অভিজিত শৰ্মা বৰুৱা
বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো
একক দ্ৰব্য আচলতে একোটা ৰাসায়নিক পদাৰ্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ
পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্ৰিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব
পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা শিক্ষা,
বুদ্ধি-বৃত্তি-কৌশল, উদ্ভাৱনী সামৰ্থ্য খটুৱাই কিবা এটা নতুন সামগ্ৰী নিৰ্মাণ বা প্ৰস্তুত কৰিছোঁ বুলি গৌৰৱ কৰিব পাৰোঁ, পিছে প্ৰকৃততে সেই বস্তুটো গঠন কৰা ৰাসায়নিক পদাৰ্থবোৰৰ
এটা অণুওতো আমি সৃষ্টি কৰিব পৰা নাই! তেন্তে আমি কিনো কৰিলোঁ? আমি মাত্ৰ প্ৰকৃতিত
উপলব্ধ ৰাসায়নিক দ্ৰব্যবোৰ, অধিক শুদ্ধকৈ ক’বলৈ গ’লে সেই দ্ৰব্যবোৰৰ
অণুবোৰক অলপ ‘ইফাল-সিফাল’ কৰিলোঁ। ৰসায়ন বিজ্ঞানৰ জ্ঞান নথকা হ’লে আমাৰ বাবে
পৃথিৱীখন অধিক দুৰ্বোধ্য হৈ পৰিলেহেঁতেন আৰু এতিয়া আমি যিমান উন্নত হৈ উঠিছোঁ, সিমান
কেতিয়াও হ’ব নোৱাৰিলোহেঁতেন।
প্ৰকৃততে কোনো বিজ্ঞানেই
অৰ্থাৎ বিজ্ঞানৰ কোনো শাখাই কেৱল সেইবিধ বিজ্ঞানৰ বিশুদ্ধ চৰ্চা নহয়। বিজ্ঞানৰ ইটো
শাখাৰ লগত সিটো শাখাৰ বেছ ওচৰ সম্পৰ্ক আছে আৰু লগতে সম্পৰ্ক আছে আধুনিক প্ৰযুক্তিৰো।
এই গাড়ী এখন যে ৰাস্তাৰে চলি গৈ আছে, বা কোনো কম্পিউটাৰে জটিল গণনা আৰু মানুহে
নিজা বল-বুদ্ধিৰে কৰিব নোৱৰা অজস্ৰ কাম কৰি আছে, তাৰ লগত জানো যান্ত্ৰিক-আভিযান্ত্ৰিক আৰু
ইলেকট্ৰনিক্সৰ লগতে ৰসায়ন বিজ্ঞানো জড়িত হৈ থকা নাই? নিশ্চয় আছে। সেয়ে এতিয়া
আধুনিক প্ৰযুক্তিৰে কোনো এটা প্ৰকল্প আৰম্ভ কৰাৰ সময়ত সেই প্ৰকল্পৰ দলটোত
পদাৰ্থবিজ্ঞানী, ৰসায়নবিজ্ঞানী, জীৱবিজ্ঞানী আদি লোককো অন্তৰ্ভুক্ত কৰি লোৱা হয়,
যাতে তেনে বিষয়ৰ সমস্যা হ’লে সেইসকলে তেনে সমস্যাৰ সমাধান কৰিব পাৰে। ধৰা হওক,
মহাকাশলৈ এটা ৰকেট বা মহাকাশযান এখন পঠিয়াব লাগে। সেই কাম কি ৰসায়নবিজ্ঞানী
নোহোৱাকৈ কেৱল মহাকাশ বিজ্ঞানীৰে সম্ভৱ হ’ব। আন নহ’লেও সঠিক ইন্ধন নিৰ্বাচন কৰাৰ
ক্ষেত্ৰত একা?
