৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বঙ্কিমচন্দ্ৰ আৰু ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ৰজনীকান্ত বৰদলৈ

লেখকঃ বাসুদেব দাস • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২৪
১০ মিনিট পঠন • ২৯৫৪ বাৰ পঢ়া হৈছে

 বাসুদেব দাস


    ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত তেওঁলোকৰ আৰ্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্ৰথম পথ দেখুৱাইছিল পদ্মনাথ গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্ৰসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি মোৱামৰীয়া বিদ্ৰোহ আৰু ‘লাহৰী’(১৮৯২)মানৰ অসম আক্ৰমণৰ পটভূমিত লিখা। ইতিহাসৰ ঘটনাক আশ্ৰয় কৰি লিখা হলেও দুয়োখন উপন্যাসতে প্ৰণয় কাহিনীয়ে প্ৰাধান্য লাভ কৰিছে আৰু দুয়োখনতে ইতিহাসৰ লগত মুল কাহিনীৰ সম্পৰ্ক নিবিড় নহয়।

    প্ৰকৃতপক্ষে ৰজনীকান্ত বৰদলৈৰ হাততেই আধুনিক অসমীয়া উপন্যাসৰ সূত্ৰপাত। এই সম্পৰ্কত বিখ্যাত সমালচক তিলোত্তমা মিশ্ৰৰ মন্তব্য উল্লেখ কৰিব পাৰোঁ-‘Rajanikanta Bordoloi introduced a new trend in the Asamiya novel by presenting exactly those aspects of Assamese life which are absent in the earlier novels.He chose as his themes the lives of ordinary people and how they were transformed by historical circumstances’-Early Asamiya Novels New Genre,traditional mindset and changing perspectives (Tilottma Misra, Early Novels in India –Edited by Meenakshi Mukherjee)।

         অসমীয়া উপন্যাস ৰজনীকান্ত বৰদলৈৰ হাতত প্ৰাণ প্ৰতিষ্ঠা লাভ কৰে।‘দন্দুৱাদ্ৰোহ’নামৰ উপন্যাসৰ পাতনিত ৰজনীকান্ত বৰদলৈয়ে লিখিছে- ‘কলেজত থাকোঁতে চাৰ ওৱাল্টাৰ স্কটৰ নভেল শ্ৰেণী, বঙ্কিমচন্দ্ৰ চাটুৰ্যিৰ উপন্যাস শ্ৰেণী পঢ়িছিলোঁ। এই ঠাইৰ, সিফালে পাহাড় দেখি আৰু আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিঝৰা, বিল, পুখুৰী, পাহাড় ঝাৰণি এইবিলাকলৈ মনত পৰি চাৰ স্কটৰ সেই Highland (ওখ ঠাই), LowLand(নামনি ঠাই)ইত্যাদিবিলাকলৈ মনত পৰিছিল।ভাব হৈছিল :-হায়! মোৰ অসম জননী! তুমি কেনে প্ৰকৃ্তিৰ কাম্য-কানন! তোমাৰ কোলাত স্কটলেণ্ডৰ দৰে Highland, Lowland, Hills Dales, Lakes সকলোবিলাক আছে। তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে পৰিপুৰ্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰে উপন্যাস লেখিবলৈ, চাৰ ওৱাল্টাৰ স্কটৰ নিচিনা বা বঙ্কিম চাটুৰ্যিৰ দৰে উপন্যাসকাৰক প্ৰতিভাশালী সাহিত্যিক ক’ত?’…স্কটলেণ্ডৰ চাৰ ওৱাল্টাৰ স্কট, স্বদেশৰ বঙ্কিমচন্দ্ৰৰ দৰে মই অসমত এলানি উপন্যাস লিখিম।’ সেই কথাষাৰ তেওঁ বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছিল।

