৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ'দে বৰষুণে ইমান যে গান -১৪

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৫ মাৰ্চ, ২০২৫
১১ মিনিট পঠন • ৩৪৫০ বাৰ পঢ়া হৈছে

 লোকনাথ গোস্বামী

(১) 

গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷

গাঁৱৰ  প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো এক কাহিনী আছে৷ বদনদাই তেতিয়া কলিবাৰী এল পি স্কুলত শিক্ষকতা কৰিছিল৷ হে’ডমাষ্টৰ আছিল ডিম্বেশ্বৰ মহন্ত (বৰ্তমান প্ৰয়াত)৷ তাতে মোৰ ভিনদেউ গোকুল গোস্বামী (বৰ্তমান প্ৰয়াত)য়েও শিক্ষকতা কৰিছিল৷ মই কলিবাৰীৰ বাইদেউহঁতৰ ঘৰখনলৈ প্ৰায়েই গৈছিলোঁ৷ কলিবাৰী স্কুলৰ সকলোৱে মোক সেয়ে চিনি পাইছিল৷ এবাৰ স্কুলৰ বাৰ্ষিক অনুষ্ঠান এটা বাণ থিয়েটাৰত আয়োজন কৰা হৈছিল৷ তাত মোক বৰগীত গোৱাবলৈ বদনদাই গাঁৱৰ ঘৰৰ পৰা চাইকেলত তুলি লৈ গৈছিল৷ বাইদেউহঁতৰ ঘৰতে চুৰিয়া-পাঞ্জাবী পিন্ধাই মোক বাণ থিয়েটাৰলৈ লৈ গ’ল৷ আৰম্ভণিতে বৰগীতটো গাবলৈ দিলে আৰু ময়ো যিমান পাৰো ভালকৈ গালোঁ৷ বৰগীতটো গাই উঠাৰ পাছত বদনদাই মোক সম্মুখত বহি থকা বৰ শকত-আৱত মানুহ এজনৰ ওচৰলৈ লৈ গ’ল৷ সেই মানুহজনে বোলে বদনদাক মোক তেখেতৰ ওচৰলৈ লৈ যাবলৈ কৈছিল৷ মানুহজনে হাতখনত ধৰি মোক মৰম কৰিলে আৰু বৰগীত কাৰ ওচৰত শিকিছোঁ সুধিলে, ময়ো যি পাৰোঁ ক’লোঁ৷ সেই শকত-আৱত মানুহজনেই আছিল বিষ্ণুপ্ৰসাদ ৰাভা, পাছত বদনদাই তেখেতৰ বিষয়ে মোক কওঁতেহে জানিব পাৰিলোঁ৷ তেনেকৈয়ে বাণ থিয়েটাৰৰ মজিয়াত জীৱনত প্ৰথম বাৰলৈ ভৰি দিয়াৰ সৌভাগ্য ঘটাৰ লগতে কলাগুৰুগৰাকীক সমুখত লগ পোৱাৰ বিৰল সুযোগ মিলিছিল৷ সেই সময়ত বাণ থিয়েটাৰত কিবা অনুষ্ঠান অনুষ্ঠিত হ’লে দৰ্শকৰ প্ৰথম শাৰীত বিষ্ণু ৰাভা, ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামীৰ দৰে ওচৰ-পাজৰৰ মানুহখিনিয়েই আহি প্ৰায়ে বহিছিলহি ৷                                 

                                                           (২) 

মোৰ ডাঙৰদাদা (নৰেন গোস্বামী, বৰ্তমান প্ৰয়াত)য়েও চাইকেলৰ আগত তুলি টাউনৰ কিছুমান অনুষ্ঠানলৈ মোক লৈ গৈছিল বৰগীত গোৱাবলৈ৷ দাদাই নিজে খোল বজাইছিল৷ তেনেকৈ মাজুদাদা (মোহিনী গোস্বামী)য়েও গাঁৱৰ বা স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিবৰ বাবে নিজেই কবিতা লেখি মোক আবৃত্তি কৰিবলৈ শিকাইছিল৷ তেনে এটা কবিতাৰ প্ৰথম শাৰী এনেকুৱা আছিল-