প্লাষ্টিক, এলুমিনিয়াম,
ষ্টীল, কাঁচ, ভলকেনাইজড ৰবৰ, পেইণ্ট, কেৰাচিন, ডিজেল আদিৰ ব্যৱহাৰ নোহোৱাকৈ এতিয়াৰ
আধুনিক বিশ্বৰ প্ৰায়ভাগ সামগ্ৰীৰে
নিৰ্মাণ সম্ভৱ নহয়। পিছে এই বস্তুবোৰৰ যোগান ধৰিব পাৰে ৰাসায়নিক
উদ্যোগসমূহেহে। এতিয়া প্ৰযুক্তিবিদসকলে তেওঁলোকৰ কাম-কাজৰ বাবে ৰসায়নবিজ্ঞানীৰ ওপৰত
যথেষ্ট নিৰ্ভৰ কৰে। তেওঁলোকে হোটেলত আহাৰ অৰ্ডাৰ দিয়াৰ দৰে অৰ্ডাৰ দিয়ে – ‘আমাক
উচ্চ উষ্ণতা সহ্য কৰিব পৰা দ্ৰব্য লাগে’ বা ‘উচ্চ চাপতো একো খতি-খুন নোহোৱা পদাৰ্থ
লাগে’ অথবা ‘ইলেকট্ৰনিক আৰু আলোকীয় যোগাযোগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাবিধৰ দ্ৰব্য
লাগে’। এতিয়া এই ধৰণৰ দ্ৰব্য প্ৰস্তুত কৰি দিব ৰসায়ন বিজ্ঞানীয়ে। উৰাজাহাজ বা
মহাকাশযান নিৰ্মাণৰ লগত জড়িত প্ৰযুক্তিবিদসকলে হয়তো হিচাপ-নিকাচ কৰি ক’ব যে
তেওঁলোকক দৃঢ়, শক্তিশালী, অনমনীয়, তাপ প্ৰতিৰোধী; কিন্তু যথেষ্ট পাতল দ্ৰব্য লাগে।
সেই দ্ৰব্য প্ৰস্তুত কৰিবলৈওতো ৰসায়ন বিজ্ঞানৰ জ্ঞানেই দৰকাৰ হ’ব। ৰসায়ন
বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাত যোৱা তিনিশমান বছৰত এনে কিছুমান চমকপ্ৰদ দ্ৰব্য
ওলাইছে, যিবোৰে প্ৰযুক্তিবিদসকলৰ লগতে সাধাৰণ মানুহকো যথেষ্ট উপকৃত কৰিব পাৰিছে।
আচলতে মৌলিক ৰাসায়নিক পদাৰ্থসমূহৰ
তালিকাসম্বলিত পৰ্যাবৃত্ত তালিকাৰ আৱিষ্কাৰৰ পাছতে দ্ৰব্য বিজ্ঞানত এক বৈপ্লৱিক
পৰিবৰ্তন দেখা গ’ল। কাৰণ সেই তালিকাৰ পৰা কোন মৌলিক পদাৰ্থৰ ৰাসায়নিক আৰু ভৌতিক
ধৰ্ম কেনে হ’ব পাৰে, তাৰ এক প্ৰণালীবদ্ধ ধাৰণা কৰিব পৰা গ’ল আৰু ই নতুন প্ৰযুক্তিৰ
প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ উপযুক্ত দ্ৰব্য নিৰ্বাচন কৰাত বিজ্ঞানীসকলক প্ৰভূত
সহায় কৰিলে। এতিয়া মূলতঃ নতুন তথা উপযুক্ত দ্ৰব্য নিৰ্বাচনত ৰসায়ন বিজ্ঞানে প্ৰায়
অসাধ্য সাধন কৰি দেখুৱাইছে। তদুপৰি অৱক্ষয়ৰ (Corrosion) দৰে বিদ্যুৎ ৰাসায়নিক
প্ৰক্ৰিয়াসমূহ ৰোধ কৰা, একে ধৰ্মীয় দ্ৰব্য উৎপাদন কৰিবলৈ কম খৰচী উপায় উদ্ভাৱন কৰা
আদিতো ৰসায়ন বিজ্ঞানৰ অৱদান গুৰুত্বপূৰ্ণ। সেই প্ৰাগৈতিহাসিক যুগৰেপৰা এতিয়ালৈকে
মানুহে প্ৰতিটো বস্তু নিজাকৈ তৈয়াৰ কৰোঁতে জানি বা নাজানি ৰসায়ন বিজ্ঞানৰ ব্যৱহাৰকে কৰি
আহিছে।
সেউজীয়া উদ্ভিদে যে নিজৰ লগতে আমাৰ বাবেও খাদ্য প্ৰস্তুত
কৰে, সেয়া তো ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তেই! আমাৰ মস্তিষ্কত যে বিভিন্ন ভাবৰ সৃষ্টি
হয়, তাৰ কাৰণো কোষীয় পৰ্যায়ত সংঘটিত কিছুমান জটিল ৰাসায়নিক বিক্ৰিয়া। আমি আকাশত যিবোৰ
নক্ষত্ৰ দেখি থাকোঁ সেইবোৰত ৰাসায়নিক পদাৰ্থসমূহৰ ৰাসায়নিক বিক্ৰিয়াই সংঘটিত হৈ
থাকে। প্ৰতিটো ধূলিকণা আচলতে বেলেগ বেলেগ সংযুক্তিৰ ৰাসায়নিক দ্ৰব্য। আমাৰ বাবে প্ৰস্তুত
