৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অলপ মেটাফৰিকেল

লেখকঃ চুনা কুমাৰ পাঠৰী • প্ৰকাশিতঃ ৭ ছেপ্টেম্বৰ, ২০২৪
২ মিনিট পঠন • ২৯৭২ বাৰ পঢ়া হৈছে

 চুনা কুমাৰ পাঠৰী

 

১.

 

ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু

জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি।

ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী।

আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা। পুনৰ অতি সম্পাদনা

অথবা সমালোচনাত মৃত্যু চেলুলইড ভ্ৰূণ শব্দৰ। অনাহকত নষ্ট কবিৰ কাগজ।

এখিলা এখিলা, বহুখিলা কাগজ। কিন্তু ইণ্টাৰেষ্টিং কি যে আজিকালি

কবিতাতকৈও কবিৰ স্থানহে আগত, বিদ্যা শপত...!

 

২.

বৰ দীঘল দীঘল কবিৰ শাৰী, আঐ একো ধৰিবকে নোৱাৰি।

চৰৈৱেতি চৰৈৱেতি - কবি পথাৰত নে কবিসন্মিলনত আজি!

- কবিৰ কবিতা পঢ়ি এপাৰি দাঁত ভাগিল। মেংগানিজ কঠিন দাঁত।

ক্ষমাপ্ৰাৰ্থী! আমি অল্পমতি! আমাৰ হ’লে অলপো দোষ নাই গাত।

কবিতা কি দুৰ্বোধ্য? কঠিনতকৈও কঠিন! ইয়াতেই ভুল মানুহৰ, কেৱল

কঠিনতা মানেই যে কবিতা নহয়! তোষামোদকাৰীৰ হয় হয়..।

 

ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮

চ
লেখকৰ পৰিচয়

চুনা কুমাৰ পাঠৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)