৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৮

লেখকঃ নিজৰা ৰাজকুমাৰী • প্ৰকাশিতঃ ২৪ ডিচেম্বৰ, ২০২৫
৭ মিনিট পঠন • ৯৮৯ বাৰ পঢ়া হৈছে

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)


নিজৰা ৰাজকুমাৰী


২০০৪ চনৰ চিনেমা সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পাৰিপাৰ্শ্বিকতাৰ শিতানত পুৰস্কাৰ লাভ কৰা চিনেমাখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য ৰচনা, সংলাপ, কাহিনী আৰু প্ৰযোজনাও সঞ্জীৱ সভাপণ্ডিতৰ৷ চিত্ৰগ্ৰহণ মৃণালকান্তি দাসৰ৷ অভিনয় কৰিছিল যতীন বৰা, উপকুল বৰদলৈ, আব্দুল মজিদ, বীণা পটংগীয়া আদিয়ে৷

 

অসমীয়া সঙ্গীতপ্ৰেমীৰ মনত বিশেষ স্থান লাভ কৰা এটি গীত– ক’ৰ এজাক সপোন যেন বৰষুণ/ ধূলিৰ ওৰণি ঠেলি ভাহি আহে/ ভাহি আহে কোমল মাটিৰ গান গুণ গুণ গুণ/ এজাক সপোন যেন বৰষুণ/ ক’ৰ এজাক সপোন যেন বৰষুণ/ শুই থকা বননিক দিলেহি জগাই/ সাৰ পালে সেয়ে আজি সেউজী শোভাই/ কঁপি উঠে ক’ৰবাত অচিন নুপুৰ/ ৰুণজুন ৰুণজুন ৰুণজুন…/–গীতটি মুনীন বৰুৱা পৰিচালিত ‘দীনবন্ধু’ৰ৷ দৃশ্যটোত গীতটি গোৱাৰ অভিনয় কৰিছিল অভিনেত্ৰী নিশিতা গোস্বামীয়ে আৰু তবলা বজাইছিল জুবিন গাৰ্গে৷ ‘জুয়ে পোৰা সোণ’ৰ সৈতে একেটা বছৰৰে আৱাহন থিয়েটাৰ নিৱেদিত, কৃষ্ণ ৰয় প্ৰযোজিত চিনেমা মুনীন বৰুৱাৰ ‘দীনবন্ধু’ই শ্ৰেষ্ঠ আঞ্চলিক চিনেমাৰ ৰজত কমল লাভ কৰিছিল৷ ‘দীনবন্ধু’ৰ কাহিনী আৰু সংলাপ লিখিছিল ভবেন্দ্ৰনাথ শইকীয়াই, চিত্ৰনাট্য মুনীন বৰুৱাৰ৷ অভিনয় কৰিছিল তপন দাস, জুবিন গাৰ্গ, নিশিতা গোস্বামী, প্ৰস্তুতি পৰাশৰ, অৰুণ নাথ, গায়ত্ৰী মহন্ত, ভাস্কৰ বৰা আদিয়ে৷ কলা নিৰ্দেশনা মঞ্জুলা বৰুৱাৰ৷ চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ৷ সংগীত পৰিচালনা জুবিন গাৰ্গৰ আৰু নেপথ্য কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অনিন্দিতা পাল৷ চিনেমাখনৰ আৰম্ভণিতেই ‘দীনবন্ধু’ৰ মুখত এটি সংলাপ দিয়া হৈছিল—কাহিনী এটা আৰম্ভ কৰাটো সহজ, কিন্তু কোনো খুঁত নথকাকৈ শেষ কৰাটো বৰ টান৷ ‘দীনবন্ধু’ৰ সংসাৰখনৰো এয়াই কাহিনী, মাতৃহীনা ৰাণী-বাণীৰ সৈতে দীনবন্ধুৰ জীৱন সংগ্ৰামৰ কাহিনী৷ চিনেমাখনৰ আন এটি জনপ্ৰিয় গীত হ’ল —দিয়া মোক দিয়া আকাশৰ দৰে দিয়া/ সুবিশাল এটি মন মিলি যায় যাৰ পাৰাপাৰহীন/ সুনীল সাগৰখন সামৰিম বেলি জোন/ আঁকোৱালি ল’ম অলেখ তৰাৰ মেলা/ দিয়া মোক দিয়া আকাশৰ দৰে দিয়া/ মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধুলিৰ ৰং/ দিয়া মোক দিয়া দিয়া/ সুবিশাল এটি মন/ আঁকোৱালি ল’ম অৰণ্যৰ ভয়/ আঁকোৱালি ল’ম উত্তাল সাগৰ ধুমুহাৰ গৰ্জন…/ দীনবন্ধুৰ ঘৰখনৰ গতানুগতিক সময়, দুই গাভৰুৰ প্ৰেমিকৰ সৈতে ফুৰা-চকা, গানগোৱা, দেউতাকে পঢ়ামেজত বহি থকা ছোৱালীহঁতক গাখীৰৰ গিলাছ যতনাই দিয়া আদি দৃশ্য থকা গীতটিৰ দৃশ্যায়ন অপূৰ্ব৷

