৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গণিত : সভ্যতাৰ চকৰি

লেখকঃ ড°প্ৰিয়দেৱ গোস্বামী • প্ৰকাশিতঃ ২৯ মে’, ২০২৫
১৩ মিনিট পঠন • ৩৬৭৬ বাৰ পঢ়া হৈছে

 ড° প্ৰিয়দেৱ গোস্বামী

 

অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্ৰাথমিক জ্ঞান থকাটো প্ৰত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷ গণিতৰ ব্যৱহাৰিক জ্ঞান নাথাকিলে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰা অসম্ভৱ৷ গণিত সম্ভৱতঃ মানুহৰ অধ্যয়নৰ প্ৰথম বিষয়, সেয়েহে ই ইতিহাসে ঢুকি পোৱাকৈ পৌৰাণিক৷ ই আমাৰ বহুতৰ বাবে আকৌ আহুকালৰ বিষয়৷ বহুতে সহজে বোধগম্য নোহোৱা বিষয় হিচাপে কেতিয়াবা ইয়াক গণ্য কৰা দেখা যায়৷ উচ্চস্তৰৰ গণিত কিন্তু সহজে বোধগম্য নহয়, অলেখ চিহ্নৰে, সমীকৰণে আৱৰা৷ গণিত কিয় এক কঠিন বিষয় ইও এক সাঁথৰ৷ এই আহুকলীয়া প্ৰশ্নবোৰৰ উত্তৰতে নিহিত হৈ আছে গণিতৰ প্ৰাণ৷ আমি যিখন বিশ্বত বাস কৰিছো, এই বিশ্ব পৰিচালনা হোৱা পৰিঘটনাবোৰ কিছুমান নিয়মৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়৷ অৰ্থাৎ প্ৰকৃতিৰ ভাষাই হ’ল গণিত৷ প্ৰকৃতিৰ নিয়ম লিখিত হৈছে গণিতৰ ভাষাত৷

