৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিন্তন

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৪
২ মিনিট পঠন • ১৯৬৫ বাৰ পঢ়া হৈছে

 অৰ্চনা ঠাকুৰীয়া

 

 

       এক 

 

ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায়

আৰুনো কিমান দিন ?

জীৱন,

জীৱৰ বিলৈ

হাঁহোৱে বা কান্দোৱেই

আপোনাৰ ক্ষতি কি?

 

 

           দুই 

 

তাত এজোপা গছ ময়ো ৰুইছিলোঁ 

কিছুদিন যতনাই দিছিলোঁ পানী 

গছজোপা মৰিল 

তাত ভুল আপোনাৰো 

 

           তিনি 

 

দুখ, 

সুখৰ সহচৰ 

নিৰ্মল বতাহ সোমাবলৈ 

খিৰিকীখন খুলি দিয়াঁ 

শাৰদীয় আকাশত 

আজি ক’লীয়া ডাৱৰ 

 

            চাৰি  

আমি বাৰু কিমান বাট বুলিলোঁ ? 

- প্ৰায় বৈতৰণী 

অকলে পাৰ হ’বা নে মোকো উদ্ধাৰ কৰিবা ? 

- এতিয়াই মই উত্তৰ নিদিওঁ 

ব’লা, ইয়াৰ পৰা যাওঁগৈ ... 

 

            পাঁচ  

মাটিয়েই পানীৰ ঘৰ 

মোৰ ভাগৰ মাটিখিনি 

আপোনাক দিলোঁ 

আপুনি মোক মাথোঁ দিব 

পিয়াহৰ পানী 

 

              ছয়  

অনামিকা আঙুলিত এটা প্ৰজাপতি 

মন থৌকি-বাথৌ 

বুকুত হাতখন ৰাখিছোঁ 

শুনিলোঁ একতাৰাৰ স্পন্দন 

 

              সাত 

একাপ থকথকীয়া গাখীৰ চাহ 

আৰু কিছু চিন্তন 

মগজুৰ শাখা- প্ৰশাখাবোৰ খুলি 

নিৰলে বহি ভাবিছোঁ 

মানুহক ‘মানুহ’ হ’বলৈ শিকাব পৰাহ’লে...


অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)