৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ’দে বৰষুণে কিমান যে গান - ১৭

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৪ জুন, ২০২৫
১১ মিনিট পঠন • ৩৬১৩ বাৰ পঢ়া হৈছে

  লোকনাথ গোস্বামী

(মন দাপোণত - ১০)

 (১)

                            

 স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ :

হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে সেই দীঘলীয়া সময়ছোৱাৰো বহু ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোনৰ কাহিনী আছে৷ সেই সময়ছোৱা কবলৈ গ’লে আমাৰ গাঁৱৰ ঘৰখনৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিল৷ দেউতাৰ উপাৰ্জন বুলিবলৈ আগৰে পৰা নাছিলেই৷ সত্ৰৰ শিচ-ভকতৰ আহ-যাহো ক্ৰমাৎ কমি আহিছিল৷ পূৰ্বৰ দৰে গাঁৱৰ ৰাইজৰ খেতি-বাতিৰ ফচলো ঘৰখনলৈ অহাটো কমিছিল৷ মোৰ ওপৰৰ বাইদেউ (বুলু বাইদেউ)ক কম বয়সতে বিয়া দি উলিয়াই দিয়া কথাটো মনত আছে৷ পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই বিয়া দিছিল৷ তেতিয়া দেউতাই ঘৰৰ মাটি বিক্ৰী কৰি বিয়াৰ খৰচ উলিয়াইছিল বুলি জানিছিলোঁ৷ দেউতাই জ্যোতিষশাস্ত্ৰ চৰ্চা কৰিছিল৷ ওচৰ-চুবুৰীয়াৰ বাহিৰেও দূৰ-দূৰণিৰ পৰা দেউতাৰ ওচৰলৈ মানুহ আহিছিল বিয়া-বাৰু, বিদ্যাৰম্ভ, অন্নপ্ৰাসন, চূড়াকৰণ আদিৰ শুভদিন, শুভক্ষণ চোৱাবৰ কাৰণে৷ জ্যোতিষ চৰ্চাৰ নামত দুই-এপইচা অৰ্জন কৰিছিল বুলি গম পাইছিলোঁ৷ বেছি খা-খৰচৰ কাম ওলালে ভঁৰালৰ গুটিধান উলিয়াই বিন্দুকুৰি হাটলৈ পঠোৱাও দেখিছোঁ৷ দেউতাই কেতিয়াবা শিচ-ভকতসকলকো কয় নতুন ধান চপোৱাৰ পাছত সম্ভৱ হ’লে গোসাঁই ঘৰলৈ বুলি আগ বঢ়াবলৈ৷ কেতিয়াবা মোক চাইকেলখন লৈ দ গাঁও, বাম গাঁৱৰ দুই-চাৰিজনৰ ঘৰলৈ যাবলৈ কয় কিবা এমুঠি আনিবৰ বাবে৷ তেওঁলোকেও গোসাঁই বাপু আহিছে বুলি এদোণ, দোদোণ ধান বস্তাত ভৰাই দিয়ে, মই চাইকেলৰ  ধূৰা দুডালৰ মাজত বস্তাটো দুইফালে ওলমাই দি চাইকেলখন ঠেলি ঠেলি ঘৰলৈ আহোঁ৷