মানুহৰ ছয়টা প্ৰজাতিৰ ভিতৰত ‘হম’ছেপিয়েন’ অৰ্থাৎ জ্ঞানী মানুহ আমিবোৰ বাছি থাকি আজিৰ অৱস্থাত উপনীত হৈছোঁহি৷ মগজুত বোধশক্তিৰ বিকাশ হৈ মানুহে সভ্যতাৰ প্ৰথমটো ঢাপত উপনীত হ’ল৷ মানুহে চিন্তা কৰিব পৰা হ’ল আৰু পৃথিৱীৰ বিভিন্ন পৰিঘটনা পৰ্যৱেক্ষণ কৰি প্ৰকৃতি অধ্যয়ন কৰাৰ শক্তি আহৰণ কৰিলে৷ প্ৰথমেই ভাব প্ৰকাশৰ মাধ্যম হিচাপে ভাষাৰ আৱিষ্কাৰ হ’ল আৰু লগে লগে গণনা প্ৰক্ৰিয়াৰো আৰম্ভ হ’ল৷ সন্তান, পোহনীয়া জন্তু, বিভিন্ন সা-সম্পত্তিৰ হিচাপ ৰাখিবলৈ প্ৰথমে সংখ্যাৰ আগমন ঘটিল৷ গণনা যিহেতু স্বাভাৱিক সংখ্যাৰে কৰা হয়, গতিকে সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনীয়তাত সংখ্যাৰ বিকাশ ঘটিল৷ অঘৰী অৱস্থাৰ অৱসান ঘটাই কৃষিকাৰ্য উদ্ভাৱন হ’ল৷ ই মানুহৰ দ্বিতীয় সভ্যতাৰ আৰম্ভণি৷ মানুহৰ সম্পত্তি বাঢ়িল, ৰজাৰ কৰ-কাটল বৃদ্ধি হ’ল, ৰাজ্যৰ আকাৰ বৃদ্ধি হোৱা আদি এনেবোৰ ঘটনাৰ হিচাপ ৰাখিবলৈ ডাঙৰ ডাঙৰ সংখ্যাৰ প্ৰয়োজন আহি পৰিল৷ এনেবোৰ কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ একেবোৰ অংককে ব্যৱহাৰ কৰি কেনেকৈ ডাঙৰ সংখ্যা বুজাব পাৰি তাৰ প্ৰয়াস চলিল৷ ফলত সংখ্যা পদ্ধতিবোৰৰ বিকাশ ঘটিল৷ যিহেতু ব্যৱসায়-বাণিজ্যত সহজে গণনা কৰিব পৰা পদ্ধতিৰ প্ৰয়োজন আছিল, গতিকে সহজ গণনা পদ্ধতিবোৰ বিকাশ ঘটিবলৈ ধৰিলে৷ গণনাৰ এনে পদ্ধতিবোৰৰ ভিতৰত সবাতোকৈ দশমিক পদ্ধতি গণনা তথা হিচাপ ৰখাৰ বাবে উপযুক্ত বুলি বিৱেচিত হ’ল৷ দশমিক পদ্ধতি ভাৰতবৰ্ষত বিকাশ লাভ কৰিছিল৷ আৰবৰ ব্যৱসায়ীসকলৰ দ্বাৰা এই পদ্ধতি ইউৰোপলৈ বিয়পি পৰে৷ দ্বাদশ শতিকামানলৈ দশমিক পদ্ধতি ইউৰোপত জনাজাত হৈছিল যদিও ব্যৱহাৰ অতি সীমিত আছিল৷ কিন্তু বৰ্তমানৰ Algeria-ৰ এজন ব্যক্তি Fibonacci (প্ৰকৃত নাম Leonardo, ১১৭৫-১২৫০)-য়ে Indo-Arabic সংখ্যা পদ্ধতিৰ বিষয়ে জ্ঞান লাভ কৰি, ১২০৫ চনত ইটালিলৈ আহে৷ ইয়াতে তেওঁ ‘Book of Calculation’ বা ‘Liber Abaci’ শীৰ্ষক এখন কিতাপ লিখিছিল৷ প্ৰায় ১২২৫ চন মানত Fibonacci ৰ কৰ্মৰাজী ইউৰোপলৈ প্ৰসাৰিত হৈছিল৷ ইয়াৰ ফলত বিভিন্ন সম্পদৰ হিচাপ ৰখা প্ৰক্ৰিয়াটো সহজ হৈ পৰিল৷ গণিতৰ এই পাটিগণিতীয় তথা বীজগণিতৰ বিকাশে আমাৰ মাজলৈ এক নতুন যুগৰ সূচনা কৰিলে৷ সংখ্যা পদ্ধতিৰ বিকাশৰ সমান্তৰালকৈ জ্যামিতিৰো আৰম্ভ হ’ল৷ বিশেষকৈ মাটিৰ জোখমাখ, কোনো ৰাজ্যৰ সীমা বা পাহাৰৰ উচ্চতা আদি নিৰূপনৰ বাবে জ্যামিতি আৰু টিকোণমিতিৰ বিকাশ হ’ল৷ এটা সময়ত সংখ্যা আৰু জ্যামিতিৰ মাজত সংযোগ স্থাপন হৈ বিষয়টো আগবাঢ়িল৷ এনে হোৱাৰ ফলত মানুহে ভূ-সম্পদৰ হিচাপ, সমুদ্ৰ যাত্ৰা, নভোগোলীয় চন্দ্ৰ-তৰাৰ অৱস্থান নিৰ্ণয় কৰি ঋতু পৰিৱৰ্তন আদিৰ তথ্যবোৰ লাভ কৰিব পৰা হ’ল৷ বাণিজ্যৰ স্বাৰ্থত ৰজাসকলৰ তৰফৰপৰা গণিতজ্ঞসকলক নতুন পদ্ধতি উদ্ভাৱনৰ বাবে উৎসাহিত কৰা হৈছিল, যাতে ব্যৱসায়ীসকলে দূৰ-দূৰণিলৈ গৈ বাণিজ্য কৰিব পাৰে৷ এনে প্ৰয়োজনৰ ফলত নৌকা যাত্ৰাৰ বাবে সমুদ্ৰপথ গণনা অতি আৱশ্যক আছিল৷ বিভিন্ন শুভ কৰ্মৰ বাবেও সময় নিৰ্দ্ধাৰণৰ প্ৰয়োজন হৈছিল৷ এনেবোৰ প্ৰয়োজনীয়তাৰ ফলত টিকোণমিতিৰ বিকাশ ঘটিছিল৷ এই সময়ছোৱাত সম্পদ আহৰণৰ অৰ্থেই হওক বা মানুহৰ বাসনাৰ বাবেও হওক নতুন নতুন ঠাই আৱিষ্কাৰ কৰিবলৈ মানুহে অভিযান আৰম্ভ কৰিলে৷ এই সকলোবোৰৰ বাবে গণিতৰ চৰ্চা অপৰিহাৰ্য আছিল৷ গ্ৰহ নক্ষত্ৰৰ অৱস্থান গণনাৰ দ্বাৰা পঞ্জিকা তৈয়াৰ কৰা হৈছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ কেৰেলা প্ৰদেশৰ ব্ৰাহ্মণ পণ্ডিতৰ পৰা পঞ্জিকা তৈয়াৰ কৰাৰ পদ্ধতি ষোড়শ শতিকাত ইউৰোপীয় মিছনাৰীসকলৰ লগত অহা কিছু ব্যক্তিয়ে শিকি ইটালিলৈ প্ৰেৰণ কৰিছিল৷ সেই অনুসৰি গ্ৰেগৰীয়ান পঞ্জিকাত কিছু সংশোধন কৰি দিনবাৰ গণনাৰ পদ্ধতিক নতুন ৰূপ দিছিল৷ ভাৰতবৰ্ষত চৰ্চিত গণিতৰ ধাৰা ইউৰোপলৈ সম্প্ৰসাৰিত হৈ সেইবোৰ দেশৰ বিশ্ববিদ্যালয়বোৰত আনুস্থানিক অধ্যয়ণৰ প্ৰধান বিষয় হৈ পৰিল৷ লগতে ঔদ্যোগিক পৰিৱেশ তথা ডাঙৰ ডাঙৰ কোম্পানীবোৰ গঠন হ’ল৷ এই ক্ষেত্ৰত সমগ্ৰ পৃথিৱীতে প্ৰভাৱ পেলোৱা East India Company 1616চনত Thomas Smytheৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল৷ প্ৰাক ঔদ্যোগিক বিপ্লৱৰ আগলৈকে এনেদৰে গণিতৰ কান্ধত ভৰ দি মানুহৰ জীৱন তথা অৰ্থনীতি গঢ়ি উঠিছিল৷ গণিতে মানুহৰ ভাগ্যৰ চকৰি ঘূৰাবলৈ আৰম্ভ কৰি অভাৱনীয় পৰিৱৰ্তন সাধনৰ দিশে আগবাঢ়িল৷ ইয়াৰ পাছৰ ইতিহাস আৰু আকৰ্ষণীয়৷ বহু হাজাৰ বছৰ জুৰি চলি অহা প্ৰথা, চিন্তা চৰ্চালৈ অৰ্ভূতপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিবলৈ ধৰিলে৷ আৰত কিন্তু গণিত৷

