈ চাই দেখিলো নিশা প্ৰায় দহ বাজিছে৷ তেতিয়ালৈকে গাড়ী ক’তো ৰখোৱা নাই৷ ইফালে ভোকত পেটে কলমলাবলৈ ধৰিছে৷ মানুহজনক কথাটো কওঁ মানলৈ বাছখন এঠাইত ৰখালেগৈ৷ তেতিয়াহে বিজুলীৰ পোহৰ দেখিলোঁ৷ মানুহজনৰ পৰা জানিলো ঠাইখনৰ নাম সোণাৰি বুলি৷ গাড়ীৰ পৰা সকলো যাত্ৰীয়েই নামি প্ৰথমে মুকলি ঠাইত প্ৰস্ৰাৱ কৰিবলৈ দৌৰি গ’ল৷ আমি দুজনো অলপ দূৰলৈ গ’লো৷ ঘূৰি আহি চাহৰ দোকান খনত সোমালো৷  তেওঁ ভাত পালে ভাতকে খোৱাৰ কথা ক’লে৷ কিয়নো নামৰূপত গৈ ৰাতিখন ক’তো হোটেল নেপাম বুলি মোক ক’লে৷ সেয়ে শ্ৰীশৰ্মাৰ লগতে মোকো ভাতকে দিবলৈ ক’লো৷ ৰাতি বেছি হোৱাৰ কাৰণে ভাতৰো নাটনি পৰিছিল যদিও যি পালো তাকেই খাই কোনোমতে উদৰ পূৰালো৷ তাৰ পিছত আকৌ যাত্ৰা আৰম্ভ হ’ল৷ ৰাতিৰ গভীৰ এন্ধাৰ হোৱা বাবে বাছেৰে পাৰ হৈ যোৱা ঠাইবিলাক ধৰিব নোৱাৰিলোঁ৷  দিনত হোৱা হ’লে হয়তো নতুন ঠাই বিলাকৰ সম্যক পৰিচয় এটা পালোঁহেতেন৷ এনেকৈ নৈ-বিল, পথাৰ-পাহাৰ অতিক্ৰমি হঠাৎ বিজুলীৰ চিকমিকনি দেখিলোঁ৷  তাৰপিছত পোহৰ আৰু পোহৰ৷ তেতিয়াই শ্ৰীশৰ্মাই মোক নামিবৰ কাৰণে সাজু হবলৈ ক’লে৷  কিবা এটা অজান শিহৰণ অনুভৱ কৰিলো মনত৷ তেতিয়ালৈকে নেজানো সেই যাত্ৰাৰ শেষ ক’ত, কেনেকৈ হবগৈ৷

 বাছখন এঠাইত ৰ’ল৷  কণ্ডাক্টৰে ‘নামক নামক থাৰ্মেল পালেহি’ বুলি ৰাতিখন চিঞৰিলে৷  হোল্ডল আৰু বাকচটো লৈ বাছৰ পৰা নামি দেখিলো বৰষুণ কিনকিনাই আছে৷ চাৰিওফালে পোহৰ, তাৰ লগে কাণত পৰিল কলঘৰৰ পৰা ভাঁহি অহা এক অস্বাভাৱিক গুমগুমনি৷ পৰিৱেশটো মোৰ তেনেই অপৰিচিত আছিল৷ আহোঁতে বাছত ঘটনাক্ৰমে চিনাকি হোৱা সহযাত্ৰী ৰাণা শৰ্মাক লগ নোপোৱা হ’লে সেই ৰাতিখন তেনেই অচিনাকি ঠাই এখনত মোৰ অৱস্থা কি হ’লহেতেন আজিও ভাবিলে বুকু কঁপি যায়৷ থাৰ্মেল কলনীৰফালে আগবাঢ়ি যাওঁতে দেখিলো ভালেখিনি দূৰত পাৱাৰ হাউচৰ মুধচত ৰঙা আখৰেৰে জিলিকি আছে N T P S(Namrup Thermal Power Station)৷ সেই পাৱাৰ ষ্টেচনৰ পৰা ভাঁহি আহিছে কাণত ধৰা এক ‘হুইচলিং শব্দ’(Whistling Sound)৷  দীঘল ৰাস্তাটোৰ মাজৰ বিভাজক(Divider)ত ওখ ওখ শাৰী শাৰী ইউকেলিপ্টাচ গছ৷ তেতিয়ালৈকে মই নেজানিছিলো শ্ৰীশৰ্মাৰ সৈতে মই ক’লৈ গৈ আছিলো৷ এটা সময়ত শৰ্মা সমীপৰ আবাসিক এলেকা এটাৰ ফালে মোক লৈ সোমাই গ’ল৷ প্ৰথম কোৱাৰ্টাৰটোত তেতিয়াও লাইট জ্বলি আছিল৷ ৰাণা শৰ্মাই শইকীয়া উপাধিৰ কোনোবা এজনক বাহিৰলৈ মাতিলে৷ তেওঁ ওলাই অহাৰ পিছত মোৰ সৈতে চিনাকি কৰাই দিওঁতে অলপো গুৰুত্ব নিদি মাথোঁ কোৱা শুনিলো- ‘নতুন মানুহবিলাক আহোঁতে প্ৰথমে ঠিকেই থাকে, পাছত লাহে লাহে পাহৰিলৈ আৰম্ভ কৰে, ‘আপোনাৰ লগতে লৈ যাওক’৷ এই বুলি আকৌ ভিতৰলৈ সোমাই গ’ল৷ মই একো বুজি নেপালো৷ পাছত শ্ৰীশৰ্মাই ক’লে, তেৱোঁ এজন নতুনকৈ যোগদান কৰা ‘এচিষ্টেণ্ট কেমিষ্ট’, নাম ধবলগিৰি শইকীয়া, নামটো বেলেগ ধৰণৰ আছিল৷ শৰ্মাই কোৱা আন এটা কথা শুনিহে মই বিচূৰ্তি খালো৷ সেই কোৱাৰ্টাৰটোত বোলে ৰাতি ৰাতি জুৱাৰ অড্ডা বহে৷ অনন্ত শৰ্মা নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এজনে নিজলৈ এটা ৰুম ৰাখি বাকী কেইটা জুৱাৰীক ভাড়ালৈ দিয়ে৷ তেনেকৈ নিতৌ বাহিৰাকৈ পইচা ঘটে৷ কথাবিলাক মুঠেও ভাল লগা নাছিল মোৰ৷  