                 তীখৰ বাখৰ নাম মোৰ, জাপৰিগোগত ঘৰ

                 পঢ়াৰ নাম শুনিলেই মই ভিৰাই মাৰোঁ লৰ -

এইখিনিতে গাঁৱৰ কথা এটালৈ আজি মনত পৰিছে৷ আমাৰ ঘৰখন গাঁওখনৰ একেবাৰে এটা মূৰত অৰ্থাৎ খনাজানৰ পাৰত আছিল৷ গাঁৱৰ যিকোনো অনুষ্ঠান চাবলৈ, দোকানৰ বস্তু আনিবলৈ, পুথিভঁৰালৰ পৰা কিতাপ নিবলৈ হ’লেও অথবা ৰাজহুৱা পুথিভঁৰালত চৰকাৰে যোগান ধৰা ৰেডিঅ’ৰ অনুষ্ঠান আদি শুনিবলৈ গাঁওখনৰ আনটো মূৰলৈ যাবলগীয়া হৈছিল৷ সেই কথাটোৱে মোক বৰ আমনি কৰিছিল৷ কিয়নো আমাৰ চুবুৰীটোৰ সৈতে সংযোজিত হৈ মূল গাঁওখনৰ মাজত এটা আলি-কেঁকুৰি আছিল৷ এই আলি-কেঁকুৰীটোৰ দুয়োফালে মানুহৰ বসবাস নাছিল৷ তাতে আছিল এজোপা বিয়াগোম তেঁতেলি গছ৷ গছজোপাৰ ডাল-পাতে গোটেই পথছোৱা আৱৰি ৰখাৰ ফলত ঠাইখিনি দিনতে এন্ধাৰ হৈ পৰে৷ তাতে মানুহবিলাকে কোৱা শুনো দিনতে ভূত ওলাই বুলি৷ সেই কাৰণে তেঁতেলি তলৰ ভূতৰ ভয়ত আমি খনাজানৰ পাৰৰ ল’ৰা-ছোৱালীখিনি প্ৰায়েই জাক পাতিহে ভাওনা-থিয়েটাৰ চাবলৈ যাবলগীয়া হয়৷ তেঁতেলি জোপাৰ কাষতে আকৌ এখন এৰাবাৰী আছে৷ এই এৰাবাৰীখনৰ মাজেদি এটা লুংলুঙীয়া বাট গৈছে, যিটোক গৰুবাট বুলি জনা যায়৷ সেই লুংলুঙীয়া বাটটোৰে গ’লে ডিপোতা নৈৰ আঁৰিমৰা ঘাটত ওলাব পাৰি৷ গাঁৱৰ বা চুবুৰীৰ মানুহখিনি এই বাটটোৱেদিয়েই গৰু-গাই চৰাবলৈ, খেতি-বাতি কৰিবলৈ বা মাছ ধৰিবলৈ অহা-যোৱা কৰে৷ ডিপোতা নৈলৈও এইপিনেদি বহু চমু হয়৷ আমি দিনতে অইন মানুহ বা লগৰ ল’ৰা-ছোৱালী লগ পালেহে সেই বাটটোৱেদি যাবলৈ সাহস গোটাওঁ৷ ৰাতি  হ’লেতো অকলে যোৱাৰ প্ৰশ্নই নুঠে ৷

                                                         (৩)

শৈশৱৰ পৰা গাঁৱত পাৰ কৰা দীঘলীয়া সময়খিনিত তিতা-মিঠা বিচিত্ৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ বিশেষকৈ গাঁৱৰ লগৰ ল’ৰা-ছোৱালীবিলাকৰ মুখত কিছুমান বৰ আমোদজনক ঘটনাৰ কথা শুনিবলৈ পাইছিলোঁ৷ গাঁৱলৈ তেতিয়া গাড়ী-মটৰ আহিলেই ল’ৰা-ছোৱালীবিলাক ৰাষ্টালৈ দৌৰি চাবলৈ চিঞৰ-বাখৰ কৰি ওলাই আহে৷ সেই চিঞৰ-বাখৰ শুনাৰ লগে লগে ময়ো যেনেকৈ থাকোঁ তেনেকৈয়ে লগে লগে ৰাস্তালৈ লৰ মাৰোঁ৷ এবাৰ তেনেকৈ অহা গাড়ী এখনৰ পিছফালে ড্ৰাইভাৰে গম নোপোৱাকৈ ওলমি দিলোঁ৷ ভাবিছিলোঁ গাড়ীখন ৰ’লেই জাঁপ মাৰি দিম৷ কিন্তু গাড়ীখন নৰয় হে নৰয়৷ কিয়নো ড্ৰাইভাৰে মই ওলমি যোৱা কথাটো মুঠেও নেজানে, মনে মনেহে ওলমিছিলোঁ৷ মই গাড়ীখন টাউনলৈ গুচি যাব বুলি ভাবি ভয়তে চলন্ত গাড়ীৰ পৰা চেগ চাই জাঁপ মাৰি দিলোঁ আৰু ৰাষ্টাৰ দাঁতিত গৈ উফৰি পৰিলোঁগৈ৷ ড্ৰাইভাৰে টলকিবই পৰা নাছিল ঘটনাটো৷ কিবা এটা পৰি যোৱা বুলি ভাবি গাড়ীখন ৰখাই নামি দেখে ৰাষ্টাৰ দাঁতিত ল’ৰা এটা কৰ্ফাল খাই পৰি আছে৷ দৌৰি আহি উঠাই দিলে৷ ময়ো উঠি কোনোমতে উঠি  বহিলোঁ আৰু  ভয় খাই আচল কথাটো কৈ দিলোঁ৷ ড্ৰাইভাৰজনে মস্ত ধমক এটা দি গাড়ী চলাই গুচি গ’ল৷ ময়ো লাহে লাহে আহি ঘৰ পালোঁহি৷ ভাগ্যে মোৰ বিশেষ একো হোৱা নাছিল আৰু কথাটো ঘৰত কোনেও জনাও নাছিল, ময়ো ক’বলৈ সাহ নকৰিলোঁ৷

