৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

‎শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা

লেখকঃ মুনমুন সৰকাৰ • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৫
২ মিনিট পঠন • ৫০১ বাৰ পঢ়া হৈছে

মূল : বাংলা

‎অনুবাদ : মুনমুন সৰকাৰ‎

‎

‎(১) অসুখ

‎

‎অসুখ

‎অসুখ ভাল নাপায় কোনেও

‎তথাপিও মানুহ অসুখীয়া হয়

‎অসুখ আহে 

‎নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ

‎বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে

‎গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত

‎আঙুলি বুলাই কৈ থৈ যায় 

‎

‎আজি যাওঁ

‎ফুল ফুলিলে  আকৌ আহিম...

‎

(২) দুঃখ

‎

‎দুঃখ

‎দুখ মোৰ বুলি

‎দাবী কৰিব নোৱাৰোঁ

‎তথাপি কিমান সহজতে মানুহক দুখ দিওঁ

‎

‎

‎(৩) খালী

‎‎

‎বুঢ়া বয়সত মানুহে বেছিকৈ কথা কয়। 

‎কোনোবা আকৌ নিঃশব্দ হৈ পৰে

‎কোনো কোনোৱে আকৌ একেটা কথাকে চেপেটা কৰি থাকে। 

‎আশে পাশে থকা মানুহবোৰ বিৰক্ত হয়। 

‎বুঢ়া মানুহবোৰৰ এখন সমুদ্ৰ আছে। 

‎মানুহ ফুৰিবলৈ আহে, মাছ মাৰে

‎জাহাজ চলায় সমুদ্ৰৰ বুকুত

‎‎আৰু পেলাই থৈ যায় খালী বিয়েৰৰ কেন।

 

(৪) ফু

 

‎এডাল মমবাতিৰ  মৃত্যু

‎এটা ফু

‎এটা বাঁহীৰ জন্ম

‎এটা ফু।

‎‎

‎(৫) 

‎‎বুদ্ধ ভগৱানৰ মূৰ্তি হেৰুৱাই পেলাইছোঁ

‎

‎কেইদিনমান উকা হৈ পৰা থকা বেদীৰ ওপৰত কোনোবাই খেলনা বন্দুক এটা থৈ গৈছে

‎‎অভ্যাস বশত: ওলাবলৈ লওঁতে

‎‎তাতেই অলপ ৰওঁ

‎‎চকুহাল  মুদি দিওঁ

‎‎মুদি মুদি চাওঁ

‎‎বন্দুক আৰু বুদ্ধ

‎‎দুয়ো হাঁহিছে। 

‎‎শেষৰ কবিতাৰ শিৰোনাম নাই। 

‎***

‎

ভ্ৰাম্যভাষ : ৮৬৩৮৯৩৭৮১৭

ম
লেখকৰ পৰিচয়

মুনমুন সৰকাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)