    ‘মনোমতী’ উপন্যাসখন বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাসৰ মাজত অন্যতম। বৰদলৈ ছাৰ ওৱালাটাৰ স্কট আৰু বাংলাৰ উপন্যাস সম্ৰাট বঙ্কিমচন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত । ঐতিহাসিক পটভূমিত, কিছু জনশ্ৰুতিমূলক কাহিনীৰ আধাৰত ৰচিত এই কাল্পনিক ঐতিহাসিক উপন্যাসৰ মাজত  এফালে মানৰ আক্ৰমণত বিপৰ্যস্ত অসমৰ সমাজ জীৱনৰ ছবি, আনফালে দুই সামন্তৰ মাজত বিৱাদ–বিসংবাদৰ শোকাৱহ পৰিণতিৰ মাজত লক্ষ্মী্কান্ত আৰু মনোমতীৰ প্ৰেম বৰ্ণিত হৈছে। বৰদলৈৰ ‘ৰঙ্গিলী’, ৰহদৈ লিগিৰী’, দন্দুৱাদ্ৰোহ’, ’তাম্ৰেশ্বৰী মন্দিৰ’ আদি প্ৰতিখন উপন্যাসতেই তেঁওৰ নৈতিক, আধ্যাত্মিক, মানৱিক আৰু দেশাত্মবোধৰ আদৰ্শ ক্ৰিয়াশীল। ছাৰ ওৱালাটাৰ স্কট আৰু বঙ্কিমচন্দ্ৰৰ নিচিনাকৈয়ে বৰদলৈৰ উপন্যাসো ৰোমাঞ্চপ্ৰধান। কাহিনীৰ উপকৰণৰ বাবে বঙ্কিমচন্দ্ৰৰ নিচিনাকৈয়ে বৰদলৈয়েও অতীতৰ ফালে উভতি চাইছিল। কিন্তু অতীতৰ কাল্পনিক বৰ্ণনাৰ সহায়ত ৰোমাঞ্চ সৃষ্টি কৰাৰ ক্ষেত্ৰত বঙ্কিমচন্দ্ৰতকৈ ৰজনীকান্ত বৰদলৈৰ সুবিধা কম আছিল। বৰদলৈৰ ঐতিহাসিক উপন্যাস ৰচনা কৰাৰ উদ্দেশ্য আছিল অতীত অসমৰ গৌৰৱৰ কাহিনী উদ্ধাৰ কৰি অসমীয়া জনমানসত দেশাত্মবোধ সঞ্চাৰ কৰা। ইয়াৰ বাবে তেঁও মানৰ আক্ৰমণক উপন্যাসৰ পটভূমি হিচাপে বাছি লৈছিল।

    নায়িকাৰ ৰূপ বৰ্ণনাই বৰদলৈৰ উপন্যাসত ৰোমাঞ্চ সৃষ্টিত সহায় কৰিছে। ৰূপ বৰ্ণনাত বঙ্কিমচন্দ্ৰই সদায় উপমাৰ সহায় লৈছে। তেওঁৰ কিছুমান উপমা প্ৰাচীন সাহিত্যৰ পৰা গৃহীত, কিছুমান আকৌ লেখকৰ অপূৰ্ব কাব্যদৃষ্টিৰ পৰিচায়ক।ৰূপ বৰ্ণনাত বঙ্কিমচন্দ্ৰৰ প্ৰকৃ্তি চেতনাৰো পৰিচয় পোৱাা যায়।‘দুৰ্গেশনন্দিনী’ৰ দ্বিতীয় খণ্ডৰ প্ৰথম পৰিচ্ছেদত আয়েষাৰ ৰূপৰ বৰ্ণনা দেখিবলৈ পাঁও।‘কৃ্ষ্ণকান্তৰ উইল’ উপন্যাসত ৰোহিণীৰ ৰূপ বৰ্ণনাত আমি আশ্চৰ্য সংযম লক্ষ্য কৰোঁ-‘ৰোহিণীৰ যৌবন পৰিপূৰ্ণ—ৰূপ উছলিয়া পড়িতেছিল-শৰতেৰ চন্দ্ৰকলায় পৰিপূৰ্ণ।’ নাৰীৰ সহজ সৰল আৰু কল্যাণময়ী ৰূপটো আমি বৰদলৈৰ উপন্যাসতো প্ৰত্যক্ষ কৰোঁ। সেইবাবে আমি ক’ব পাৰোঁ যে বৰদলৈৰ নাৰী চৰিত্ৰবোৰ সূৰ্যমুখীক অনুসৰণ কৰিছে। আৰু এটা ফালৰ পৰা বৰদলৈৰ নাৰী চৰিত্ৰবোৰ বঙ্কিম অনুগামী। উপন্যাসৰ কাহিনীত পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰই বেছি প্ৰাধান্য লাভ কৰিছে। কোনো কোনো উপন্যাসত আনকি নায়িকাৰ সক্ৰিয়তাই নায়কক নিষ্প্ৰভ কৰি পেলাইছে।‘ৰঙ্গিলী’ উপন্যাসত ৰঙ্গিলীৰ সজীৱতা আৰু ‘ৰহদৈ লিগীৰী’ উপন্যাসত ৰহদৈৰ ভূমিকাৰ ফলত তাত আন আন চৰিত্ৰবোৰ ম্লান হৈ পৰিছে। কোনো কোনো সমালোচকে কয় যে ৰজনীকান্ত বৰদলৈৰ উপন্যাসত নায়িকা আছে, নায়ক নাই। বঙ্কিমচন্দ্ৰৰ উপন্যাসৰ পুৰুষ চৰিত্ৰবোৰ সম্পৰ্কতো বহু সমালোচকে এই প্ৰশ্নটো উত্থাপন কৰিছে। নগেন্দ্ৰনাথ, দেবেন্দ্ৰ, নবকুমাৰ, প্ৰতাপ, গোবিন্দলালৰ তুলনাত সূৰ্যমুখী, কুন্দনন্দিনী, হীৰা, কপালকুণ্ডলা, শৈবলিনী নাইবা ৰোহিণীৰ চৰিত্ৰ অধিক উজ্জ্বল নহয়নে?