ছাৰ আইজাক নিউটন (১৬৪২-১৭২৭) এই পৰিৱৰ্তনৰ বাটকটীয়া৷ মানৱজাতিৰ ভিতৰতে এজন সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ৷ এক সমীক্ষামতে বৰ্তমানলৈকে বৃটিছসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বুলি পৰিচিত৷ নিউটন কলন গণিতৰ আৱিষ্কাৰক৷ জাৰ্মানীৰ লিৱনিজেও একেসময়তে পৰস্পৰে এজনে আনজনক নজনাকৈ কলন গণিত উদ্ভাৱন কৰিছিল৷ নিউটনে ১৬৮৭ চনত গৱেষণালব্ধ তথ্যসমূহ তেখেতৰ গ্ৰন্থ ‘প্ৰিঞ্চিপিয়া’ৰ যোগেদি প্ৰকাশ কৰিছিল৷ পদাৰ্থৰ গতি বিষয়ক সূত্ৰসমূহ আৱিষ্কাৰ কৰি নিউটনে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল৷ পাছৰ পৰ্যায়ত বাষ্পইঞ্জিনৰ আৱিষ্কাৰ হ’ল আৰু নিউটনৰ সূত্ৰসমূহৰ ওপৰত ভিত্তি কৰি ধ্ৰুপদী পদাৰ্থ বিদ্যাৰ বিকাশ হ’ল৷ ইয়েই ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণি৷ নিউটনৰ পাছৰ যোৱা ৩০০ বছৰত ঔদ্যোগিক বিপ্লৱে কিদৰে গোটেই পৃথিৱীখনক কেনেদৰে সলায় পেলালে আমি প্ৰত্যক্ষ কৰিছো৷ সাহিত্য-সংস্কৃতি, অৰ্থনীতি, ৰাজনীতিকে ধৰি এনে এটা ক্ষেত্ৰ নাই, য’ত ঔদ্যোগিক বিপ্লৱৰ প্ৰভাৱ পৰা নাই৷ এই যুগতে মানুহে জোনবাই দেশত ভৰি থ’বলৈ সমৰ্থ হৈছে৷ দুখনকৈ বিশ্বযুদ্ধৰ ধ্বংস ৰূপও আমি দেখিবলৈ পালোঁ৷ কিন্তু এক কথা স্বীকাৰ কৰিব লাগিব যে এই সময়ত বিজ্ঞানৰ অৱদানৰ ফলত মানুহে বহু দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাইছে৷ নগৰীকৰণ, বৃহৎ উদ্যোগ এই সময়ছোৱাতেই বিকাশ ঘটিল৷ সমাজ জীৱনৰ সকলো স্তৰতে উদ্যোগিক বিপ্লৱৰ প্ৰভাৱ কিমান সেয়া বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ যোৱা তিনি শতিকাৰ ইতিহাসৰ পাতে পাতে ইয়াৰ প্ৰমাণ লিপিবদ্ধ হৈ ৰৈছে৷ কিন্তু এই সকলো যুগান্তকাৰী পৰিৱৰ্তনৰ আঁৰৰ শক্তি আছিল গণিত৷ এই সময়ছোৱাত হোৱা গণিতৰ বিকাশেই আছিল উদ্যোগিক বিপ্লৱৰ মূল চালিকা শক্তি, সভ্যতাৰ চকৰি ঘূৰুৱাৰ মূল চাবি-কাঠি৷