বহু সময়ত বাৰীৰ আম, কঠাল, জামু, বাঁহ, গোহালিৰ গৰু-গাই আদিও দেউতাই আমাৰ পঢ়া, কাপোৰ-কানিৰ খৰচ উলিয়াবৰ কাৰণে বিক্ৰী কৰা দেখিছিলোঁ৷ দাদাহঁতক টাউনৰ চৰকাৰী পঢ়া-শুনা কৰাৰ সুবিধা কৰি দিছিল যদিও, চাইকেল একোখন যোগাৰ কৰি দিব নোৱাৰাৰ কাৰণে সাত-আঠ মাইল দূৰ খোজেৰে যাবলগীয়া হৈছিল৷ পাছলৈ আৰ্থিক অনাটনৰ কাৰণে দেউতাই উচ্চশিক্ষাৰ বাবে কলেজলৈ পঠিয়াব পৰা নাছিল দাদাহঁতক৷ তেনে এটা পৰিস্থিতিত ডাঙৰ দাদা আৰু মাজু দাদাই পৰ্বতীয়াৰ একেখন মজলীয়া স্কুলতে একেলগে চাকৰি কৰি সাময়িকভাৱে পৰিয়ালটোক সকাহ দিছিল৷ তেনেকুৱাতে মাজু দাদাই আধাতে পঢ়া-শুনা সামৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থান ‘এছ এছ বি’-ত চাকৰি পাই তাত যোগদান কৰিবলগীয়া হ’ল৷ ডাঙৰ দাদা (নৰেন দাদা)ই চাকৰিৰ সন্ধানত থকাৰ লগতে প্ৰাইভেটকৈ বি এ পৰীক্ষা দিবলৈ নিজকে প্ৰস্তুত কৰিছিল৷ দেউতাই নিজেও গাঁৱৰ পৰা খোজ কাঢ়ি গৈ চৰকাৰী অফিচত মানুহ লগ ধৰি চাকৰিৰ কাৰণে কথা পাতিছিল৷ তেনেকৈয়ে হয়তো ডাঙৰ দাদাই ডি চি অফিচত কেৰাণীৰ চাকৰি এটা পোৱাৰ পাছত দেউতাই কিছু সকাহ পালে৷ ডাঙৰ দাদা আৰু মাজু দাদাৰ চাকৰিৰ পইচাৰে ঘৰখন মোটামুটিকৈ চলি  আছিল৷ কেৰাণীৰ চাকৰি কৰি থাকোঁতেই নৰেন দাদাই প্ৰাইভেটকৈ ‘বি এ’ পৰীক্ষা  দি প্ৰথমবাৰ অকৃতকাৰ্য হৈছিল যদিও দ্বিতীয়বাৰলৈ কৃতকাৰ্য হৈছিল৷ আমাৰ গাঁওখনত নৰেনদা দ্বিতীয়জন স্নাতক আছিল৷ প্ৰথমজন আছিল দাদাৰ লগৰে দিমচাঁদ (পুতুদা) বৰা৷

আমাৰ ঘৰৰ পৰিয়ালটোৰ ল’ৰা-ছোৱলীৰ সংখ্যা আঠোটা আছিল যদিও ডাঙৰ বাইদেউৰ বিয়া আমাৰ জন্মৰ আগেয়েই হৈছিল কাৰণে ঘৰত দেখিবলৈ পোৱা নাছিলোঁ৷ দ্বিতীয়জনী বাইদেউক বিয়া দিবৰ সময়ত ভণ্টী ৰেণু বহুত সৰু আছিল৷ তাৰ পাছতহে ভাই বাবাৰ জন্ম হৈছিল৷ অৰ্থাৎ পৰিয়ালৰ সদস্যৰ সংখ্যা এফালে যদি কমিছিল, আনফালে বাঢ়িও গৈছিল৷  সেয়ে ঘৰৰ ইমানখিনি সদস্যৰ খোৱা-পিন্ধা, পঢ়া-শুনাৰ খা-খৰচৰ জোৰা-তাপলি মৰাটো প্ৰায় কঠিন হৈ পৰিছিল৷ গাঁৱৰ ঘৰ কাৰণে অৱশ্যে ধান-চাউল, মাছ-পুঠি, তৰি-তৰকাৰী, গাখীৰ আদি বেছিকৈ কিনিবলগীয়া হোৱা নাছিল৷ কিন্তু পঢ়া-শুনাৰ খৰচ বছৰি বছৰি বাঢ়ি গৈ আছিল৷

এবাৰ কোনোবা এদিন মই স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত তেনেই সৰু অথচ মনত ৰৈ যোৱা ঘটনা এটা ঘটিছিল৷ মোক স্কুললৈ ভাত খুৱাই পঠিয়াবলৈ ঘৰত এটাও চাউল নাছিল৷ মাই উপায়হীন হৈ সৰু দাদাক ওচৰৰ শম্ভূকাইৰ ঘৰলৈ চাউল বিচাৰি পঠিয়াইছিল৷ সৰুদাদাৰ হাতত শম্ভূকাইৰ ঘৈণীয়েকে বাওধানৰ ৰঙা চাউল এবাটি দি পঠিয়াইছিল আৰু মায়ে ততাতৈয়াকৈ তাকে চৰুত বহাই দিছিল৷ ভাত খাবলৈ গৈ ৰঙা চাউলৰ ভাত দেখি ‘এনেকুৱা ভাত নাখাওঁ’ বুলি উচাৎ মাৰি উঠি যাওঁতে মাই জোৰকৈ টানি আনি ভাতৰ পাতত বহুৱাই দিছিল৷ ময়ো উপাই নেপাই কান্দি কান্দি আধা খাই, আধা এৰি কাঁহীত পানী ঢালি উঠি গৈছিলোঁ৷ সেই কথাবিলাক মনত পৰিলে সেই সময়ৰ মাৰ অসহায় মুখখন আজিও চকুৰ আগত দুখ লগাকৈ ভাঁহি উঠে৷

