৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ফলাফল

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৮ ডিচেম্বৰ, ২০২৫
২ মিনিট পঠন • ২৩১৬ বাৰ পঢ়া হৈছে

 জয়ন্ত দত্ত

 

ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে...

প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ আৰক্ষী

 

এই কিছু সময়ৰ আগতে তাই পাৰহৈ গৈছেহি

যেন এপাহ শেতাফুল

পাহীৰ পৰা পিছলি লালায়িত চকুবোৰে যেতিয়া স্তবক চেলেকেগৈ কেইবাবাৰো মূৰ জোকাৰে

স্বাদ হীন..

 

চুবুৰিৰ জাকজমক ছবিখনত সিঁহতৰ ঘৰখন যেন চিয়াহীৰ এটা কদাকাৰ দাগ...

 

তাইক সন্ধ্যাৰ প্ৰাৰ্থনাবোৰে টিটকাৰি মাৰে

আধা জ্বলাই নুমাই থোৱা ধুপডালেও

আচনিৰ চাকিটোলৈ খেদামাৰি আহে

অজস্ৰ ম’হ, গান্ধী, উইচিৰিঙা...

 

পৰীক্ষা ওচৰ চাপিছিলেহি

দৰ দাম মাৰি চুলিৰ সলনি দুই দিস্তা কাগজ লোৱা চুলিবেপাৰী এটাই দুদিন বাৰাণ্ডাত বহা খবৰটোৱে ৰতিছিল দিনবোৰ

 

চাইকেলৰ বোজাই বঢ়াই নিশকতীয়া বাপেকটোৱে পৰীক্ষা বুলি আনি দিয়া গাখীৰ পোৱাও মাকৰ হাতত প্ৰায়ে কাঁচি মাৰিছিল

মেকুৰী খাইছিল তিনিদিননে চাৰিদিন..

 

অৱশেষত ফলাফল ওলাল

চকুবোৰ ডাঙৰ হৈ গ’ল গাঁওখনৰ

মানুহেই মানুহ ঘৰখনত...

 

পিছদিনা বাঁহেৰে সাজি লোৱা মেজখনত পৰি

আছে মৰহি যোৱা ফুলৰ কুকি

পিৰালিত বহি বাপেকে গণি আছে আকাশ মাটি

কালিলৈ হাটবাৰ আলহীক সোধোতেই শেষ হ’ল

বেপাৰৰ সমস্ত মূলধন

 

বাহিৰ ফুৰি ফুৰি হায়ৰাণ জীয়েকে মাকক কৈছে

আধাপেটিয়েই ভাল ...

 


ম’বাইল -৯৩৬৫৪৫৭৭৫১





জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)