অমৃত গোস্ৱামী
আমাৰ শৈশৱকালত আমি
খেল-ধেমালি কৰিবৰ বাবে ঠাইৰ কোনো অভাৱ অনুভৱ কৰা নাছিলো, সকলো ফালেই খেলা-ধুলা কৰিবৰ
বাবে উপযুক্ত মুকলি ঠাই আছিল৷ স্কুলৰ পৰা আহি ঘৰত কিবা এমুঠি খাই আমি সদায় দৌৰ দিছিলোঁ
ঘৰৰ কাষৰ ‘যজ্ঞমন্দিৰ ফিল্ড’-লৈ, আৰু তাতে আমাৰ বয়সৰ আৰু আমাতকৈ বয়সত ডাঙৰ, ওচৰৰ দাদাহঁতৰ
লগত একেলগে ফুটবল খেলিছিলো―সন্ধিয়া পৰ্যন্ত৷
কেতিয়াবা দাদাহঁত ভিতৰৰ কোনোবাজনৰ কোনোবাটো ‘ফ্ৰি কিক শ্বট’ত কাঠ যেন টান পাঁচনম্বৰ
ফুটবলটো পেটত পৰি কিছু সময়ৰ বাবে উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ নিচিনা হোৱাৰ কথা এতিয়া
গৌৰৱেৰে সোঁৱৰো!
সেই সময়ত যজ্ঞমন্দিৰ
ফিল্ডখনৰ পূব দিশে, কেঁচা ৰাস্তাটোৰ সিটো পাৰে আছিল আৰু এখন বহল মুকলি পথাৰ৷ তাত আমাতকৈ
বয়সত সৰু চামটোৰ ল’ৰা-ছোৱালীবিলাক একেলগ হৈ খেলিছিল– লুকা-চুৰি, চোৰ-পুলিচ, ‘হ’দৌগুটিমাৰলি’
আদি খেলবোৰ ৷
উল্লেখযোগ্য যে আমাৰ
ঘৰৰ ওচৰৰ সেই যজ্ঞমন্দিৰ ফিল্ডত আমাৰ শৈশৱকালত ‘স্বাধীনতা দিৱস’ আৰু ‘গণতন্ত্ৰ দিৱস’,
এই দুয়োটা বিশেষ দিনত বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ সেই প্ৰতিযোগিতাত
অংশগ্ৰহণ কৰি আমাৰ অঞ্চলটোৰ শিশু আৰু চেমনীয়াসকলে গৌৰৱ অনুভৱ কৰিছিল৷ কি যে সজীৱ আছিল
আমাৰ শৈশৱকালৰ সময়খিনি!
―“আনন্দময় শৈশৱৰ
দিন এদিন শেষ হয়, কিন্তু তাৰ স্মৃতি সদায় মধুৰ হৈ থাকি যায়৷”
এটা আবাসিক অঞ্চল
গঢ় লৈ উঠাৰ আৰম্ভণি সময়চোৱাত সাধাৰণতে স্বাভাৱিকভাৱে কিছুমান ঠাই মুকলি হৈয়ে থাকে৷
সেইবোৰেই শিশুসকলৰ খেলপথাৰ, দৌৰাদৌৰিৰ স্থান, বন্ধুবৰ্গৰ সৈতে মিলি আনন্দ কৰাৰ ঠাই৷
আবেলি সময়ত শিশুসকলে তাতে সাধাৰণ ভাৱে ফুটবল, ক্ৰিকেট খেলিব পাৰে বা লুকাভাকু বা অন্যান্য
খেল খেলি শাৰীৰিক আৰু মানসিক বিকাশৰ সুযোগ লাভ কৰিব পাৰে৷ কিন্তু সময়ৰ লগে লগে এই মুকলি
ঠাইবোৰৰ চেহেৰা সলনি হ’বলৈ ধৰে৷ মুকলি ঠাইবোৰত সাধাৰণতে কোনো ধৰ্মীয় প্ৰতিষ্ঠান নিৰ্মাণ
বা সামাজিক অনুষ্ঠান গঢ়ি তোলা হয়৷ প্ৰথমতে অস্থায়ীভাৱে আৰম্ভ হোৱা ব্যৱস্থাবোৰে পিছলৈ
স্থায়ীৰূপ লাভ কৰে, আৰু এদিন দেখা যায় যে শিশুসকলৰ খেলপথাৰ বুলিবলৈ একোৱেই বাকী নাথাকেগৈ৷
নিঃসন্দেহে ধৰ্মীয়
অনুষ্ঠান বা উপাসনাস্থলীৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ উপাসনাস্থলীয়ে মানুহক
আধ্যাত্মিক শক্তি দিয়ে, সামাজিক সম্প্ৰীতি বৃদ্ধি কৰে আৰু নৈতিক মূল্যবোধৰ বিকাশতো
