৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুভৱ তুলসী : কিছু অনুভৱ

লেখকঃ ড॰নিৰোদ গোহাঁই • প্ৰকাশিতঃ ২৩ জুলাই, ২০২৫
৫ মিনিট পঠন • ৩৫২৯ বাৰ পঢ়া হৈছে

 ড॰ নিৰোদ গোহাঁই

যোৱা শতিকাৰ শেষৰ ফালৰ দুটা দশকত অনুভৱ তুলসীৰ কবিতাই আমাৰ পাঠক মনক জোকাৰি গৈছিল, দোৰোণ ফুলেৰে আৰম্ভ হৈছিল৷ তেওঁৰ প্ৰথম কবিতা সংকলন নাজমা আশীৰ দশকতে প্ৰকাশ হয় যদিও সংগ্ৰহ কৰা নাছিলোঁ৷ তেতিয়াও হীৰেন ভট্টাচাৰ্যই গাঁৱে-ভূঞে হোৱা কাব্যপাঠৰ অনুষ্ঠানবোৰলৈ আহি কবিতা পঢ়িছিল আৰু হীৰুদাৰ উজনীয়া লোকগীত আৰু লোকভাষাৰ নতুন প্ৰকাশে আমাক মুগ্ধ কৰিছিল৷ নীলিম কুমাৰ জনপ্ৰিয় হৈ আহিছিল আচিনাৰ অসুখ, বাৰীকোৱঁৰ আদি সংকলনৰ মাজেদি৷ সমীৰ তাঁতী, লুটফা হানুম ছেলিমা বেগম, বিপুলজ্যোতি শইকীয়া আদিৰ কবিতা পঢ়িছিলোঁ আৰু আবৃত্তি কৰিছিলোঁ৷ অনুভৱ তুলসীৰ কবিতাত কিবা এক আচহুৱা অনুৰণন শুনিবলৈ পাইছিলোঁ৷ আচলতে আমি বুদ্ধিমান ৰসজ্ঞ পাঠক বুলি দাবী কৰিবলৈ অপাৰগ আছিলোঁ৷ অনুভৱ তুলসীয়ে এক নিজা কাব্যভাষা গঢ়ি তুলিছিল, যাৰ ফলত পৰৱৰ্তী কালত বানান কৰি পঢ়িব পাৰিছিল লুইতৰ পানী৷ সেইবাবেই ক’ব পাৰি একবিংশ শতিকাৰ অসমীয়া কবিতাক এক নতুন কাব্যভাষাৰে সমৃদ্ধ কৰা কবিজন অনুভৱ তুলসী৷

   নিৰন্তৰ কাব্যচৰ্চাৰ মাজেদি অনুভৱ তুলসীয়ে এই নিগনি দৌৰৰ সময়তো কবিতাক সাধনাৰ এটা পৰ্যায়লৈ নিব পাৰিছিল৷ তেওঁক লগ পালে অনুভৱ হৈছিল তেওঁ যেন কিবা এক চিত্ৰকল্পৰ লগতে খেলি আছে৷ পৃথিৱীৰ মহৎ সাহিত্যকৰ্মৰ লগত সুসম্পৰ্কৰে তেওঁ তেওঁৰ কাব্যসত্তা গঢ়ি তুলিছিল৷ বিশেষকৈ চলচ্চিত্ৰ আৰু সংগীতৰ ৰসিক হোৱাৰ হেতু তেওঁৰ কাব্যভাবনাই ব্যাপ্তি লাভ কৰে৷ আংগিকৰ ভিন্নকৌশল অনুশীলন কৰি অসমীয়া কাব্যসাহিত্যক বিস্তৃতি প্ৰদান কৰাত সফল হৈছিল৷ কবিতা এটাৰ মাজত লুকাই থকা ৰং, ৰূপৰ লগতে সংগীত, ভাস্কৰ্যৰপৰা গ্ৰহণ কৰা ভংগিমাৰ কথা বিভিন্ন প্ৰসংগত তেওঁ কৈছে৷ পাঠক অধ্যৱসায়ী আৰু প্ৰাজ্ঞ হ’ব লাগিব এই কথাও বিভিন্ন প্ৰসংগত তেওঁ কৈছিল৷ মহিম বৰাৰ ভৰলী পাৰৰ আবেলি শীৰ্ষক কবিতাৰ আলোচনাত তেওঁ লিখিছে হে সুহৃদ প্ৰস্তুত হৈ আঁহা, যদিহে পঢ়িব খোজা এই কবিতা৷ এই কথা আমাৰ আধুনিকতাৰ আৰম্ভণি কালৰপৰাই আওৰাই আহিলেও যোৱা শতিকাৰ শেষ দশকৰপৰাহে ইয়াৰ ব্যাখ্যা হ’বলৈ ধৰে৷ যেনে নীলমণি ফুকনৰ কবিতাৰ বিষয়ে হীৰেন গোহাঁইৰ পাতনিখন ফুকনৰ কাব্যচৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দলিল৷ তেনেদৰে কবিৰ কথা যেতিয়া কবিয়ে বিশ্লেষণ  কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াহে অসমীয়া আধুনিক কবিতাৰ মাজত থকা বোধ-বুদ্ধিৰ প্ৰসংগবোৰ সহজ হ’বলৈ আৰম্ভ কৰে৷ সেই ফালৰপৰা অনুভৱ তুলসী এজন তীখৰ কাব্যসমালোচকো৷

