৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্যাৰাইননা

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৫
২ মিনিট পঠন • ১৯৭ বাৰ পঢ়া হৈছে

 জয়ন্ত দত্ত

 

(১)

স্যাৰাইননা

বিছ কি একৈছ বছৰীয়া

দেউতাক অভিযন্তা

মাক শিক্ষয়ত্ৰী কলেজৰ

 

জগত দত্ত

নামহে জগত পিছে নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে ফুটাকড়ি এটাও নাই

ছোৱালী এজনী ; তিনি বছৰীয়া

থুনুক-থানাক কৈ দেও দি ফুৰা ছোৱালীজনীয়ে

নিজেই দি লয় নিজৰ নাম স্যাৰাইননা

সেইটো নামৰেই মাকে স্কুলত নাম লগায়

 

মাকৰ হাতত ধৰি স্কুললৈ যায়

বাটৰ মানুহবোৰে জোকায়

“স্যাৰাইননা স্যাৰাইননা কি হ’ল আজি দেখোন গাড়ী এৰি মাটিলৈ আহিলা...

তাই বুজি নাপায়

 

ৰাতি মাকে দেউতাকক কয়

ভাবকচোন তাইৰ আন এটা নাম

আমাৰ সৈতে মিলা...

 

বাপেক কয় “তাই ওপজা তিনিদিনৰ দিনাই মই

যোগালিৰ পৰা মিস্ত্ৰি হওঁ ...

তাই আমাৰ লক্ষ্মী

কেনেকুৱা হ’ব লক্ষ্মী

 

টোকোনা ঘৰত লক্ষ্মী

মাকৰ মনে নামানে...

 

(২)

মণি

সৰুতে মণিয়ে দেউতাকক কয়

দেতা দেতা মই যদি গণিতত এশৰ ভিতৰত এশ পাওঁ মাছ আনিবানে

তোমালৈ দুটা, মালৈ দুটা, মোলৈ দুটা

এটা আঞ্জাত এটা ভজা...

 

জীয়েকে প্ৰতিবাৰেই কথা ৰাখে

বাপেকে মিলাব নোৱাৰেহে নোৱাৰে...

 

জীয়েক মণিয়ে লৈ দিয়া গাড়ী চলাই

জগত দত্ত বজাৰে বজাৰে ঘূৰি ফুৰে

জীয়েকে ভাল পোৱা বস্তু বিচাৰি বিচাৰি কিনে

জীয়েকৰ মুখৰ পোহৰত মানুহটোৱে

জীৱনৰ গণিতৰ বহীখন মেলি লয়

এটাও ভুল নোলায়

এশৰ ভিতৰত এশ

 ***

 

ঠিকনা :

দ গাঁও নলনিখাত,

ডাকঘৰ : গৰখীয়া দ’ল,

যোৰহাট- ৭৮৫০১৫

ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)