 

অৰুণ গোস্বামীৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ নামৰ গল্পটোৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰি মঞ্জু বৰাই নিৰ্মাণ কৰিছিল ‘লাজ’ নামৰ এখন চিনেমা৷ মুক্তিৰ চন ২০০৪৷ ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত ‘লাজ’ পৰিচালনাৰ লগতে প্ৰযোজনাও কৰিছিল মঞ্জু বৰাই৷ ‘লাজ’-ৰ বাবে ৰাভা সঙ্গীত আজলী ছোৱালী/ নানা ফুলে তুলি/ আনিলো আঁচল ভৰাইগাইছিল তৰালি শৰ্মাই৷ ইয়াৰ পাছৰ বছৰত আহিল কৃষ্ণ-প্ৰেম, বৈষ্ণৱ পৰম্পৰাক লৈ কৰা চিনেমা ‘কদমতলে কৃষ্ণ নাচে’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত আঞ্চলিক ছবিৰ ৰজত কমল লাভ কৰিছিল চিনেমাখনে৷ অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ এটি বিশেষ পৰিয়ালৰ পৰা অহা সুমন হৰিপ্ৰিয়াই ‘কদমতলে কৃষ্ণ নাচে’ৰ পৰিচালনা কৰাৰ লগতে চিত্ৰনাট্যও ৰচনা কৰিছিল৷ কাহিনী আছিল বিজুপ্ৰভা আৰু ৰাণাজিত চক্ৰৱৰ্তীৰ৷ নিপন গোস্বামী, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী, তপন দাস, সৌৰভ হাজৰিকা, ৰূপশিখা শালৈ, চেতনা দাস, হিৰণ্য দাস, হিৰণ্য দাস আদিয়ে অভিনয় কৰা চিনেমাখনৰ সঙ্গীত পৰিচালনা কৰিছিল প্ৰভাত শৰ্মাই৷ বিশিষ্ট চিত্ৰ সাংবাদিক, চিনেমাৰ আলোচক অৰুণলোচন দাসে লিখিছিল– ‘কদমতলে কৃষ্ণ নাচে’ হ’ল মহাপুৰুষ দুজনাৰ সৰ্বাধিক বৰগীত ব্যৱহাৰ কৰা প্ৰথম অসমীয়া চিনেমা৷ লগতে ৰখা হৈছে এটি হোলী গীতো৷

 

 