স্কুলৰ কিতাপ-বহী কিনাৰো সমস্যা হৈছিল পইচাৰ অভাৱত৷ সেয়ে আমাৰ সমসাময়িক ওপৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকক সিহঁতৰ কিতাপবিলাক পৰীক্ষাৰ পিছত মোক দিবৰ বাবে আগতীয়াকৈ কৈ থৈছিলোঁ৷ লগৰ লগৰীয়াৰ পৰা বহু সময়ত ধাৰ কৰি আনিও পঢ়িবলগীয়া হৈছিল৷ তেনেকৈয়ে কিন্তু প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলোঁ৷

(২)

কলেজীয়া জীৱন আৰু ভাড়াঘৰৰ বিলৈ :

কলেজীয়া জীৱনৰ হাঁহি-কান্দোনৰ কাহিনী কৈ অন্ত পেলাব নোৱাৰি৷ ‘পি ইউ’ অৰ্থাৎ প্ৰাক-বিশ্ববিদ্যালয়ৰ এবছৰীয়া পৰীক্ষাৰ ফলাফল মুঠেও আশাব্যঞ্জক নোহোৱাত মনত বৰ দুখ লাগিছিল৷ কিন্তু সেয়া কেৱল মোৰেই দোষ বা দুৰ্বলতা আছিল বুলি ভাবিব পৰা নাছিলোঁ৷ নিজৰ ওপৰত মোৰ ভালেই বিশ্বাস আছিল৷ আচলতে প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ ইমান কম সময়ত আও-ভাৱেই নeপালোঁ৷ সেই সময়ত ঘৰখনত দিহা-পৰামৰ্শ দিয়া মানুহো নাছিল বুলি ক’ব পাৰি৷ দেউতা-মা একেবাৰে অনভিজ্ঞ আছিল এনেবিলাক বিষয়ত৷ দাদাহঁত আছিল তেনেই উদাসীন৷ কাৰোবাৰ উচতনিতে বুলি ক’ব লাগিব, বিজ্ঞান শাখাত নাম লগালোঁ পাছলৈ ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব পৰাকৈ৷ সেয়ে  জুল’জি, ব’টানি, কেমিষ্ট্ৰী, ফিজিক্স এই গোটেইবিলাক বিষয় লৈছিলোঁ৷ আটাইকেইটা বিষয়ৰে প্ৰেক্টিকেল ক্লাছ আছিল৷  সিবিলাক বিষয়ৰ ড্ৰয়িং আঁকি আঁকি এক প্ৰকাৰ ভাগৰি পৰিছিলোঁ৷ পুৱা আঠমান বজাতে এমুঠি খাই ঘৰৰ পৰা ওলাওঁ, ৰাতি আকৌ সাত-আঠ বজাত চাইকেল মাৰি ভাগৰি-জুগৰি ঘৰ সোমাওঁহি৷ ঘৰত পঢ়িবলৈ সময়েই মিলাব নোৱাৰোঁ৷ তদুপৰি ঘৰৰ কিছুমান কাম তাৰ মাজতে কৰিবলগীয়া হৈছিল অনিচ্ছা সত্ত্বেও৷ দোকান-বজাৰ, গৰু-গাই, পাকঘৰত মাক লাগনি-খৰি যোগান ধৰালৈকে কামৰ অন্ত নাছিল৷ তাৰ মাজতে গান-বাজনাৰ চৰ্চা চলিয়েই আছিল৷ ঘৰৰ বাকী মানুহখিনিয়ে কেৱল পঢ়াৰ টেবুলত বহি থকাটো বৰ ভাল নাপাইছিল৷ বিজ্ঞান বিষয়টোৰ জটিলতা সম্পৰ্কে কিমান বুজি পাইছিল, সেই লৈও সন্দেহ আছিল৷ ঘৰখনত অকল ময়েহে পঢ়িছিলোঁ বিজ্ঞান বিষয় লৈ৷ বিজ্ঞান পঢ়া, কেমিষ্ট্ৰীত অনাৰ্ছ লোৱা ইত্যাদিবিলাক মোৰ নিজৰেই সিদ্ধান্ত আছিল৷ বাকী কাৰো মূৰ ঘমাবলৈ সময় নাছিল৷