    বঙ্কিমচন্দ্ৰৰ সকলো ৰচনাৰ পটভূমিত এটা সমাজ কল্যাণমূলক মনোভাৱ থাকে। শিল্পৰ বাবে শিল্পনীতিত তেঁও বিশ্বাসী আছিল বুলি মনে নধৰে।‘বাংলা নব্য লেখক সকলোৰ প্ৰতি নিবেদন’ নামৰ প্ৰবন্ধত বঙ্কিমচন্দ্ৰই কৈছে— ‘যদি এমন বুঝিতে পাৰেন যে, লিখিয়া দেশেৰ মনুষ্যজাতিৰ কিছু মঙ্গল সাধন কৰিতে পাৰেন, অথবা সৌন্দৰ্য সৃষ্টি কৰিতে পাৰেন, তবে অবশ্য লিখবেন।’ ৰজনীকান্ত বৰদলৈৰ উপন্যাস ৰচনাৰ অন্তৰালতো তেনে এটা উদ্দেশ্য লক্ষ্য কৰা যায়।এটা বিশেষ উদ্দেশ্যক সম্মুখত ৰাখি বৰদলৈয়ে বুৰঞ্জীমূলক উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল কাৰণেই ৰচনাৰ কলাত্মক দিশৰ ফালে তেঁও তেনেকৈ দৃষ্টি দিব পৰা নাছিল। বৰদলৈয়ে কৈছে যে তেঁও উপন্যাস ৰচনাত হাত দিছিল মানুহৰ মনত আধ্যাত্মিক ভাবৰ জাগৰণ ঘটাবলৈহে। সেইবাবে আমি বৰদলৈৰ উপন্যাসত লক্ষ্য কৰোঁ নানা ধৰণৰ দুঃখ-দুৰ্দশাৰ শেষত শান্তিৰ বাট হিচাপে নায়ক নায়িকাবোৰ শেষলৈ বৈষ্ণৱ ধৰ্মত শৰণ লৈছে। ৰহদৈ লিগিৰীয়ে জীৱন বিসৰ্জন দিবলৈ গৈ বৈষ্ণৱ জীৱন যাপন কৰিছে। সাধু সন্যাসীৰ চৰিত্ৰ আমি ৰজনীকান্ত বৰদলৈৰ প্ৰায়বোৰ উপন্যাসতে দেখিবলৈ পাঁও।‘মনোমতী’ উপন্যাসত মনোমতী আৰু লক্ষ্মীকান্তৰ বিয়াৰ ক্ষেত্ৰত সন্যাসীৰ ভূমিকা, ‘ৰহদৈ লিগিৰী’ উপন্যাসত আগমানন্দ স্বামীৰ কথা, ‘তাম্ৰেশ্বৰী’মন্দিৰ উপন্যাসত বামাচাৰীৰ কথা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ।