সুস্বাদু আহাৰ প্ৰকৃততে বিশেষ ৰাসায়নিক দ্ৰব্য; চৰ্বিৰ অণুৰপৰা কেণ্টাকি চিকেনলৈকে
সকলো ৰাসায়নিক দ্ৰব্য। মুঠতে সকলো বস্তুৱেই ৰাসায়নিক দ্ৰব্য। সেই হিচাপত আমাৰ
পৃথিৱীও এক ৰাসায়নিক বিশ্ব।
আধুনিক প্ৰযুক্তিৰ অজস্ৰ ক্ষেত্ৰত ৰসায়ন বিজ্ঞানৰ
গুৰুত্বপূৰ্ণ প্ৰয়োগ আছে। সেইবোৰৰ কেইটামান হ’ল – আধুনিক দৰৱ তৈয়াৰ, নতুন কাগজ
তৈয়াৰ কৰা প্ৰযুক্তিত বিশেষ ৰাসায়নিক দ্ৰব্য, পেকেজিং সামগ্ৰী উৎপাদনৰ বাবে চেলুল’জ
তন্তু, ৰিচাইকল (Recycle) কৰা সামগ্ৰীৰ বৰণ গুচাবলৈ বিশেষ ৰাসায়নিক
দ্ৰব্য, প্ৰদূষক দ্ৰব্যক আন উপকাৰী
দ্ৰব্যলৈ ৰূপান্তৰিত কৰা, উৰাজাহাজ-মটৰ গাড়ী আদিৰ অংশ নিৰ্মাণ, প্ৰস্তুত খাদ্যৰ
পেকেজিং, বাল্টি, মগ, ঘৰৰ চাল আদি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰীৰ উৎপাদন,
টেলিভিছন-কম্পিউটাৰ নিৰ্মাণ, সাৰ প্ৰস্তুতকৰণ আদি।
আমি যদি ধৰি লওঁ যে আমাৰ ওচৰত
সকলো বিজ্ঞানৰে জ্ঞান আছে, কেৱল ৰসায়ন বিজ্ঞানৰহে জ্ঞান নাই, তেতিয়া বাৰু আমি কি
কি নাপালোহেঁতেন?
· প্লাষ্টিক নাই। মানে প্লাষ্টিকৰ মোনা নাই, চি ডি – পে’ন ড্ৰাইভ নাই, প্লাষ্টিকৰ কাপ-প্লেট নাই, চেল’টেপ নাই, নাইলন-ৰেয়ন আদি কাপোৰ নাই, গাড়ী বা মটৰ চাইকেলৰো বেছি অংশ নাই।
· গাড়ী চলোৱাৰ উপায় নাই। উৰাজাহাজতো ক’ৰবালৈ যাবলৈ উপায় নাই। কাৰণ পেট্ৰ’ল, গেছ’লিন নাই!
· কোনো ফাৰ্মাচিউটিকেল সামগ্ৰী নাই। আধুনিক দৰৱ নাই, এছপিৰিন
নাই, পেইন কিলাৰ নাই।
· ইফালে পানীৰপৰা উৎপত্তি হোৱা বেমাৰৰ ৰোগীৰে হস্পিটেল-নাৰ্ছিং হ’ম ভৰ্তি। কাৰণ ‘ৱাটাৰ পিউৰিফায়াৰ’ নাই।
·
সাংশ্লেষিক সাৰ নাই। কীটনাশক দ্ৰব্য নাই। উৎপাদন বৃদ্ধি কৰাত
সমস্যা, বহু ঠাইত আকাল আৰু দুৰ্ভিক্ষ।
· কোনো পেইণ্ট নাই, প্ৰসাধনৰ সামগ্ৰী নাই, প্ৰচেছ কৰা খাদ্য
নাই, উৎপাদিত শস্য আৰু খাদ্য বহুদিনলৈকে ভাল কৰি ৰখাৰ উপায় নাই।
·
এয়াৰ কণ্ডিছনাৰ (Air Conditioner – AC) নাই, ৰেফ্ৰিজাৰেটৰ
নাই।
· চাবোন নাই, চাফা কৰা সামগ্ৰী নাই, ফ’টোগ্ৰাফি নাই, টেলিভিছন, ৰেডিঅ’ – একো নাই।
·
কম্পিউটাৰ নাই, আঠা নাই, বেটাৰী নাই, ঘৰত বিদ্যুৎ নাই।
·
নাই মানে একোৱেই নাই। পুনৰ গুহা যুগলৈ উভতি গৈ গুহাত বাস কৰি
শিল দলিয়াই জন্তু চিকাৰ কৰাৰ বিকল্প নাই।
আমি যদি গভীৰভাৱে ভাবি
চাওঁ, তেন্তে এটা সত্য উপলব্ধি কৰিম যে আচলতে ৰসায়নেহে আমাক জীয়াই ৰাখিছে। আমাৰ
দেহত প্ৰায় প্ৰতি মুহূৰ্ততে ঘটি থকা ৰাসায়নিক বিক্ৰিয়াবোৰ যদি নঘটিলেহেঁতেন,
খাদ্যবস্তুৰ দহন, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া হৈ যদি শক্তি উৎপন্ন নহ’লহেঁতেন,
তেন্তে আমি কেনেকৈ জীয়াই থাকিলোহেঁতেন?
ৰসায়নে যে আমাৰ জীৱন সহজ কৰি
তুলিছে, কেৱল সেয়ে নহয়, পৰম সত্যটো হ’ল যে আমি এই বিশ্বত জীয়াই থকাটো ৰসায়নৰ
বাবেহে সম্ভৱ হৈছে।
***
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)