স্নাতক শ্ৰেণীত বি এছ ছি পঢ়া আৰু কেমিষ্ট্ৰীত অনাৰ্ছ লোৱাৰ সিদ্ধান্ত নিজে লোৱাৰ পিছত স্বাভাৱিকতে ঘৰৰ পৰা চাইকেল মাৰি, বোকা-পানী গছকি পঢ়া-শুনা কৰিব পাৰিম নে নোৱাৰিম বুলি ভয়ো খাইছিলোঁ৷ তেতিয়া তেজপুৰ টাউনত আমাৰ ঘৰুৱা তথা সম্পৰ্কীয় মানুহ বহুতো আছিল৷ তাৰে কাৰোবাৰ ঘৰত থাকি ডিগ্ৰীটো পঢ়িব পাৰিম নেকি চিন্তা কৰিবলৈ ধৰিলোঁ৷  দুই এঘৰত কথাটো উনুকিয়ায়ো চালোঁ, নাই, কাৰো পৰা তেনে কোনো সঁহাৰি নাপালোঁ৷  তাৰ মাজতে এঘৰত চেষ্টা এটা কৰিলোঁ৷ পৰ্বতীয়া (বৰ্তমান পাৰ্ৱতি নগৰ)ত আমাৰ ভিনদেউ এজনৰ ঘৰ আছিল৷ ভিনদেউ মানে আমাৰ আগৰগৰাকী মাৰ জীয়েক এজনীক তেখেতে বিয়া কৰাইছিল৷ তেখেতৰ নাম আছিল লোহিত গোস্বামী৷ প্ৰথমগৰাকী পত্নী ঢুকোৱাৰ পাছত ভিনদেৱে দ্বিতীয় বিৱাহ কৰায়৷ ঘৰখনত সদস্যৰ সংখ্যা ভালেমান আছিল৷ সেইগৰাকী বাইদউকে মোৰ কথাবিলাক এদিন কৈছিলোঁ৷ তেখেতেও সহানুভূতিৰে মোৰ কথাবিলাক শুনিছিল যদিও তাত থকাৰ কথা হ’লে ঘুণাক্ষৰেও কোৱা নাছিল৷ তথাপি নিজৰ মনেৰে ভাবিয়েই এদিনাখন টালি-টোপোলা কেইটামান বেগত ভৰাই, কিতাপ-পত্ৰখিনি লৈ ভিনদেউ-বাইদেউহঁতৰ ঘৰলৈকে কিছুদিন থকাৰ কথা ভাবি আহিলোঁ৷ তেনেদৰে হঠাৎ আহি বাইদেউহঁতৰ ঘৰত সোমাই দিয়াত বাইদেউ, লগতে ভাগিনহঁতো অপ্ৰস্তুত হৈছিল৷ মই দুখৰ কথাবিলাক ভাঙি-পাতি কোৱাৰ পাছত উপায়ন্তৰ হৈ বাৰাণ্ডাৰ ফালৰ সৰু ৰূম এটাতে থিতাপি ল’বলৈ ক’লে৷ তাৰ পৰাই চাইকেল লৈ যাবলগীয়া হৈছিল কলেজলৈ, যিহেতু পৰ্বতীয়াৰ পৰা দৰং কলেজলৈ তেতিয়াও ভালেখিনি দূৰ আছিল৷

ঘৰৰ পৰা গৈ পৰ্বতীয়াৰ লোহিত ভিনদেউহঁতৰ ঘৰত থাকি পঢ়া-শুনা কৰাৰ কথাটো শুনি মাই বৰ দুখ কৰিছিল৷ বেলেগৰ ঘৰত থাকি কেনেকৈ পঢ়িব, কেনেকৈ খাব ইত্যাদি কথাবোৰ ভাবি মাৰ চিন্তাৰ অন্ত নাই৷ কিয়নো তাৰ আগলৈকে আমাৰ ঘৰৰ পৰিয়ালৰ কোনো এজনো তেনেকৈ বেলেগৰ ঘৰত থাকি পঢ়া-শুনা কৰিবলগীয়া হোৱা নাছিল৷ ভিনদেউহঁতৰ ঘৰত থাকি তেনেকৈ বিশেষ অসুবিধা পোৱা নাছিলোঁ যদিও বৰ সুখীও নাছিলোঁ৷ খা-খৰচৰ কথা একো ভবা নাছিলোঁ বা কোৱাও নাছিলোঁ ভিনদেউহঁতৰ কাকো৷ এটা সময়ত তাৰ পৰাও ওলাই যোৱাৰ চিন্তা কৰিবলগীয়াত পৰিলো৷