গণিতৰ বিকাশ কিন্তু থমকি ৰোৱা নাই৷ বহু গণিতজ্ঞই বিষয়টো বিকাশৰ ক্ষেত্ৰত অলেখ অৱদান আগবঢ়াইছিল৷ তেনে এজন উল্লেখযোগ্য গণিতজ্ঞ Lotfi Zadeh (১৯২১-২০১৭)৷ তেওঁ গাণিতিক তৰ্ক বিদ্যাৰ এক নতুন ধাৰাৰ, এক নতুন তত্ত্ব আগবঢ়াইছিল৷ তেওঁ বিকাশ কৰা শাখাটো হ’ল ‘Fuzzy Logic’৷ এই তত্ত্বৰ মূল ধাৰণা হ’ল যে কোনো উক্তিৰ সত্যতাৰ মাত্ৰাৰ জোখ-মাখ৷ প্ৰথম অৱস্থাত তেখেতৰ তত্ত্বক বহুতে প্ৰত্যাখান কৰিছিল৷ কিন্তু বৰ্তমান বিভিন্ন বৈদ্যুতিক সামগ্ৰীত তেওঁৰ তত্ত্ব প্ৰয়োগ কৰা হৈছে৷ এই তত্ত্বই এনেবোৰ উদ্যোগলৈ এক নতুন কাৰিকৰী কৌশলৰ ঢল বোৱাই আনিছে৷ বৰ্তমান আমি AC, Fan, TV, Washing Machine আদিত এনে প্ৰযুক্তিৰ ব্যৱহাৰ দেখিবলৈ পাওঁ৷ তেনেহ’লে চাওকচোন এনে উদ্যোগৰ ভেটিও গণিত৷ গণিতে কেনেদৰে অৰ্থনীতিৰ চকৰি ঘূৰাইছে মন কৰিবলগা৷ এইবাৰ আহোঁ আন এজন গণিতজ্ঞৰ বিষয়লৈ৷ তেওঁ আছিল প্ৰসিদ্ধ বৃটিছ গণিতজ্ঞ জৰ্জ বুল৷ ১৮৫৪ চনত বুলে ‘An Investigation of the Lows of Thought’ নামেৰে এখন পুথি প্ৰকাশ কৰে৷ তেখেতে কিতাপখনত মানুহে কেনেকৈ চিন্তা কৰা প্ৰক্ৰিয়া সম্পন্ন কৰে, এই সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰিছিল৷ এনে প্ৰক্ৰিয়াবিলাকৰ তেওঁ গাণিতিক ৰূপও আগ বঢ়াইছিল৷ বুলৰ তত্ত্ব অত্যন্ত মৌলিক আছিল৷ আচৰিত কথা যে বুল বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল৷ তাৎক্ষণিকভাৱে কিন্তু বুলৰ তত্ত্বই গুৰুত্ব পোৱা নাছিল৷ ১৯৩৭ চনত আমেৰিকাৰ Claude E Shannon য়ে বুলৰ তত্ত্ব বৈদ্যুতিক বৰ্তনীত প্ৰয়োগ কৰি সফল হ’ল৷ লগে লগে এক নতুন যুগৰ আৰম্ভণি ঘটিল৷ এই আৰম্ভণি আছিল কম্পিউটাৰ যুগৰ- বৰ্তমানৰ তথ্য প্ৰযুক্তিবিদ্যাৰ৷ গণিত নিৰ্ভৰ এই প্ৰযুক্তিয়ে মানুহৰ চিন্তা কৰা প্ৰক্ৰিয়া বৈদ্যুতিক বৰ্তনীত প্ৰয়োগ কৰি এক বিপ্লৱৰ সূচনা কৰিলে৷ গণিতৰ অনেক বিষয়ৰ উপাদানেৰে তথ্য প্ৰযুক্তিবিদ্যাৰ আৰম্ভণি হৈছিল৷ ১৯৪১ চনত নিৰ্মিত, হাৰ্ভাৰ্ড মাৰ্ক-১ আছিল বিশ্বৰ প্ৰথমটো কম্পিউটাৰ৷ এইখিনিতে গণিত জগতৰ আন এজন প্ৰখ্যাত ব্যক্তিৰ অৱদানৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ তেওঁ এনে এজন গণিতজ্ঞ আছিল যি ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ ইতি পেলোৱাৰ অন্যতম মুখ্য ব্যক্তি আছিল, ঠিক যেনেদৰে আমেৰিকাত অ’পেন্হাইমাৰে আনৱিক বোমা নিৰ্মাণ কৰি নিৰ্ণায়ক ভূমিকা লৈছিল৷ এই বিখ্যাত বৃটিছ গণিতজ্ঞগৰাকী হ’ল এলেন মেথি টুৰিঙ৷