    বঙ্কিমচন্দ্ৰৰ নিচিনাকৈয়ে আমি ৰজনীকান্ত বৰদলৈৰ উপন্যাসতো সপোনৰ এটা বিশেষ ভূমিকা লক্ষ্য কৰোঁ। সপোনৰ সহায়েৰে লেখকে বহু সময়ত আসন্ন বিপদ নাইবা নায়ক-নায়িকাৰ ভৱিষ্যৎ কৰ্মপন্থাৰ  ইঙ্গিত প্ৰদান কৰিছে। কিছুমান ঠাইত সপোনৰ সহায়ত উজ্জ্বল ভবিষ্যতৰ ইঙ্গিত দিয়া হৈছে। ‘ৰঙ্গিলী’, ‘ৰহদৈ লিগীৰী’, ‘নিৰ্মল ভকত’ আৰু ‘তাম্ৰেশ্বৰী মন্দিৰ’ উপন্যাসতো সপোনৰ সমাৱেশ লক্ষ্য কৰিবলগীয়া। ‘ৰঙ্গিলী’ উপন্যাসে ৰঙ্গিলীয়ে প্ৰেমিক সৎৰামকে সপোন দেখাৰ কথা কৈছে। তাই সপোন দেখে যে ৰজাৰ ঘৰত জুই লাগিছে। সেই জুইৰ কবলত পৰি মানুহ দিগ্বিদিক জ্ঞানশূন্য হৈ পলাই গৈছে। লাহে লাহে সেই জুয়ে সমগ্ৰ অসমকে গ্ৰাস কৰি পেলাইছে। সৎৰামে অবশ্যে এই সপোনক খুব এটা গুৰুত্ব দিব বিচৰা নাই। সি ভাবে যে সপোন মস্তিষ্কৰ ভ্ৰান্তি মাত্ৰ। ‘মনোমতী’ উপন্যাসত কমল আতৈয়ে দেখা পশ্চিম আকাশত জুই জ্বলি উঠা সপোন, স্বৰ্গৰ পৰা আই নামি আহি পদুমীক লৈ যোৱা বুলি দেখা সপোন যথেষ্ট তাৎপৰ্য থকা। ‘মিৰিজীয়ৰী’ উপন্যাসত পানেয়ে জঙ্কিৰ হাত ধৰি ঘুৰি ফুৰা, নাৱত ঘুৰি ফুৰা, বিহু নাচত অংশগ্ৰহণ কৰাৰ সপোন দেখিছিল। বঙ্কিমচন্দ্ৰৰ ‘বিষবৃক্ষ’ উপন্যাসত সপোনে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি কুন্দনন্দিনীৰ পৰৱৰ্তী জীৱনক নিয়ন্ত্ৰণ কৰিছে।অকল সপোনেই নহয়, অতিপ্ৰাকৃত ঘটনাৱলীয়েও বঙ্কিমচন্দ্ৰৰ দ্বাৰা সৃষ্ট চৰিত্ৰবোৰক ভালেমান প্ৰভাৱান্বিত কৰিছে। ‘মিৰি-জীয়ৰী’ উপন্যাসৰ উপসংহাৰে আমাক ‘বিষবৃক্ষ’ উপন্যাসৰ কথা মনত পেলাই দিয়ে। বঙ্কিমচন্দ্ৰৰ নিচিনাকৈ অৱশ্যে বৰদলৈয়ে ইয়াত ঔপন্যাসিকৰ নৈৰ্ব্যক্তিকতা বজাই ৰাখিব পৰা নাই। ‘বিষবৃক্ষ’উপন্যাসৰ শেষত বঙ্কিমচন্দ্ৰই কৈছিল— ‘আমৰা বিষবৃক্ষ সমাপ্ত কৰিলাম। ভৰসা কৰি, ইয়াতে গৃহে গৃহে অমৃত ফলিবে।’ নৈয়ায়িক বঙ্কিমচন্দ্ৰৰ ওচৰত এনেকৈয়ে সিদিনা কবি বঙ্কিমচন্দ্ৰৰ পৰাজয় ঘটিছিল। সেইবাবে সাহিত্যৰস ক্ষুণ্ণ হৈছিল। ‘মিৰি জীয়ৰী’ উপন্যাসৰ ক্ষেত্ৰতো একেই অভিযোগ উঠিব পাৰে। বঙ্কিমচন্দ্ৰৰ নিচিনাকৈ ৰজনীকান্ত বৰদলৈয়েও ইয়াত ঔপন্যাসিকৰ নৈৰ্ব্যক্তিকতা বজাই ৰাখিবলৈ সক্ষম হোৱা নাই।‘মিৰিজিয়ৰী উপন্যাসৰ উপসংহাৰতো যেন ৰজনীকান্ত বৰদলৈয়ে বঙ্কিমচন্দ্ৰৰ পথকে অনুসৰণ কৰি লিখিছে- ‘আমাৰ হতভাগিনী ‘মিৰিজীয়ৰী’ৰ দুখলগা কাহিনী খতম কৰিলো। আশা কৰো ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।’

    ১৯৪০ চনৰ ২৫ জুন তাৰিখে প্ৰয়াত হোৱা ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ জনপ্ৰিয়তাৰ মূলত আছে কাহিনী আৰু ঘটনাৰ মনোৰম প্ৰকাশভঙ্গী। তেওঁৰ বক্তব্য উপস্থাপনত ক’তো কোনো ধৰনৰ অস্বাভাৱিতা নাই। দৈনন্দিন জীৱনত ব্যৱহৃত সহজ সৰল কথনভঙ্গী, জতুৱা ঠাঁচৰ ব্যৱহাৰ আৰু উপমাৰ সঠিক প্ৰয়োগে বৰদলৈৰ সাহিত্যক জনপ্ৰিয় কৰি তুলিছে।       

 ---

ব
লেখকৰ পৰিচয়

বাসুদেব দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)