(৩)

দুই-তিনিমাহমান যোৱাৰ পিছত স্নাতক শ্ৰেণীৰ দুজনমান সহপাঠীৰ সৈতে কথাটো আলচ কৰিলোঁ৷ তেওঁলোকেও ভাড়া ঘৰৰ কথা চিন্তা কৰি আছিল৷ এটা সময়ত কলেজৰ পৰা নাতিদূৰত মাজগাঁৱত ঘৰ এটা লগৰ এজনে বিচাৰি উলিয়ালে৷ পৰ্বতীয়াৰ পৰা এদিন সেই ভাড়াঘৰলৈ টালি-টোপোলা লৈ গুচি গ’লোঁ৷ তেওঁলোকৰ এজন আছিল শচীন বৰঠাকুৰ, তেওঁ জামুগুৰিৰ ধলাইবিলৰ আছিল৷ আনজন ৰাতুল শৰ্মা, তেওঁ আছিল চতিয়াৰ৷ ঘৰৰ মালিক আছিল মৃগেন বৰুৱা আৰু তেখেতৰ ভায়েকৰ নাম আছিল অৱনী বৰুৱা৷ ব্যৱহাৰ-পাতি বৰ ভাল আছিল৷ মই শনিবাৰে ঘৰলৈ আহি দেওবাৰে সন্ধিয়া বা সোমবাৰে পুৱাই ভাড়া ঘৰলৈ অহা-যোৱা কৰিছিলোঁ একমাত্ৰ মাৰ কাৰণে৷ মাৰ হাতে ভাতসাঁজ খোৱাৰ হেঁপাহ কিমান হ’ব পাৰে, সেয়া ভাষাৰে বুজাব নোৱাৰি৷ ভাড়াঘৰৰ শচীন আৰু ৰাতুল চোকা ল’ৰা আছিল৷ পুৱা গধূলি বেছ পঢ়া-শুনাত নিমগ্ন আছিল৷ মই আকৌ তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও প্ৰায়ে জড়িত হৈ থকাৰ কাৰণে পঢ়া-শুনাত মাজে মাজে যতিও পৰিছিল৷ ভাড়াঘৰত  আছিলোঁ যদিও এটা সংকটত পৰিবলগীয়া হৈছিল৷ ঘৰ ভাড়াটো নিয়মিত দিব পৰা নাছিলোঁ৷ স্থানীয় ‘বাগাৰিয়া ট্ৰাষ্ট’ এটাৰ পৰা মাহে বিছ টকাৰ জলপানি এটা পাইছিলোঁ যদিও তাৰে ভাড়াটো মিলাব পৰা নাছিলোঁ৷ সময়ত ঘৰভাড়া দিব নোৱৰা কাৰণে কিছুদিন ঘৰৰ পৰা অহা-যোৱা কৰিবলৈ লৈছিলোঁ৷ তাৰ মাজতে পাঠ্যক্ৰমৰ কিতাপখিনি আনিবলৈ গৈ গম পালোঁ লগৰ দুজনে কিতাপখিনি বাকচত তলা মাৰি ভৰাই থৈ দিছে৷ ঘৰভাড়া দিলেহে বোলে কিতাপখিনি বাকচৰ পৰা উলিয়াই দিব৷ মহা বিপদত পৰিলোঁ৷ টিউচন দুটা তাৰ মাজতে কৰিবলৈ ল’লোঁ৷ পাছত টিউচনৰ পইচাৰে ঘৰভাড়া আদায় দি কিতাপখিনি মোকলাই আনিলোঁ৷ ভাড়াঘৰৰ জীৱনৰ তাতে ইতি পৰিল৷ আকৌ দ গাঁৱৰ পৰা চাইকেল যাত্ৰা আৰম্ভ হ’ল৷

(ক্ৰমশঃ)

  

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)