তেনেকৈ এবাৰ খাকী পোছাক পিন্ধা ডেকা মানুহ এজন ভটভটী এখন লৈ মোৰ লগৰে লালীয়া-গেলাহঁতৰ ঘৰলৈ আহিছিল৷ স্কুলৰ পৰা আহি খাই-বৈ আবেলি ঘৰতে আছিলোঁ৷ ভটভটীৰ শব্দ শুনি একে দৌৰে গৈ লালীয়াহঁতৰ চোতাল পালোঁগৈ৷ তাত গৈ দেখিলোঁ মোতকৈও আগতে অকণ, বলীন, তৰুণ, কোমলহঁতে ভটভটীখন বেঢ়ি লৈ কিবা নেদেখা বস্তু চোৱাদি চাই আছে৷ ঠিক সেই সময়তে মই গৈ সিহঁতক ঠিলি ভটভটীখনৰ একেবাৰে ওচৰ পালোঁগৈ৷ চাই থাকোঁতে দেখিলোঁ পিতলৰ দৰে হালধীয়া কিবা এডাল (চাইলেঞ্চাৰডাল) সোণ জিলিকাদি জিলিকি আছে৷ মোৰ চুই চাবলৈ বৰ মন গ’ল৷ ওচৰতে ৰৈ থকা তৰুণদাক সুধিলোঁ সেইডালনো কি বুলি৷ তৰুণদায়ো  ফূৰ্তিতে মোক চুই চাবলৈ ক’লে৷ পৰম উৎসাহেৰে বীৰৰ দৰে সেইডাল সোঁহাতখনেৰে চুই দিলোঁ৷ লগে লগে বিকট চিঞৰ এটা ওলাই গ’ল মুখেৰে৷ সোঁহাতৰ তলুৱাখন জ্বলি গ’ল৷ বিষত তৎ নাই৷ কান্দি কান্দি ঘৰ পালোহি৷ ঘৰত হাতখনৰ সেই অৱস্থা দেখি কেনেকৈ হ’বলৈ পালে বুলি সোঁধোতে তৰুণদাৰ কথা কৈ দিলোঁ৷ সৰুদাদা (কুমদ গোস্বামী)ই লগে লগেই গৈ তৰুণদাক পাৰেমানে ধমক দিলেগৈ সৰু ল’ৰাটোৰ এনেকুৱা অৱস্থা কৰাৰ কাৰণে৷ তৰুণদায়ো আচলতে ধেমালিহে কৰিছিল, সেই জিনিচটো যে (চাইলেঞ্চাৰ)যে ইমান উত্তপ্ত হব পাৰে বুলি তেৱোঁ জনা নাছিল ৷ 

মাজে মাজে ভটভটী চলোৱা ডেকাজন সেই ঘৰখনলৈ আহে, আহোঁতে ঘৰখনলৈ কিবাকিবি খোৱা বস্তু, মিঠাই আদি লৈ আহে৷ ল’ৰা-ছোৱালীবিলাক গ’লে খাবলৈ দিয়ে৷ সেই মিঠাই খোৱাৰ লোভতে ল’ৰা-ছোৱালীবিলাক গৈ চোতালত জুম বান্ধে৷ মই কিন্তু সেই ঘটনাটো ঘটাৰ পাছত কোনো দিন তালৈ যোৱা নাছিলোঁ৷