লণ্ডনৰ ৰণদীপ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছিল শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত চিনেমা ‘অহিৰ ভৈৰৱ’৷ ‘অহিৰ ভৈৰৱ’ মুক্তি পাইছিল ২০০৭ চনৰ ১৫ এপ্ৰিলত৷ চিনেমাখন নিৰ্মাণৰ খবৰে সেইসময়ত অসমৰ চলচ্চিত্ৰৰসিকৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছিল৷ কাৰণটো আছিল বিদেশত কৰা দৃশ্যগ্ৰহণ আৰু ইয়াৰ নিৰ্মাণ ব্যয়৷ তেতিয়ালৈকে কোনো এখন অসমীয়া চিনেমাতে প্ৰযোজকে ‘অহিৰ ভৈৰৱ’ৰ সমান ধন খৰছ কৰা নাছিল৷ ‘অহিৰ ভৈৰৱ’ আছিল লণ্ডনত দৃশ্যগ্ৰহণ কৰা আৰু বিগ বাজেট অৰ্থাৎ এক কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া চিনেমা৷ প্ৰযোজনা আছিল প্ৰবাসী অসমীয়া ড০ ৰণেন শৰ্মাৰ৷ চিনেমাখনৰ বাবে কাহিনী আৰু সংলাপ লিখিছিল পংকজ ঠাকুৰে৷ পংকজ ঠাকুৰৰ সৈতে যুটীয়াভাৱে চিত্ৰনাট্য ৰচনা কৰিছিল বিদ্যুৎ চক্ৰৱৰ্তীয়ে৷ ‘ৰাগ-বিৰাগ’, ‘দুৱাৰ’ আদি পৰিচালনাৰে অসমৰ চিনেমাজগতত সবল খোজ দিয়া প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তীয়ে ‘অহিৰ ভৈৰৱ’ত অভিনয় কৰাৰ লগতে সহযোগী পৰিচালক হিচাপেও কাম কৰিছিল৷ চিনেমাখনত সঙ্গীত দিছিল হেমন্ত গোস্বামী আৰু ৰাজেশ্বৰ বৰদলৈয়ে৷ মনিষাৰূপী পূৰৱী শৰ্মাৰ ওঁঠত দিয়া চিনেমাখনৰ প্ৰথম গীতটোত কণ্ঠদান কৰিছিল ইলোৰা বৰুৱাই—কোনে আহি ফুলকলি দিলেহি ফুলাই/ কোনে আহি গানে গানে সঁহাৰি জনাই/ আজি অজানা পুলকে দিয়া উপচায়/ বাৰে বাৰে বিহগীৰ অলকা গীত শুনো /প্ৰাণত গোপন যত কথা আছে গঁথা…

 

‘অহিৰ ভৈৰৱ’ত থকা গোটেইকেইটি গীতৰ কথা আছিল গীতিকাৰ হেমন্ত গোস্বামীৰ৷ গীতসমূহত কণ্ঠদান কৰিছিল শান্তা উজীৰ, সমৰ হাজৰিকা, মালবিকা বৰা, ইলোৰা বৰুৱা, অংকেশ, প্ৰিয়স্মা, নম্ৰতা আৰু ঋষিয়ে৷ আৱহ সঙ্গীত প্ৰখ্যাত সঙ্গীত পৰিচালক শ্বেৰ চৌধুৰীৰ৷ শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শ্বেৰ চৌধুৰী ‘অহিৰ ভৈৰৱ’কে ধৰি প্ৰায় ডেৰকুৰি কাহিনীচিত্ৰ, তথ্যচিত্ৰ, দূৰদৰ্শনৰ অসমীয়া তথা হিন্দী ধাৰাবাহিক আদিৰ সঙ্গীতৰ সৈতে জড়িত আছিল৷ ৰোমাণ্টিক যুটি কপিল-জেৰিফাৰ আবেগিক মুহূৰ্ত কিছুমানক সজোৱা হৈছিল সমৰ হাজৰিকা আৰু শান্তা উজীৰৰ কণ্ঠৰ এই গীতটিৰে– জীৱনৰ আজি এটি সোণোৱালী দিন/ আকুল আৱেশ ভৰা সপোন ৰঙীন/মোৰ মন উলাহত উৰিছে/ হৃদয় উপচি পৰিছে……//

 

 (ক্ৰমশঃ)



ন
লেখকৰ পৰিচয়

নিজৰা ৰাজকুমাৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)