৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঘোঁৰাটো কবিতাটোৰ সতে বাগৰি পৰিল

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২৬
১ মিনিট পঠন • ১৪১৩ বাৰ পঢ়া হৈছে

মূল : মহম্মদ দাৰউইছ, পেলেষ্টাইন

অনুবাদ : ড° ৰঞ্জিত দত্ত

কবিতাটোৰ  সতে

ঘোঁৰাটো বাগৰি পৰিল

সেই  সুন্দৰী 

মহাকাশবিজ্ঞানীগৰাকীয়ে

নানাৰঙী ইন্দ্ৰমাালতী 

ফুলবোৰৰ ওপৰতে নাচি নাচি,

পখিলাবোৰৰ স'তে

উমলি-জামলি,

নিয়ৰত   তিতি   তিতি 

জুৰুলি-জুপুৰি হ'ল।

তাত তুমি আৰু মই

দুয়োজনেই  অনুপস্থিত,

নৈ কাষৰীয়া 

ওক গছজোপাৰ ডালত

এহাল  বগা কপৌ

উমলি  আছিল তন্ময় হৈ,

তাত নাছিল  প্ৰেম

নাছিল ভালপোৱা।

মই  ভালপাওঁ সেই

পুৰণি দিনৰ প্ৰেমৰ কবিতা

যিয়ে দুৰ্বল জোনটোক

নিৰাপদে ৰাখে

ক'লা লেতেৰা ধোঁৱাবোৰৰ পৰা। 

এবাৰ আগুৱাই গ'লোঁ

আকৌ পিছুৱালোঁ,

ঠিক যেন এখন  ভায়'লিনত

হাতৰ আঙুলিবোৰ

উঠা-নমা কৰাৰ দৰেই।

সুউচ্চ সমতল ভুমিত

উপস্থিত হওঁতে 

সময়তকৈ মোৰ অলপ

পলমেই হ'ল।

যাক আমি  ভাল পাওঁ

প্ৰকাশৰ ভাষা

বিচাৰিকে নেপাওঁ

কাৰণ এয়া 

সকলো  আমিয়েই হয়,

আমিয়েই আছিলোঁ।

কবিতাটোৰ পৰা

তেজেৰে লুতুৰি-পুতুৰি হৈ

ঘোঁৰাটো বাগৰি  পৰিল

আৰু  তাৰ  তেজেৰে

ৰঞ্জিত  হলোঁ ময়ো।

অ
লেখকৰ পৰিচয়

অনুবাদ :ড° ৰঞ্জিত দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)