কেইটামান কোৱৰ্টাৰ পাৰ হৈ শৰ্মাই আৰু এজন শৰ্মাক ৰাতিখন চিঞৰি মাতিলে৷ সেইজন শৰ্মা টোপনিৰ পৰা উঠি আহি ৰাণা শৰ্মাক কি হ’ল সুধিলে৷ ৰাণা শৰ্মাই মোলৈ দেখুৱাই ক’লে ‘এখেত গোস্বামী, তেজপুৰৰ পৰা আহি আছে আমাৰ লেবৰেটৰীত নতুনকৈ যোগ দিবলৈ৷ আপুনি আজি ৰাতিটো আপোনাৰ তাতে ৰাখক, কাইলৈ বেলেগ ব্যৱস্থা কৰিব লাগিব৷’ সিজন শৰ্মাই মোৰ ভৰিৰ পৰা মূৰলৈ চালে, তাৰ পিচত ভিতৰলৈ মাতি বাহিৰৰ ৰুমটোতে বিচনা এখন দেখুৱাই তাতে শুবলৈ ক’লে৷ ময়ো হোল্ডল, বাকচ আদি মজিয়াতে থৈ বাথৰুমটো দেখুৱাই দিবলৈ ক’লো৷  বাথৰুমত মুখ-হাত ধুই ভাগৰে-জুগৰে আহি বিচনালৈ আহি দেখিলো আৰু এজন মানুহ তাতে শুই আছে৷ মই বেচি একো নুশুধিলো৷ ভাগৰে-জুগৰে মই শুই পৰিলো যদিও বহু দেৰিলৈ টোপনি নাহিল৷ বাৰে বাৰে ভাবিবলৈ ধৰিলো ‘ক’ত বা  আহি সোমালোহি’৷

সেই যে ৰাতি শৰ্মা উপাধিৰ মানুহজনৰ ঘৰত কটালো, তেওঁৰ নাম আছিল লক্ষ্মী শৰ্মা, জুনিয়ৰ ইঞ্জিনিয়াৰ, লেবৰেটৰীৰে সহকৰ্মী৷ লক্ষ্মী শৰ্মাৰ মাকো লগতে আছিল কোৱাৰ্টাৰত৷ পিচদিনা পুৱা চিনাকি দিয়াত, তেজপুৰৰ মানুহ বুলি জানি বৰ ভাল পালে৷ সকলৰ আত্মীয় লোক (সৰ্ৱেশ্বৰ, চন্দ্ৰ পঞ্চাননৰ ঘৰ) তেজপুৰৰ আমাৰ ঘৰৰ ওচৰতে আছে বুলিও ক’লে৷ আইনজন আছিল তালেব আলি, তেৱোঁ এচিষ্টেণ্ট কেমিষ্ট, নতুনকৈ যোগদান কৰা৷ তাতে পুৱাৰ চাহ-তাহ খাই উঠাৰ পিছত ৰাণা শৰ্মা আহি মোৰ চাকৰি থলী D M Plant & Chemical Labratoy লৈ লৈ গ’ল৷ তালেব আলিও গ’ল, তেতিয়াহে তালেব আলিৰ সৈতে কথা-বতৰা হ’লো৷ তেওঁ ছিপাঝাৰৰ লোক৷

(ক্ৰমশঃ)

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)