ডেকা মানুহজন সেই ঘৰখনলৈ অহাৰ কাৰণ আমি জনা নাছিলোঁ বা জনাৰ আৱশ্যকো নাছিল৷ মতলবটো পাছতহে ওলাল৷ সেই ঘৰখনত দুজনীমান গাভৰু ছোৱালী আছিল৷ তাৰে ডাঙৰজনীৰ সৈতে সেই ভট্‌ভটী লৈ অহা ডেকাজনে গুপুতে হিয়া দিয়া-নিয়া কৰিছিল বোলে৷ তাৰ কিছুদিনৰ পাছতহে উৰহী গছৰ ওৰ ওলাল৷ সিদিনা গাঁৱত ভাওনা আছিল, চান্দ সদাগৰ ভাওনা৷ বহুদিনৰ পৰা আখৰা চলি আছিল বৰ নামঘৰত৷ সেই ডেকাজনে খবৰ ৰাখি আছিল ভাওনাৰ দিনটোৰ কথা৷ ভাওনা চাবলৈ বুলি গাঁৱৰ ৰাইজ বৰ নামঘৰলৈ দলে-বলে ওলাইছে৷ ঠিক তেনেকুৱা সময়তে সেই ভট্‌ভটী চলোৱা মানুহজন আহিল সেই ঘৰখনলৈ৷ ঘৰৰ লগতে চুবুৰীৰ মানুহ ভাওনা চাবলৈ বুলি উথপ-থপ লগাই থকাৰ সময়তেই ভটভটীত উঠি অহা মানুহজনে সেই ঘৰখনৰ ডাঙৰ ছোৱালীজনীক উঠাই তাৰ পৰা উধাও হ’ল, কোনেও টলকিবই নোৱাৰিলে একো৷  ঘৰখনৰ বা চুবুৰীয়া মানুহবিলাকে ছোৱালী ভাওনা চাবলৈকে যোৱা বুলি ভাবিছিল৷ কিন্তু ভাওনাৰ পৰা উভতি ঘৰলৈ অহাৰ পাছতহে ৰহস্য ভেদ হ’ল৷ ইমানদিনে ভটভটী চলাই ডেকা ল’ৰা সেই ঘৰখনলৈ এনেয়ে অহা নাছিল। ঘৰৰ ডাঙৰ ছোৱালীজনী তেওঁৰ চকুত পৰিছিল আৰু ছোৱালীজনীৰো মন খাইছিল ল’ৰাটোৰ সৈতে৷ গতিকে সুবিধা বুজি ভাওনাৰ উথপ-থপৰ মাজতে ডেকাল’ৰা গাঁৱৰ ছোৱালী লৈ উধাও৷ মাকজনীয়ে চোতালত বাগৰি বাগৰি ৰাউচি জুৰি কান্দিলেহে কান্দিলে, ছোৱালী কোনখিনি পালেগৈ তাৰ ভূ কেনেকৈ পাব ?

                                                        (৪)

তাহানি গাঁৱত এনেবিলাক ঘটনা প্ৰায়ে ঘটিছিল৷ আমি লগৰ ল’ৰা-ছোৱালীবিলাকৰ মুখত স্কুললৈ যাওঁতে বা খেলিবলৈ যাওঁতে কাহিনীবিলাক শুনি কেতিয়াবা তেনেই তবধ মানিছিলোঁ। আকৌ কেতিয়াবা আমোদো পাইছিলোঁ৷ ভাওনা বা থিয়েটাৰ চাবলৈ যাওঁতেই এনে ধৰণৰ পলাই যোৱা বা পলুৱাই নিয়াৰ ঘটনা প্ৰায়েই শুনিছিলোঁ৷ এবাৰ পথাৰৰ পৰা পকা ধান দাই গৰু গাড়ীত বোজাই কৰি ঘৰলৈ আহি থাকোঁতে পিছফালে কেতিয়া কেনেকৈ নিজৰ প্ৰেমিকাগৰাকী ওলমি আহি প্ৰেমিকৰ বৰঘৰত সোমালহি প্ৰেমিকে হেনো কোনো উৱাদিহেই নাপালে৷ গাড়ীৰ পৰা নামিহে গম পালে৷ এনেবিলাক ঘটনা গাঁৱত ঘটিলে কেতিয়াবা নামঘৰত ৰাইজৰ মেল বহে, তাতে বিচাৰো হয়৷ ৰাইজে যি ৰায় দিয়ে, তাকে উভয় পক্ষই মানি লয়৷ জাত-পাত, উচ্চ-নীচৰ প্ৰসংগ আহিলে, তাক লৈয়ো বিচাৰ হয়৷ বিচাৰ কৰি সমাজৰ পৰা এঘৰীয়া কৰা, পাছত ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খুজি, মাছে-মঙহে ভোজ-ভাত খুৱাই প্ৰায়চিত্ত হৈ উদ্ধাৰ হোৱাৰ নজিৰো কম নাছিল ৷

(ক্ৰমশঃ)

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)