ভূমিকা পালন কৰে৷ কিন্তু সমস্যাটো তেতিয়াই সৃষ্টি হয়, যেতিয়া সমাজৰ আন মৌলিক প্ৰয়োজনসমূহক
উপেক্ষা কৰি কেৱল নতুন নতুন ধৰ্মীয় অনুষ্ঠান নিৰ্মাণক অগ্ৰাধিকাৰ দিয়া হয়৷ এটা আবাসিক
অঞ্চলত যদি ইতিমধ্যে উপাসনা কৰাৰ ব্যৱস্থা এটা আছেই, তেন্তে শিশুসকলৰ একমাত্ৰ খেলপথাৰখন
ব্যৱহাৰ কৰি আন এটা ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰাটো কিমানখিনি যুক্তিসংগত— এই প্ৰশ্নৰ
উত্তৰ সমাজে নিজেই বিচাৰিব লাগিব৷
খেলাধূলাই কেৱল শৰীৰ
সবলেই নকৰে; ই দলীয় মনোভাৱ, নেতৃত্বৰ গুণ, আত্মবিশ্বাস, ধৈৰ্য আৰু সামাজিক সম্পৰ্ক
গঢ়ি তোলাতো সহায় কৰে৷ কিন্তু খেলিবলৈ ঠাই নাথাকিলে শিশুসকলে স্বাভাৱিকভাৱেই মোবাইল
ফোন, টিভি বা কম্পিউটাৰৰ দিশে ঢাল খায়৷ সেয়েহে তেওঁলোকক মোবাইল-আসক্ত বুলি সমালোচনা
কৰাৰ আগতে আমি নিজকে সুধিব লাগিব— আমি তেওঁলোকক বিকল্প কি দিছোঁ?
দুৰ্ভাগ্যজনকভাৱে,
আমাৰ সমাজত খেলপথাৰ সংৰক্ষণৰ বাবে আগবাঢ়ি অহা লোকৰ সংখ্যা অতি কম৷ কিন্তু কোনো এখন
মুকলি ঠাইত নতুন কোনো ধৰ্মীয় অনুষ্ঠান গঢ়ি তোলাৰ প্ৰস্তাৱ আহিলেই বহুলোক উৎসাহেৰে আগবাঢ়ি
আহে৷ ফলত, যিবোৰ ঠাই শিশুসকলৰ হাঁহি-ধেমালিৰে মুখৰিত হৈ থাকিব লাগিছিল, সেইবোৰ লাহে
লাহে ইটা, চিমেণ্ট আৰু কংক্ৰীটৰ গাঁথনিৰে পূৰ্ণ
হৈ পৰে৷ এই প্ৰক্ৰিয়াটোত শিশুসকলে কেৱল খেলপথাৰেই হেৰুৱা নাই; তেওঁলোকে হেৰুৱাইছে শৈশৱৰ
অমূল্য সময়৷
এখন উন্নত সমাজৰ
পৰিচয় কেৱল উচ্চ অট্টালিকা, উন্নত বাট-পথ বা ধৰ্মীয় অনুষ্ঠানৰ সংখ্যাৰে নিৰ্ধাৰণ কৰা নাযায়৷ এখন সমাজ কিমান উন্নত,
সেয়া জোখাৰ বিভিন্ন মাপকাঠিৰ ভিতৰত এটা হ’ল সেই সমাজখনে নিজৰ শিশুসকলক কিমানখিনি সুস্থ,
সুৰক্ষিত আৰু আনন্দময় পৰিৱেশ দিব পাৰিছে তাৰ ওপৰত৷ যি সমাজে নিজৰ শিশুসকলৰ বাবে সেউজীয়া
ঘাঁহনি, খেলপথাৰ আৰু মুক্ত আকাশ সংৰক্ষণ কৰিব পাৰে, সেই সমাজেই আচলতে ভৱিষ্যতৰ প্ৰতি
দায়বদ্ধ সমাজ৷
সেয়ে আমাৰ অগ্ৰাধিকাৰসমূহ পুনৰ বিবেচনা কৰাৰ সময় আহি
পৰিছে৷ প্ৰতিটো আবাসিক অঞ্চলত কমেও এখন খেলপথাৰ আইনগতভাৱে সংৰক্ষিত ৰখাৰ ব্যৱস্থা থাকিব
লাগে৷ স্থানীয় সমাজ, নাগৰিক সমিতি আৰু চৰকাৰী কৰ্তৃপক্ষই একেলগে কাম কৰি শিশুসকলৰ এই
অধিকাৰ সুৰক্ষিত কৰিব লাগে৷ কাৰণ শিশুসকলৰ খেলাধূলাৰ অধিকাৰ কোনো বিলাসিতা নহয়;ই তেওঁলোকৰ
সুস্থ জীৱনৰ বাবে আৰু স্বাভাৱিক বিকাশৰ এক মৌলিক অধিকাৰ৷
***
লেখকৰ ঠিকনা:
চাৰ্ভে, বেলতলা,
গুৱাহাটী-২৮
ভ্ৰাম্যভাষ : ৯৪৩৫০
১৪৪৫৫
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)