৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আহাৰৰ কথা...

লেখকঃ ড॰হেমন্ত কুমাৰ হাজৰিকা • প্ৰকাশিতঃ ১৯ আগষ্ট, ২০২৫
৩ মিনিট পঠন • ১৫৩ বাৰ পঢ়া হৈছে

ড॰ হেমন্ত কুমাৰ হাজৰিকা


 

       খেতিয়কৰ বোলে বৰ সাহ

       ন-আলি দি থাকোঁতে কেতিয়াবা সন্ধিয়া নামে

       ধনগুলৈ জ্বলিলে পোহৰৰ বাট বিচাৰি ফুৰে

       সৰ্বহাৰাৰ দুখে ঢুকি নোপোৱা বাট এটাৰ আঁত

       গৰমৰ ভৰ বুকুৱে নসহে

       মুধচত বেলিটি পকিলে

       ৰঙাজানৰ পানীও তেতিয়া উতলে

       কলমৌ তলৰ মাছ জাক পাতি ওলায়

       উজাওঁ নে ভটীয়াওঁ ভাবিও নাপাই

       বঙিয়াইদি খোজ লয় মাছুৱৈ

       খালৈৰ তলিও নভৰে, ভোকটোহে বাঢ়ে

       ফুটুকলাৰ আঁৰতে উদে জোপ লৈ থাকে

       সুবিধা পালেই ভেটাতে উঠে

       একুৰিয়ামত বন্দী হয় ৰঙা নীলা মাছ

       খাব নে চাব?

       জেঠৰ উছাহ আহাৰ সোমাল

       ৰ'দত ঘামে, বৰষুণত তিতে

       কঢ়োৱা মাটিত সমাৰ পৰিল

       কঁঠিয়া সেৰেঙা হ’ল

       পানীত, বানপানীত নহয়

       বৰষুণে খুন্দিলে

       কঠীয়াৰ ধান ৰজাঘৰে নিদিয়ে

       ভঁৰালৰ হিচাপত আউল

       মুছি খোৱা কঁঠালো পুৰঠ হ’ল

       পকা আলিত বুৰ্জোৱাৰ কুচকাৱাজ

       হালখতি হিচাপৰ আখৈ ফুটে

       পথাৰত ধান হে সোণালী হয়

       পথাৰত নিমখ নগজে

       নিমখৰ কদৰ বাঢ়ে, দাম নাবাঢ়ে

 ***

ঠিকনা :

সহকাৰী অধ্যাপক, ন্যায়িক অধ্যয়ন কেন্দ্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়

ভ্ৰাম্যভাষ : ৬০০২৫৩৬৮০৩

ড
লেখকৰ পৰিচয়

ড॰হেমন্ত কুমাৰ হাজৰিকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)