৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিয়ে পাহাৰৰ সপোন দেখে

লেখকঃ অলকা মহন্ত • প্ৰকাশিতঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫
২ মিনিট পঠন • ৪৪৬৭ বাৰ পঢ়া হৈছে

মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯)

অনুবাদ : অলকা মহন্ত

 

  

কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি পৰোঁ।

ধূসৰ স্মৃতিৰ পাহাৰ মই লাহে-ধীৰেহে বগাব বিচাৰোঁ

বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায় অলসতাৰে,

পাইন গছৰ ছাঁত শুই,  নাইবা তাৰো ওপৰৰ,  উকা শিলৰ বুকুত।

শতিকা জুৰি আমিয়েই সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ আকাশখনত ঢিমিক-ঢামাককৈ বাচি থকা তৰাকেইটা চাব বিচাৰোঁ

অতীতলৈ উভতি চাই, সকলোকে ক্ষমা কৰিব বিচাৰোঁ,

শান্তিত থাকিব বিচাৰোঁ, জানিবলগীয়া অন্তিম কথাটো জানিব বিচাৰো।

এই যে ব্যস্ততাবোৰ!

পৃথিৱীতো অকল এইবোৰৰ বাবেই নহয়!

গছবোৰ কিমান নীৰৱ, সিহঁতৰ সুৰবোৰ সদায় নিজৰ,

মই ধীৰে-সুস্থিৰে আগবাঢ়িব বিচাৰোঁ, আৰু সঠিকভাৱে চিন্তা কৰিব বিচাৰোঁ।

আগন্তুক দহ হাজাৰ বছৰত, অন্ততঃ,

অকণমান হ'লেও পাহাৰ খহিব।

***

যোগাযোগ :  ৯১০১১৪৩৭৪৯ 

অ
লেখকৰ পৰিচয়

অলকা মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)