৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ডুখৰীয়া

লেখকঃ নিকু দুৱৰা • প্ৰকাশিতঃ ২০ অক্টোবৰ, ২০২৫
৩ মিনিট পঠন • ৩২৯৭ বাৰ পঢ়া হৈছে

 নিকু দুৱৰা

মই অকলে কোঠাটোত বহি আছিলোঁ

মোৰ চাৰিওফালে ওপঙি আছিল কেৱল নিৰৱতাৰে ভৰি থকা কিছুমান

ডোখৰাডোখৰ সময়।

সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু মুহূৰ্তত

আৰু সেই প্ৰতিটো মুহূৰ্তই ভৰি আছে চাৰিওফালৰ অনেক কথকতাৰে।

হয়তো কোনোবাটো মুহূৰ্ত বজাৰৰ দৰ-দামৰ

আৰু তাৰ ঠিক পাছৰটো মুহূৰ্তত চিৎকাৰ কৰি উঠিছে

এজন নতুন কবিয়ে।

আমাৰ ভাল লগা মুহূৰ্তবোৰ টানি আনিছোঁ

ঠিক মাউছে ড্ৰেগ কৰাৰ দৰেই টানি টানি বহলাইছো

মুহূৰ্তবোৰৰ দীঘ আৰু প্ৰস্থ

আৰু বেয়া লগা মুহূৰ্তবোৰ?

সেইবোৰ মুহূৰ্তক আমি অভিশাপ দিছোঁ অন্তৰৰ সমস্ত ঘৃণাৰে।

বজাৰত এজন নক্সালবাদী ঘূৰি ফুৰিছে

নক্সালবাদীজনে আলু কিনিছে, বিলাহী কিনিছে

আৰু দৰ-দাম কৰি কিনিছে এক কিলো গাহৰিৰ মঙহ

নক্সালবাদীজনৰ পিছে পিছে ঘূৰি ফুৰিছে বাৰ্গাৰ কিঙৰ এটা জীৱন্ত মেক্সট

মেস্কটটোৱে পিন্ধিছে ৰজাৰ সাজ

আৰু নক্সালবাদীজনে পিন্ধিছে ঋণৰ বোজাত আত্মহত্যা কৰা এজন কৃষকে

চকুলোৰে গুঠি দিয়া এযোৰ পোছাক।

আজিৰ নিশালৈ নক্সালবাদীজনক আমি লুকুৱাই পঠিয়াব লাগিব

আমেৰিকান ড্ৰীমত অভ্যস্ত হৈ থকা এখন মহানগৰলৈ।

আমাৰ মৃত্যুৰ ঠিক পাছতেই

আমি ক'লৈ গুচি যাম?

কোনে দেখিছে চকুৰে নেদেখা ঈশ্বৰক?

কেৱল এজন মানুহে হেনো দেখিছিল ঈশ্বৰৰ উঁৱলি যোৱা মৃতদেহটো।

অৱশ্যে এয়াও তেওঁৰ এটা হাইপ’থেছিছহে।

আমি জীয়াই আছো বিশুদ্ধ চেতনাৰ জগতত

চেতনাৰ মাজেৰেই আমি কল্পনা কৰিছো শস্য, কাপোৰ, ঘৰ

আৰু অৱশ্যেই যৌনতা।

চেতনা আৰু অৱচেনতৰ দ্বিধাগ্ৰস্ততাৰ মাজেৰেই

আমাৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধাৱস্থা পাৰ হৈ গৈছে

ঠিক এইকণতে এটা তাত্ত্বিক কৌতুক কৈ পেলাব পাৰি।

কৌতুকটো মাৰ্ক্সৰ,

অৱশ্যেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কৌতুকটো

পৰিৱেশন কৰিবলৈ অনুমতি দি থৈছে।

আগলৈ খোজবোৰ লাহেকৈ দিছোঁ

পিছলৈ উভতি চোৱাৰ হিচাপ কিছু বাঢ়িছে।

(এয়া বোলে বয়সৰে দোষ)

এজন নতুন সমালোচকে ইয়াকে লৈ তত্ত্বৰ জগতত সন্ধান কৰি ফুৰিছে

আলংকাৰিক শব্দৰ।

আমি সেই প্ৰতিটো অলংকাৰ আৰু অভিধাকে শিৰত ৰাখি আগবাঢ়িছোঁ

অযথাকৈ জটিল কৰি তোলা সাহিত্য পাঠ এটালৈ।

...

আজি দেশত কিমান মৰিছে?

মৃতদেহৰ হিচাপ বিচাৰি অস্থিৰ হৈ উঠিছে পুলিচ কমিচনাৰ বৰুৱা

(বেচেৰা বৰুৱা হাই প্ৰেছাৰৰ ৰোগী)

আমি শাৰী পাতি শুই আছোঁ মৃতকৰ শাৰীত

কমিছনাৰ বৰুৱা গুচি গ'লেই আমি অভিনয়ৰ জগতৰ পৰা ওলাই আহিম

অৱশ্যেই উচিত মাননিৰ বিনিময়ত।

 ***

ভ্ৰাম্যভাষ: ৬৯০১৫০৪০৫২

ন
লেখকৰ পৰিচয়

নিকু দুৱৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)