৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বসন্তৰ চহৰত তুমি মোৰ বিষণ্ণ প্ৰেয়সী

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ২৯ এপ্ৰিল, ২০২৫
২ মিনিট পঠন • ১২১২ বাৰ পঢ়া হৈছে

 ৰুদ্ৰ সিংহ মটক

কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ

আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত

ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ

হাতবাউল দেখি হৃদয়ত ৰু-ৰুৱাই জ্বলি উঠা আদিম

একুৰা জুইৰ নাম বসন্ত।

কেতেকীজনীৰ বুকুত শুই থকা নীলা সাগৰখনৰ নাম বসন্ত।

তুমিতো জানা

অশ্ৰু আৰু কুঁৱলিৰ এই প্ৰাচীন চহৰখনৰ নামেই বসন্ত।

বুজাব নোৱাৰা বিষাদ আৰু এন্ধাৰৰ এই অৰণ্যখনৰ নামেই হয়তো

বসন্ত।

মনে মনে জ্বলি উঠা মোৰ প্ৰেয়সীৰ বুকুৰ নীলা ঢৌবোৰ দেখিলে

তুমি মাথো চিৎকাৰ নকৰিবা।

তাই তোমাক হেঁপাহতে ‘সোণ’ বুলি নামাতিলে

অভিমানত  উচুপি নুঠিবা নৈ-কাষৰ সেই বৰ আঁহতজুপিৰ তলত।

মোৰেই শপত, দুৱাৰ বন্ধ কৰি তুমি

আমন-জিমনকৈ কোঠাৰ ভিতৰত সোমাই নাথাকিবা।

পদূলিমুখৰ সেই ফুলা বকুলজুপিৰ তলতে পৰ দি থাকিবা।

সুগন্ধৰ ভৰত ফুলা বকুলবোৰ হঠাৎ সৰি পৰিব‌ তোমাৰ গাত

তোমাৰ চোতালত।

দেখিবা তুমি দক্ষিণৰ চটাই পৰেবত পাৰ হৈ ঢপলিয়াই আহিব কাজলৰঙী আকাশখন।

লগে ভাগে আহিব পকা থেৰেজুবুলীয়া বৰদৈ-ধুমুহাজাক।

প্ৰেম বৰষুণত তিতিব উচপিচ্ কলিজাৰ বাখৰুৱা  আখৰ।

তাইৰ ওঁঠৰ বৰ্হমথুৰি লাগি তুমি ক’ব নোৱাৰাকৈয়ে

ৰঙা-শিমলুবুলীয়া হ’ব চিৰ বিষণ্ণ  তোমাৰ বসন্তৰ চহৰ।

                ০০০

ঠিকনা

অম্বিকাগিৰি নগৰ,

হাউছ নং তিনি,  ত্ৰিবেণী পথ,

গুৱাহাটী,  পিন-৭৮১০২৪,

ফোন নং -৭০০২৩০৩৮৮২

ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)