বৃটিছ গণিতজ্ঞ এলেন মেথিচন টুৰিঙৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুন তাৰিখে লণ্ডনত৷ এলেনৰ দেউতাক Julius Mathison Turing ভাৰতৰ অসামৰিক সেৱাৰ প্ৰশাসনিক বিষয়া আছিল৷ টুৰিঙে ১৯৩৮ চনত আমেৰিকাৰ Princeton University ৰ পৰা গৱেষণাৰ PhD ডিগ্ৰী লাভ কৰি পুনৰ ইংলেণ্ডলৈ ঘূৰি আহে৷ জাৰ্মানীৰ যুদ্ধৰ সংকেটবাহী যন্ত্ৰ Enigma ৰ সংকেট তেওঁ বিসংকেটীকৰণ কৰি জাৰ্মান সৈন্যৰ আক্ৰমণৰ খবৰ আগতীয়াকৈ যৌথবাহিনীক যোগান ধৰি জাৰ্মানীৰ পৰাজয় তথা যৌথ সামৰিক বাহিনীৰ বিজয় নিশ্চিত কৰিছিল৷ যুদ্ধৰ সময়ত লোৱা মুখ্য ভূমিকাৰ বাবে তেওঁ বৃটিছ সাম্ৰাজ্যৰ দ্বিতীয় সৰ্ব্বোচ্চ সন্মান Order of British Empire লাভ কৰিছিল৷ Enigma -ৰ বিষয়ে তেওঁ অধ্যয়ন কৰি থাকোঁতে তেওঁ যন্ত্ৰত মানুহৰ দৰে এক মগজু নিৰ্মাণ সম্পৰ্কে আগ্ৰহ জাগিল৷ এনেবোৰ কথা তেতিয়া অদ্ভুত চিন্তা যেন লাগিছিল৷ টুৰিঙে ১০৩৬ চনত এখন বিখ্যাত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল৷ পত্ৰখনৰ শিৰোনাম আছিল ‘On computable Numbers, with an application to the entscheidungs problem’৷ বিশদ বিৱৰণলৈ নগৈ থোৰতে সাধাৰণভাৱে ক’বলৈ গ’লে এই গোটেই বিশ্লেষণৰ দ্বাৰা টুৰিঙে দেখুৱাইছিল যে যন্ত্ৰও মানুহৰ দৰে বুদ্ধিমান হ’ব পাৰে৷ টুৰিঙৰ এই পৰীক্ষা টুৰিঙ টেষ্ট নামে বিখ্যাত৷ ইয়েই কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ AI (Artificial Intelegence) বিষয়ৰ আৰম্ভণি৷ ইয়াৰ পাছত আমেৰিকাৰ Dartmouth College ত ১৯৫৬ চনত অনুষ্ঠিত হোৱা এক সন্মিলনত কেইজনমান বিজ্ঞানীয়ে সম্মিলিত হৈ কৃত্ৰিম বুদ্ধিমত্তা বিষয়টো আৰম্ভণি কৰে৷ বিংশ শতিকাত এই বিষয়টোৱে বিশেষ বিকাশ লাভ কৰা নাছিল, কিন্তু একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা ইয়াৰ প্ৰয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে সকলোক্ষেত্ৰতে উপলব্ধি কৰি অনেক গৱেষণা সম্পন্ন কৰা হৈছে৷ শিক্ষা, স্বাস্থ্য, ৰাজনীতি, অৰ্থনীতি যুদ্ধক্ষেত্ৰ সকলোতে AIৰ প্ৰয়োগ অতি ব্যাপক৷ সাধাৰণ মানুহৰ সক্ষমতাক AIৰ শক্তিৰে চেৰ পেলাইছে৷ এতিয়া বিজ্ঞানী মহল সংকিত হৈছে যে সঁচাকৈ যন্ত্ৰই আমাক বশ কৰিব নেকি? ChatGPT বা DeepSeek AI চফটৱেৰৰ সক্ষমতাৰ বিষয়ে আমি ইতিমধ্যে জানিব পাৰিছোঁ৷ তথ্য প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ মাজলৈ আন এক বিপ্লৱ কঢ়িয়াই আনিছে৷ বহু বিজ্ঞানীয়ে AI বিষয়ে আৰু গৱেষণা হ’ব নালাগে বুলি মত পোষণ কৰিছে৷ ২০২৪ চনৰ পদাৰ্থবিদ্যাৰ নবেল বঁটা বিজয়ী Geoffrey Hinton-অক প্ৰায়ে AI-ৰ God Father হিচাবে আখ্যা দিয়া হয়৷ তেওঁ ২০২৩ চনত Google -অৰ চাকৰি ইস্তাফা দিছিল আৰু AI ঋণাত্মক প্ৰভাৱৰ বিষয়ে মানৱজাতিক সজাগ হ’বলৈ আহ্বান জনাইছিল৷ কিন্তু বৰ্তমানৰ সকলো ব্যৱস্থা সম্পূৰ্ণৰূপে তথ্য প্ৰযুক্তি বিদ্যাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷ সকলো স্তৰৰ ব্যক্তিক এই বিপ্লৱে ঢৌৱাই নিছে৷ মানৱজাতিৰ এই শেহতীয়া বিপ্লৱৰ আঁৰৰ মূল শক্তি কিন্তু সেই একেই গণিত৷ এতিয়ালৈকে গণিতকেই সভ্যতাৰ চকৰি ঘুৰোৱাৰ মূল শক্তি হিচাপে দেখা গৈছে৷ গণিতৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল তথ্য প্ৰযুক্তিৰ এই শেহতীয়া বিপ্লৱে একবিংশ শতিকাৰ শেষলৈ আমাক নি ক’ত উপনীত কৰাবগৈ এতিয়াই অনুমান কৰা টান৷ 

***

লেখকৰ ঠিকনা :

উপাধ্যক্ষ,

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়,

ডিব্ৰুগড়- ৭৮৬০০১

ভ্ৰাম্যভাষ : ৯৪৩৫৪৭৩৮৭২

ড
লেখকৰ পৰিচয়

ড°প্ৰিয়দেৱ গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)