৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কিতাপ

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ৩০ জানুৱাৰী, ২০২৫
২ মিনিট পঠন • ৭০০ বাৰ পঢ়া হৈছে

ৰুদ্ৰসিংহ মটক

[উৎসৰ্গ  :  কথাশিল্পী হোমেন বৰগোহাঞি]

কিতাপ আপুনি পঢ়ে

ময়ো পঢ়ো নিয়মীয়াকৈ

কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ

অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা

হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি

কিতাপ পঢ়ি জগতসভালে যাব পাৰি

কাৰণ কিতাপৰ পাতে পাতে নক্ষত্ৰৰ আলাপ

কিতাপৰ সোণালী পাততে উন্মোচিত জোন বেলি আৰু

তৰা

উজলি উঠে সংস্কৃতি আৰু সভ্যতাৰ যুগমীয়া তোৰণ

মই গোগ্ৰাসে গিলোঁ ইখনৰ পিছত সিখন কিতাপ

গঙ্গাটোপৰ মুখ মেলি আপুনিও গিলে পৃষ্ঠাৰ পিছত পৃষ্ঠা

পিছে ভালকৈ নোচোবাওঁ বাবে অৰ্থ-অনৰ্থ বুজি নাপাওঁ

বদহজম হয় মোৰ; চকুৰ নীলাত বাঘ-মকৰাই বাহ বান্ধে

দুদিনতে

কিতাপৰ সাৰভাগ হজম কৰিব নোৱাৰিলে কিতাপ পঢ়া-নপঢ়া

সকলো মিছা; জীৱন হেনো অথলে যায়

হয়, মইচোন আজিও কিতাপৰ প্ৰেমত পৰিব নাজানিলোঁ

আপুনি কিতাপৰ প্ৰেমিক হ’ব নোৱাৰিলে কোনো দিন

কি আচৰিত ! উঁইবোৰহে

আজি কিতাপৰ প্ৰেমিক !

কিতাপ আপুনি পঢ়ে, ময়ো পঢ়ো; পিছে কিতাপবোৰ কুটি কুটি

গিলি নেপেলাওঁ -

শব্দ আৰু সভ্যতাৰ সাতশতৰু অহঙ্কাৰী উঁইপোকবোৰৰ দৰে

                   ০০০

ঠিকনা

লাৰিকা   গ্ৰীনভেলী,

আজাৰা, গুৱাহাটী,

পিন-৭৮১০১৭,

ভ্ৰাম্যভাষ –৭০০২৩০৩৮৮২

ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)