   চিনেমা আৰু সংগীতৰ মাজত কবিয়ে বিচাৰি পোৱা নান্দনিকতাই আহি আকৌ কবিতাত নতুন ৰূপ লাভ কৰেহি৷ গডাৰেই হওক বা কিয়োৰোস্তামিয়েই হওক তেওঁৰ দৃষ্টিত ছবিনিৰ্মাতা কবি৷ অনুভৱ তুলসীয়ে লিখা চলচিত্ৰীয় ভাষা...

মায়’দিয়া পৰ্বতৰ টিং ইপিনে বৰফে ঢাকি থ’লে

গছৰ সেউজ পাতক কোঙা কৰি শুকুলাই সিঞাৰিলে৷

অনুভৱ তুলসীক সম্ভৱতঃ গুৱাহাটী গ্ৰন্থমেলাত প্ৰথম লগ পাইছিলোঁ ২০০৭ চন মানত৷ তেতিয়া কি কথানো পাতিছিলোঁ একো মনত নাই৷ তাৰ পাছত তেওঁ ডিব্ৰুগড়লৈ আহিছিল৷ আমাৰ বহাতে আড্ডা হৈছিল৷ তেতিয়াৰেপৰা বিভিন্ন উপলক্ষত উজনিলে আহিলে কথা হয়৷ বিপুলজ্যোতি শইকীয়াৰ লগত মৰাণ গ্ৰন্থমেলালৈ আহোঁতে আমাৰ মৰাণ মহিলা মহাবিদ্যালয়লৈ আমন্ত্ৰণ জনাই নিছিলোঁ৷ তেওঁ কবিতাৰ বিষয়ে এটা চমু আৰু গুৰুত্বপূৰ্ণ ভাষণ দিছিল৷ এবাৰ আমি দুয়ো মদন-কামদেৱ আৰু পিংগলেশ্বৰলৈ গৈছিলো৷ ভাস্কৰ্য সম্পৰ্কে তেওঁ বহু গুৰুত্বপূৰ্ণ কথা কৈছিল৷ তেওঁ আমাৰ সময়ৰ অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ লেখকসকলৰ এজন৷ তেওঁৰ গভীৰ জীৱনবোধ আৰু শিল্পচেতনাই আমাক সদায়েই আকৰ্ষণ কৰি থাকিব৷ তেওঁৰ কাব্যনিৰ্মিতিৰ আদৰ্শই আমাৰ ভাষাৰ নবীনসকলক সদায়ে উৎসাহিত কৰিব৷ জনপ্ৰিয়তাৰ বিপৰীতে নিৰলস সাধনাৰ মাজেদি তেওঁ লিখি গৈছে কিছুমান অবিস্মৰণীয় কবিতা৷

অনুভৱ তুলসী নাই... এই পৃথিৱীৰ মায়া এৰি গুচি গৈছে৷ হঠাতে৷ মনত পৰে, এদিন পুৱা বিছনাত থাকোতেই সাদিনত প্ৰকাশ পোৱা মুৰাকামিৰ বিষয়ে সৰু ৰচনাখন পঢ়ি তেওঁ ফোন কৰিছিল৷ সেই শিশুৰ দৰে কোমল আৰু প্ৰেৰণাময় মাতষাৰ আৰু কোনোদিন নুশুনো৷ প্ৰিয় কবি, ইমান সোনকালে গুছি যোৱাৰ কথা নাছিল...৷

মৰাণ মহিলা মহাবিদ্যালয়

মৰাণহাট, চৰাইদেউ

ড
লেখকৰ পৰিচয়

ড॰নিৰোদ গোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)